জয়ৰ ধাৰা অব্যাহত দক্ষিণ আফ্ৰিকাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ই চলিত টি- ২০ বিশ্বকাপত জয়ৰ ধাৰা অব্যাহত ৰাখিছে দক্ষিণ আফ্রিকাই। বুধবাৰে নতুন দিল্লীত অনুষ্ঠিত গ্রুপ ডিৰ অন্তিমখন মেচতো দক্ষিণ আফ্রিকাই সংযুক্ত আৰব আমিৰশ্বাহীক ৬ উইকেটত পৰাস্ত কৰে। দক্ষিণ আফ্রিকাই গ্ৰুপৰ চাৰিখন মেচৰ আটাইকেইখনতে জয়লাভ কৰি গ্রুপ ডিৰ পইন্ট তালিকাৰ শীর্ষ স্থানত আছে। এই মেচখনত ইউএইয়ে জয়ৰ বাবে বান্ধি দিয়া ১২৩ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি দক্ষিণ আফ্রিকাই ১৩.২ অভাৰত চাৰিটা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়। দেৱাল্ড ব্রেভিছে সর্বাধিক ৩৬ ৰান কৰাৰ লগতে ৰিয়ান ৰিকেলটনে ৩০ আৰু অধিনায়ক মাৰ্কৰামে ২৮ ৰানৰ অৱদান আগবঢ়ায়। ইয়াৰ পূর্বে প্রথমে বেটিং কৰিবলৈ আহি আলিছান ছাৰাফুৰ ৪৫ আৰু অধিনায়ক মহম্মদ ৱাছিমৰ ২২ ৰানৰ সহায়ত সংযুক্ত আৰব আমিৰশ্বাহীয়ে নিৰ্ধাৰিত ২০ অভাৰত ৬ উইকেটত ১২২ ৰান কৰে। দক্ষিণ আফ্রিকাৰ হৈ কৰ্বিন ব’চে সর্বাধিক তিনিটা উইকেট লয়।
