ফাগুন মাহ
পংকজ দাস ,গহপুৰ,ব্ৰহ্মাজান
এইয়া যে ফাগুন মাহ
আউলি বাউলি হৈ আহিব পছোৱা
বাহিৰলৈ অকলে নোলাবা
কুৰুকি কুৰুকি সোমাব বতাহ
যিহেতু তোমাৰ বুকুৰ বুটাম খোলা
ভালকৈ মাৰি লোৱা।
তুমিতো জানাই
ফাগুনৰ আকাশত এতিয়া জুই ফুল ফুলে
সেয়ে ফাগুনৰ প্ৰেমত নপৰিবা
নগ্নতা হ’ব জীৱন
আউলি বাউলী হ’ব মন
ফাগুন যে চঞ্চল।
ফাগুন বৰ দুষ্ট
তুমি গমেই নাপাবা
তোমাৰ বুকুৰ আঁচল খহাই
বলীয়া কৰিব তোমাক
ফাগুন হেনো প্ৰেমৰ মাহ
পলাশ শিমলু ৰঙে ৰঙা
ফাগুনৰ ৰং ছতিয়াই
উন্মনা কৰিব তোমাক
সেয়ে জনাই থলো ৰাধা
বাহিৰলৈ অকলে নোলাবা
এইয়া যে ফাগুন মাহ
