নতুন পথেৰে যোৱা আগুৱাই – আয়শা ছিদ্দিকা

Pc Pixabay

নতুন পথেৰে যোৱা আগুৱাই 

আয়শা ছিদ্দিকা (আছৰি)
বাংলিপাৰা, বৰপেটা 

যোৱা আগুৱাই এখোজ এখোজ কৈ
নতুন দিনৰ নতুন সময়ত নতুন পথেৰে
উন্নতিৰ শীৰ্ষ চুই যোৱা অনায়সে
বিদায় বিদায় বুলি মন মাৰি নাথাকিবা।

কিবা পাবলৈ কিবা হেৰুৱাব লাগে
এইয়াই যে নিয়ম নিয়িতিৰ
নহ’লে যে জীৱন ,সমাজ সকলো স্তব্ধ
আগুৱাব নোৱাৰে উন্নতৰ দিশে।

সুপ্ত মনৰ নিজান কোণৰ পৰা
আশীৰ্বাদ সদায় নিগৰে নীৰৱে
তোমাৰ উজ্জ্বল ভৱিষ্যত সজোৱাৰ
এক পনেৰে শৈশৱৰ ডেওনা পাৰ কৰি
আৰু দুখোজ আগুৱাই যোৱা।
তুমি সফল হোৱা তুমি সফল হোৱা
হে প্ৰবীণ সমাজৰ নবীন যোদ্ধা।