অভয়াপুৰী অগপক এৰিব লগা হ’লে বঙাইগাঁও লাগিব বিজেপিক: মুখ্যমন্ত্রী 

অভয়াপুৰী অগপক এৰিব লগা হ’লে বঙাইগাঁও লাগিব বিজেপিক: মুখ্যমন্ত্রী 

ৰঙিলী বাৰ্ত্তাসেৱা- আসন্ন বিধানসভা নির্বাচনত অভয়াপুৰী বা বঙাইগাঁও যিকোনো এটা সমষ্টি অগপই বিজেপিক এৰি দিব লাগিব বুলি বঙাইগাঁৱত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই  মত প্রকাশ কৰে।অগপৰে আসন বুজাবুজি সন্দৰ্ভত সাংবাদিকৰ আগত  মুখ্যমন্ত্রী ড° শৰ্মাই স্পষ্টভাৱে কয় যে , ‘অভয়াপুৰীত বিজেপিয়ে খেলিব। অভয়াপুৰীক লৈ কোনো সমস্যা নাই। মই যাক কওঁ সিয়ে বহি দিব।  বঙাইগাঁও সমষ্টিত অগপই নির্বাচন খেলিব। এই সম্পর্কত আনুষ্ঠানিক আলোচনা হোৱা নাই যদিও বিজেপিয়ে এই প্রস্তাৱ অগপৰ জ্যেষ্ঠ নেতা তথা সাংসদ ফণীভূষণ চৌধুৰীক অৱগত কৰি এই বিষয়ে কথা পাতিছে। মুখ্যমন্ত্রী ড° শৰ্মাই আৰু কয় যে বিজেপিক অভয়াপুৰী সমষ্টিটো নিদিলে ফণীভূষণ চৌধুৰীয়ে বঙাইগাঁৱৰ আসনখন বিজেপিক এৰি দিব লাগিব। ফণীভূষণ চৌধুৰীৰ কথা চিন্তা নকৰি ভূপেন ৰায়ে অভয়াপুৰীত বন্ধুত্বমূলক নির্বাচন খেলিব বিচাৰিলে খেলিব পাৰে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে বঙাইগাঁও বা অভয়াপুৰী কোনো এটা সমষ্টিতে বিজেপিয়ে এইবাৰ নিৰ্বাচন নেখেলিলে দলীয় কার্যকর্তাসকলক ধৰি ৰখাই টান হ’ব বুলি কয়। সেইদৰে ধুবুৰী জিলাৰ বিলাসীপাৰা সমষ্টিত সমস্যা থকাৰ উল্লেখ কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে সমষ্টিটোত নিজৰ ভিতৰতে বিজেপিৰ কাৰ্যকৰ্তাসকলে যিমান কাজিয়া কৰি আছে, বিজেপি সমষ্টিটোত জয়ী হ’ব যেন নালাগে। কাৰণ বিলাসীপাৰা সমষ্টিত ভোট গাঁথনিৰ ব্যৱধান ১-২ শতাংশ। যিসকল প্রার্থিত্বপ্রত্যাশীয়ে টিকটৰ পৰা বঞ্চিত হ’ব, তেওঁলোকে চিপৰাং মাৰিব। সমষ্টিটোৰ কিছু বিজেপি নেতাই ছুইচাইড গেম খেলি আছে। ইয়াৰ বিপৰীতে অভয়াপুৰী সমষ্টিৰ পৰিৱেশ সুকীয়া বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে অভয়াপুৰীত ভোট গাঁথনিৰ ব্যৱধান ৩০ৰ পৰা ৪০ শতাংশ। অভয়াপুৰীৰ পৰিৱেশটো জাতি-ধৰ্মক লৈও হোৱা নাই। ইপিনে হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফৰ লগত বিজেপিয়ে মিত্ৰতাৰ কথা পতাৰ বিষয়ে সদৰী কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে বিটিচি এলেকাত সকলোৱে মিলাপ্ৰীতিৰে নিৰ্বাচন খেলিব পাৰি নেকি চিন্তা-চৰ্চা চলাই থকা হৈছে। নোৱাৰিলেও সকলোৱে মিলাপ্ৰীতিৰে, কাজিয়া-পেচাল নোহোৱাকৈয়ে নিজ নিজ প্রতীকত নির্বাচনত অৱতীৰ্ণ হ’ব। ৰাজ্যত পুনৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে চৰকাৰ কৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে যোৱা লোকসভা নির্বাচনত এনডিএই ৯৬টা বিধানসভা সমষ্টিত অগ্রগতি লাভ কৰিছিল। এইবাৰ বিধানসভা নির্বাচনত তাতকৈও ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ’ব। বিজেপি মিত্রজোঁটক লৈ ৰাইজ আশাবাদী। ৰাইজে পুনৰ বিজেপি মিত্রজোটক ক্ষমতালৈ অনাৰ সিদ্ধান্ত লৈছে।ইফালে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কংগ্ৰেছে গোচৰ তৰা সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁ বুঢ়া আঙুলিহে দেখুৱায়। মুখ্যমন্ত্ৰীয়ে কয়, ‘মোৰ বিৰুদ্ধে গোচৰ দিয়া শিৱামণি বৰা, দিগন্ত বৰ্মনৰ মালিক ৰাহুল গান্ধীক মই বুঢ়া আঙুলি দেখুৱাইছোঁ। মই মিঞাৰ বিৰুদ্ধে আছোঁ সকলোৱে জানেই। গোচৰ তৰিলে কি হ’ব? মোক ভয় খুৱাব নোৱাৰে।’