২৭ ফেব্ৰুৱাৰীত বিনামূলীয়া কেৰিয়াৰ কাউন্সেলিং ৱেবিনাৰ
গুৱাহাটী, ৰঙিলী বাৰ্ত্তাসেৱা- কেৰিয়াৰ পৰামৰ্শদাতা তথা অসম ডন বস্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ মুৰব্বী ড° বুলজিৎ বুঢ়াগোহাঁইৰ উদ্যোগত অহা ২৭ ফেব্ৰুৱাৰী সন্ধিয়া ৬.৩০ বজাৰ পৰা ৮.৩০ বজালৈ এখন বিনামূলীয়া কেৰিয়াৰ কাউন্সেলিং ৱেবিনাৰ অনুষ্ঠিত হ’ব। এই ৱেবিনাৰখনত অষ্টম শ্ৰেণীৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা শিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰিব পাৰিব। লগতে পিতৃ-মাতৃ বা অভিভাৱকসকলেও এই ৱেবিনাৰখনত অংশ ল’ব পাৰিব। শিক্ষাৰ্থীসকলৰ আগ্ৰহ, যোগ্যতা আৰু ভৱিষ্যৎ লক্ষ্য অনুসৰি সঠিক কেৰিয়াৰ বাছনি সন্দৰ্ভত দিহা-পৰামৰ্শ আগবঢ়োৱা হ’ব।এই ৱেবিনাৰখন গুগল মিটৰ জৰিয়তে অনুষ্ঠিত হ’ব। যোগদান কৰিবলৈ গুগল মিট ক’ড হ’ল — ugy-yumz-pam। এই সন্দৰ্ভত অধিক তথ্য জানিব বিচৰা আগ্ৰহী শিক্ষাৰ্থী, পিতৃ-মাতৃ আৰু অভিভাৱকসকলে ই-মেইল (buljit@gmail.com) অথবা হোৱাটচএপ নম্বৰ ৯৪৩৫১৮৮৬৩০ত যোগাযোগ কৰিব পাৰিব।
