আজিৰে পৰা পৱিত্ৰ ৰমজান মাহ

আজিৰে পৰা পৱিত্ৰ ৰমজান মাহ

ৰঙিলী বাৰ্ত্তাসেৱা– পৰা সমগ্ৰ দেশৰ লগতে অসমতো ইছলাম ধৰ্মাৱলম্বী লোকে পালন কৰিব ৰমজানৰ ৰোজা। ৰমজানৰ ৰোজা উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকসকলে সম্পূর্ণ এমাহ উপবাসে থাকি পৰম কৰুণাময় আল্লাহৰ ওচৰত দোৱা-প্রার্থনা কৰিব। কালি অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ আকাশত জোন প্রত্যক্ষ কৰাৰ পিছতে কেন্দ্রীয় হিলাল কমিটীয়ে এই কথা সদৰী কৰে। ইপিনে, ৰমজানৰ ৰোজা উপলক্ষে কালিৰে পৰা অসমৰ প্ৰতিটো মছজিদতে আৰম্ভ হৈছে তাৰাবী নামাজ। ইছলাম ধর্মাৱলম্বী লোকসকলে কালিৰে পৰা অন্যান্য নামাজৰ লগতে এমাহ তাৰাবী নামাজ পঢ়ি আল্লাহৰ ওচৰত দোৱা-প্রার্থনা কৰিব। কেন্দ্ৰীয় হিলাল কমিটীৰ তৰফৰ পৰা সমূহ অসমবাসীলৈ পৱিত্ৰ ৰমজানৰ শুভেচ্ছা জ্ঞাপন কৰে। উল্লেখ্য যে যোৱা কালি পৰা ছৌদি আৰবত ৰমজানৰ ৰোজা আৰম্ভ হোৱাৰ পিছত বিশ্বৰ আন আন দেশত বৃহস্পতিবাৰৰ পৰা ৰমজানৰ ৰোজা পালন কৰা হ’ব।