গৌৰৱ গগৈ, জিতেন্দ্ৰ সিং, ভূপেশ বাঘেলক বাধা-নিষেধ আদালতৰ

গৌৰৱ গগৈ, জিতেন্দ্ৰ সিং, ভূপেশ বাঘেলক বাধা-নিষেধ আদালতৰ

মুখ্যমন্ত্ৰী ড° শৰ্মা আৰু পৰিয়ালৰ সম্পত্তিক লৈ মন্তব্য কৰিব নোৱাৰিব

ৰঙিলী বাৰ্ত্তাসেৱা- কামৰূপ (মহানগৰ) জিলা দেৱানী আদালতে এতিয়াৰে পৰা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিয়ালৰ সম্পত্তি সন্দৰ্ভত কোনো মন্তব্য কৰিব নোৱাৰিব প্রদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ  গৌৰৱ গগৈৰ লগতে কংগ্ৰেছৰ দুই ৰাষ্ট্ৰীয় নেতা এআইচিচিৰ সাধাৰণ সম্পাদক তথা অসম প্রদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং আৰু ছত্তিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্রী ভূপেশ বাঘেলেও মুখ্যমন্ত্ৰীৰ সম্পত্তি সন্দৰ্ভত কোনো ৰাজহুৱা মন্তব্য কৰিব নোৱাৰিব বুলি গুৰুত্বপূৰ্ণ নির্দেশনা দিছে । প্রদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈ আৰু কংগ্ৰেছৰ দুই ৰাষ্ট্ৰীয় নেতা জিতেন্দ্ৰ সিং আৰু ভূপেশ বাঘেলে অনা দুর্নীতিৰ অভিযোগ তথা মুখ্যমন্ত্ৰীগৰাকীৰ পৰিয়ালে ১২ হাজাৰ বিঘা ভূমি অবৈধভাৱে দখল কৰা বুলি অনা অভিযোগ সন্দর্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে তৰা ৫০০ কোটি টকাৰ মানহানি গোচৰ সম্পৰ্কত শুনানি গ্রহণ কৰি জিলা দেৱানী আদালতৰ ন্যায়াধীশ (ছিনিয়ৰ ডিভিজন)  নয়ন জে শৰ্মাৰ আদালতে এই নির্দেশনা প্রদান কৰে। আদালতে কেৱল সাংসদ গৌৰৱ গগৈ, জিতেন্দ্ৰ সিং আৰু ভূপেশ বাঘেলৰ ওপৰতে নহয়, ‘অসমীয়া প্রতিদিন’ কাকতৰ স্বত্বাধিকাৰী তথা সম্পাদক জয়ন্ত বৰুৱা, প্রকাশক যতীন চৌধুৰী আৰু এগৰাকী ষ্টাফ ৰিপ’ৰ্টাৰকো তলব কৰি মুখ্যমন্ত্ৰীৰ সম্পত্তি বিষয়ক বাতৰি পৰিৱেশন কৰাত বাধা আৰোপ কৰিছে। আদালতে সংশ্লিষ্ট সকলো পক্ষকে অহা ৯ মার্চত আদালতলৈ তলব কৰি সোঁশৰীৰে হাজিৰ হোৱাৰ নির্দেশ দিছে। উল্লেখ্য যে প্রদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈ, প্রদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক তথা এআইচিচিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং আৰু ছত্তিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্রী ভূপেশ বাঘেলসহ প্রদেশ কংগ্ৰেছৰ কেইবাজন সাংসদ, বিধায়কে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে নামে-বেনামে ১২ হাজাৰ বিঘা ভূমিৰ গৰাকী হোৱা আৰু দুর্নীতিৰে সম্পত্তি গঢ়া বুলি ৰাজীৱ ভৱনত আয়োজিত এক সংবাদ মেলযোগে অভিযোগ আনিছিল। এই সন্দর্ভত প্রদেশ কংগ্ৰেছ নেতৃত্বই এখন পুস্তিকাও প্রকাশ কৰি ৰাজহুৱা কৰিছিল। ইয়াৰ পিছতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ন্যায়ালয়ৰ কাষ চাপে আৰু যোৱা ১০ ফেব্ৰুৱাৰীত ৫০০ কোটি টকাৰ এটা মানহানি গোচৰ তৰে। কামৰূপ (মহানগৰ) জিলা দেৱানী আদালতত ৰুজু হোৱা গোচৰৰ আধাৰত ন্যায়াধীশ নয়ন জে শর্মাই এই নির্দেশনা প্রদান কৰে। এই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ মহাধিবক্তা দেৱজিৎ লন শইকীয়াই এক সংবাদ মেল সম্বোধন কৰি কয়- কংগ্ৰেছ দলে ক’ৰ পৰা কেনেকৈ মুখ্যমন্ত্রী আৰু তেওঁৰ পৰিয়ালৰ ১২ হাজাৰ বিঘা মাটি থকাৰ তথ্য পালে, মুখ্যমন্ত্রীয়ে এই তথ্য ভুল আৰু মনে সজা বুলি আদালতত জনাইছে। মুখ্যমন্ত্ৰীৰ যদি ক’ৰবাত নামে-বেনামে সম্পত্তি আছে তেন্তে কংগ্রেছ দলে তথ্য-প্রমাণসহ দেখুৱাব লাগে। সেইকাৰণে মুখ্যমন্ত্ৰীয়ে এক প্রত্যাহ্বান দিছে যে গৌৰৱ গগৈ, জিতেন্দ্ৰ সিং, ভূপেশ বাঘেলকে ধৰি যিসকল ব্যক্তিয়ে এই বিষয়ত কৈছে সেইসকলে আদালতত সেই কথাটো প্রমাণ কৰিব লাগে। ৰাজ্য চৰকাৰৰ মহাধিবক্তাগৰাকীয়ে আৰু কয়- আদালতত যি মানহানি গোচৰ দাখিল কৰিছে তাত কংগ্ৰেছ দলৰ বিষয়টো দাঙি ধৰা ব্যক্তিসকল আছে, বাতৰিকাকতৰ প্ৰতিনিধি আছে। তেওঁলোকে অর্থাৎ অভিযুক্তসকলে যিখিনি কথা প্ৰেছ কনফাৰেঞ্চত কৈছে, যিখিনি কথা বাতৰিকাকতত প্ৰকাশ হৈছে সেইখিনি সত্যৰ ভিত্তিত হয় নে সম্পূর্ণ মনেসজা হয়, সেইটো তেওঁলোকক প্ৰমাণ কৰিবলৈ আহ্বান জনাইছে। যদি প্ৰমাণ কৰিব নোৱাৰে তেন্তে মুখ্যমন্ত্ৰীয়ে তেওঁলোকৰ পৰা ৫০০ কোটি টকাৰ মানহানিৰ ক্ষতিপূৰণ দাবী কৰিছে।মহাধিবক্তা দেৱজিৎ লন শইকীয়াই লগতে কয়, ‘মুখ্যমন্ত্রী ডাঙৰীয়াৰ এই গোচৰটোৰ শুনানি হোৱাৰ পিছত বুধবাৰে চিভিল জাজ ছিনিয়ৰ ডিভিজন ৱান-সন্মানীয় জাষ্টিচ নয়ন জে শর্মাই গোটেই কথাখিনি চাই কাগজ-পত্ৰখিনি পৰীক্ষা কৰিলে। পৰীক্ষা কৰি তেওঁ এটা ষ্টে অৰ্ডাৰ পাছ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথাখিনিত প্রাথমিক যুক্তিযুক্ততা দেখি এটা স্থগিতাদেশ জাৰি কৰিছে যে উল্লিখিত ব্যক্তিসকলে আজিৰ পিছত তেনেকুৱা ধৰণৰ কথা নকয়।’ ইয়াৰ উপৰি ৰাজ্যৰ এখন আগশাৰীৰ বাতৰিকাকতৰ স্বত্বাধিকাৰী আৰু প্রকাশক, সম্পাদককো ন্যায়ালয়ে তলব কৰি মুখ্যমন্ত্ৰীৰ সম্পত্তি বিষয়ক বাতৰি পৰিৱেশন কৰাত বাধা আৰোপ কৰি আদালতত উপস্থিত হোৱাৰ নিৰ্দেশনা জাৰি কৰিছে একেটা ৰায়তে। এই প্রসংগত দেৱজিৎ লন শইকীয়াই কয়- কাকতখনকো বাধা-নিষেধ জাৰি কৰিছে যে ৫ ফেব্ৰুৱাৰীত যিটো বিষয়ত বাতৰি কৰিছিল আগন্তুক দিনত এই বিষয়কেইটাত ৯ মার্চত আদালতত উপস্থিত নোহোৱালৈকে কোনো বাতৰি কৰিব নোৱাৰিব। অহা ৯ মাৰ্চত গৌৰৱ গগৈ, জিতেন্দ্র সিং আৰু ভূপেশ বাঘেল ডাঙৰীয়াক আদালতলৈ তলব কৰিছে। আদালতে তেওঁলোকক ন’টিচ জাৰি কৰিছে।