১৮,৬৬২ কোটিটকীয়া প্ৰকল্পত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ
ৰঙিলী বাৰ্ত্তাসেৱা- বাস্তৱ হোৱাৰ দিশে আগবাঢ়িছে ব্ৰহ্মপুত্ৰৰ বক্ষ ভেদি নিৰ্মাণ কৰিবলগীয়া টু-ইন-টিউব সুৰংগ। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অর্থনৈতিক পৰিক্ৰমা সম্পর্কীয় কেবিনেট কমিটীয়ে গহপুৰৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নুমলীগড়ৰ ৭১৫নং ৰাষ্ট্ৰীয় ঘাই পথলৈ ব্রহ্মপুত্ৰৰ তলেৰে ১৫.৭৯ কিলোমিটাৰ পথ তথা ৰে’ল সুৰংগসহ ৪ লেনৰ প্ৰৱেশ নিয়ন্ত্রিত গ্রীনফিল্ড যোগাযোগ ব্যবস্থাৰ নিৰ্মাণত অনুমোদন জনায়। অভিযান্ত্রিক ক্রয় নির্মাণ (ইপিচি) নির্মাণ ম’ডত মুঠ ১৮,৬৬২ কোটি টকা ব্যয়েৰে অভিলাষী প্রকল্পটো ৰূপায়ণ কৰা হ’ব। উল্লেখ্য যে বৰ্তমান নুমলীগড়ৰ ৭১৫নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু গহপুৰৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজৰ দূৰত্ব ২৪০ কিলোমিটাৰ। শিলঘাটৰ ওচৰত ৫২নং ৰাষ্ট্ৰীয় ঘাইপথৰ বৰ্তমানৰ কলীয়াভোমোৰা ৰোড ব্রিজেদি নুমলীগড়ৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হৈ বিশ্বনাথ চহৰ পাবলৈ ৬ ঘণ্টা সময় লাগে। এই প্রত্যাহ্বানৰ মোকাবিলা কৰিবলৈ প্রকল্পটোক গহপুৰৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নুমলীগড়লৈ ব্রহ্মপুত্র নদীৰ তলেদি ৪ লেনৰ প্ৰৱেশ নিয়ন্ত্রিত গ্রীনফিল্ড যোগাযোগ ব্যবস্থা হিচাপে তথা পথ আৰু ৰে’ল সুৰংগৰ সৈতে বিকশিত কৰাৰ প্ৰস্তাৱ জনোবা হৈছে। মুঠ ৩৩.৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ প্রকল্পটো ভাৰতৰ প্ৰথম আণ্ডাৰৱাটাৰ ৰোড তথা ৰে’ল টানেল আৰু বিশ্বৰ দ্বিতীয়টো হ’ব। এই প্রকল্পই অসম, অৰুণাচল প্রদেশ, নাগালেণ্ড আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বাকী ৰাজ্যকেইখনক যথেষ্ট উপকৃত কৰিব। ইয়াৰ ফলশ্রুতিত মালবাহী পৰিবহণৰ ফলপ্রসূতা বৃদ্ধি, লজিষ্টিক ব্যয় হ্রাস পাব আৰু অঞ্চলটোৰ আৰ্থ-সামাজিক বিকাশৰ সূচনা হ’ব। এই প্রকল্প ইয়াৰ দুয়ো প্রান্তত ২টা প্রধান ৰাষ্ট্ৰীয় ঘাইপথ (ৰাষ্ট্ৰীয় ঘাইপথ-১৫ আৰু ৰাষ্ট্ৰীয় ঘাইপথ-৭১৫) আৰু ২টা ৰে’লপথ ক্ৰমে গহপুৰৰ ফালে এনএফআৰৰ ৰঙিয়া সংমণ্ডলৰ অন্তৰ্গত ৰঙিয়া-মুৰ্কংচেলেক ৰে’লবে অংশ আৰু নুমলীগড়ৰ ফালে এনএফআৰৰ তিনিচুকীয়া সংমণ্ডলৰ অন্তৰ্গত ফৰকাটিং-মৰিয়নি লুপ লাইন অংশৰ সৈতে একত্রিত হৈছে। প্রকল্পটোৱে সমগ্ৰ অসমৰ মূল মূল অর্থনৈতিক, সামাজিক আৰু লজিষ্টিক কেন্দ্ৰসমূহলৈ নিৰৱচ্ছিন্ন যোগাযোগ ব্যবস্থা প্রশস্ত কৰিব। ইয়াৰ উপৰি প্রকল্পটোৱে ১১টা অর্থনৈতিক কেন্দ্র, ৩টা সামাজিক কেন্দ্র, ২টা পর্যটন কেন্দ্র আৰু ৮টা লজিষ্টিক কেন্দ্ৰক সংযোগ কৰি মাল্টি মডেল সংহতিৰ বৰ্ধন ঘটাব।। একেদৰে ৪টা মূল ৰে’ল ষ্টেচন, দুটা বিমানবন্দৰ আৰু দুটা আভ্যন্তৰীণ জলপথৰ। সৈতে বর্ধিত যোগাযোগ ব্যৱস্থা প্রশস্ত কৰাৰ ফলশ্রুতিত সমগ্র অঞ্চলটোত সামগ্ৰী আৰু যাত্ৰীসকলৰ দ্রুত সৰবৰাহ যাতায়াতৰ সুবিধা হ’ব। সম্পূৰ্ণ হোৱাৰ পিছত প্ৰকল্পটোরে কৌশলগত বিবেচনা, আঞ্চলিক অর্থনৈতিক বিকাশ, প্রধান অর্থনৈতিক কেন্দ্ৰসমূহৰ মাজত যোগাযোগক সম্প্ৰসাৰিত কৰা আৰু বাণিজ্য তথা ঔদ্যোগিক উন্নয়নৰ বাবে নতুন পথ মুকলি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। প্রকল্পটোৱে প্রায় ৮০ লাখ ব্যক্তি-দিনৰ প্ৰত্যক্ষ আৰু পৰোক্ষ নিয়োগো সৃষ্টি কৰিব। ইয়াৰ জৰিয়তে আশে-পাশে থকা অঞ্চলসমূহত বিকাশ, উন্নয়ন আৰু সমৃদ্ধিৰ নতুন পথ মুকলি হ’ব।
