২৬ ফেব্ৰুৱাৰীত নির্বাচন আয়োগে জাৰি কৰিব জাননী

২৬ ফেব্ৰুৱাৰীত নির্বাচন আয়োগে জাৰি কৰিব জাননী

 ৰঙিলী বাৰ্ত্তাসেৱা– ১৬ মাৰ্চত দেশৰ ৩৭খন ৰাজ্যসভাৰ আসনৰ বাবে ভোটগ্রহণ অনুষ্ঠিত হ’ব। ৰাজ্যসভাৰ ভোটক লৈ বুধবাৰে পুৱা বিজ্ঞপ্তি প্রকাশ কৰিছে নির্বাচন আয়োগে।  বিজ্ঞপ্তি অনুসৰি, ২৬ ফেব্ৰুৱাৰীত ৰাজ্যসভাৰ এই ৩৭খন আসনৰ নিৰ্বাচনৰ বাবে জাননী জাৰি কৰা হ’ব। ৫ মার্চ তাৰিখে মনোনয়ন-পত্র জমা দিয়াৰ অন্তিম দিন । মনোনয়ন-পত্ৰসমূহ চালিজাৰি চোৱা হ’ব ৬ মাৰ্চত ।  ৯ মার্চত  মনোনয়ন-পত্ৰ প্ৰত্যাহাৰৰ শেষ দিন । অৱশ্যে এখন আসনৰ বাবে কেৱল এজনেই মনোনয়ন-পত্র দাখিল কৰিলে তাত নিৰ্বাচনৰ প্রয়োজন নহ’ব। পশ্চিমবংগৰ ৫খন, মহাৰাষ্ট্ৰৰ ৭খন, ওড়িশাৰ ৪খন, তামিলনাডুৰ ৬খন, অসমৰ ৩খন, বিহাৰৰ ৫খন, ছত্তিশগড়ৰ ২খন, হাৰিয়ানাৰ ২খন, হিমাচল প্ৰদেশৰ এখন আৰু তেলেংগানাৰ দুখন আসনৰ বাবে নির্বাচন অনুষ্ঠিত হ’ব।