১৪ ফেব্ৰুৱাৰী আৰু ভেলেন্টাইন ডে -আৰু মোৰ অনুভৱ
ছেলিমা বেগম ,নগাঁও
১৪ ফেব্ৰুৱাৰী সমগ্ৰ বিশ্বতে ভেলেন্টাইন ডে পালন কৰা হয়। ভেলেন্টাইন নামৰ এজন সাধু তাৰ প্ৰেমৰ প্ৰতীক হিচাপে নিজৰ জীৱন বলিদান দিছিল। সেয়ে হে গোটেই বিশ্বজুৰি এই দিৱস পালন কৰা হয়।ই আচলতে এক প্ৰকাৰ পশ্চিমৰ বতাহৰ ঢৌ বুলি ক’লে ভুল নহ’ব। আজি কালি অৱশ্যে যুৱক যুৱতী সকলে দেখা দেখি ইজনে সিজনৰ পৰা শিকি লোৱা টো বেছি কৈ প্ৰচলন হৈ আছে। আমাৰ সমাজত আজি কালি এই পশ্চিমীয় বতাহৰ ঢৌ বেছি কৈ বৈ আছে।
আচলতে প্ৰেমৰ কোনো দিৱস হ’ব নালাগে। প্ৰেম এক স্বৰ্গীয় অনুভূতি। প্ৰেম বুলা বস্তুটো এজনে আনজনৰ পৰা শিকি লোৱা বস্তু নহয়। প্ৰেম যাৰ মাজত এবাৰ হয় কোনো ঐশ্বিক শক্তিয়ে বাধা দিব নোৱাৰে। আচলতে আজি কালি হেনো কিছুমান মানুহ আছে এজনে আনজনৰ প্ৰতি আকৃষ্ট ভাব নাথাকিলেও ১৪ ফেব্ৰুৱাৰী তাৰিখে ভেলেন্টাইন ডে বুলি পাগল হৈ ঘুৰি ফুৰি নাটক কৰি দেখুৱায় থাকে। আচল প্ৰেমিক প্ৰেমিকা যিজন হয় সি কেতিয়াও আনক দেখুৱাই প্ৰেমৰ দিৱস পালন নকৰে।
প্ৰেম ভালপোৱা দেখুওৱা বস্তু নহয়। মোৰ মতে ভেলেন্টাইন ডে এদিনীয়া নহয় গোটেই জীৱনৰ বাবে হ’ব লাগে। আজি কালি এচাম যুৱক যুৱতী হাতত ৰঙা গোলাপ লৈ প্ৰেমৰ পপোচ দিয়ে কিন্তু প্ৰেম কাহিনী বনাই নিজৰ জীৱন ধ্বংসৰ ফালে ঠেলি দিছে। প্ৰকৃত প্ৰেম ভালপোৱা সকলৰ মাজত বিশ্বাস থাকিলে ভেলেন্টাইন ডে এনে দিৱসৰ প্ৰয়োজন নাই। এহাল দম্পতিয়ে নিজৰ প্ৰেম ভালপোৱা আদৰ ,মৰম স্নেহ যিমান পাৰে নিজৰ সুখী জীৱনৰ বাবে থাকিব লাগে কোনো দিৱস পালন কৰি নিজৰ জীৱনত সুখ শান্তি আনিব নোৱাৰে।পতি পত্নীৰ কাৰণে ভেলেন্টাইন ডে নহয় এখন শান্তিপূৰ্ণ সংসাৰ লাগে য’ত থাকি গোটেই জীৱন শান্তিৰে থাকি সন্তানৰ বৰণ পোষণ দিব পাৰে। তাত ভেলেন্টাইন ডে’ৰ প্ৰয়োজন নাই। ইতিহাসৰ পাত লুটিয়াই চালে দেখা যায় বহুতো প্ৰেমৰ কাহিনী সেই প্ৰেম কাহিনী লৈ যদি কোনো দিৱস পালন কৰা হয় তেতিয়া হ’লে মানুহৰ মাজত কেৱল দিৱস পালন হৈ থাকিব। বিশ্বৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন ধৰণৰ প্ৰেম কাহিনী হৈ থাকে। আদিম যুগৰ পৰা আধুনিক যুগ লৈ মানুহে ৰোমাণ্টিক কৰি ভাল পায়। আজিও আমাৰ সমাজত ৰোমান্টিক,ফূৰ্তী হৈ থাকক । মানুহৰ মন মগজু আনন্দ ফূৰ্তীৰ মাজত থাকিলে বেমাৰ মুক্ত হৈ থাকে।
