টকা – প্ৰভাত বণিয়া

Pc Unsplash

টকা

প্ৰভাত বণিয়া

টকা আৰু মানুহ
দুয়ো মূল্যৱান সম্পদ
টকা নহলে আজি কালি জীৱন অসাৰ বুলি প্ৰায়ে চৰ্চা হয়

টকা থকা লোকৰ সোঁৱে বাওঁৱে অজস্ৰ বন্ধু
যাৰ টকা আছে তেওঁলোকক সকলোৱে সন্মান কৰে
তেওঁলোকে বিলাসী গাড়ীত ঘূৰে
বিলাসী ঘৰত থাকে
বিলাসী পোছাক পিন্ধে
সদায় বিলাসী জীৱন যাপন কৰে

টকা থকা লোকক আকৌ বহুত সময়ত উদাৰ মনৰ
দেখা যায় দুখীয়াক বিপদ আপদত সহায় কৰে
বেমাৰ আজাৰত মানুহৰ খৱৰ লয়
ভাল কামত দান-বৰঙণি আগবঢ়ায়
কাকো টকাৰ অনাহক বাহাদুৰি নেদেখুৱায়
সততে বিনয়ী হয়
ৰাইজে তেওঁলোকৰ গুণ গান গায়

টকা থকা আন কিছুমান আকৌ গপত গঙাটোপ হৈ থাকে
গুৰু গোসাই নমনা হৈ অদ্ভুত আচৰণ কৰে
পুৰণি বন্ধু-বান্ধৱ, পেহা-পেহী, দাদা-বাইদেউ দুদিনতে অচিনাকি হৈ পৰে
ভুৱা আভিজাত্যই তেওঁলোকৰ মূৰত ধৰে

আজি কালি পূজা পাৰ্বণ,বিয়া-সৱাহত আধ্যাত্মিক ধ্যান ধাৰনা,
চিন্তা চৰ্চাৰ অভাৱ বাৰুকৈয়ে অনুভৱ কৰা হয়
বাহ্যিক লাহ-বিলাহ, জাকজমকতাৰ প্ৰতি মানুহৰ গুৰুত্ব অপৰিসীম

কীৰ্তন গীতা ভাগৱত, কোৰান বাইবেল আদি মহান ধৰ্ম গ্ৰন্থ
সমূহৰ মহত্ব বুজা বা শুনাৰ ধৈৰ্য্য নাই কিছু লোকৰ
বাতৰি কাকত, আলোচনী,কিতাপ পঢ়া
তেওঁলোকৰ ইচ্ছাৰ বাহিৰত
তেওঁলোকৰ মনত এনেকুৱা ভাৱ হয়
অযথা সময় খৰচ কৰাৰ কি লাভ
ধন ঘটিব লাগে যি কোনো উপায়ে
সাহিত্য চৰ্চা কৰা অথবা সমাজ সেৱা কৰা জনক
মুঠেই পছন্দ নহয় তেওঁলোকৰ শংকৰদেৱ,বাৰ্ণাডশ্ব’,
ছেকচপিয়েৰ,সতী জয়মতী,চৈয়দ আব্দুল মালিক
জ্যোতিপ্ৰসাদ,বিষ্ণু ৰাভা কোন হয়
তেওঁলোকে মাথা মাৰি সময় খৰচ কৰিব নোখোজে
তেওঁলোকৰ বহুত প্লেন
চহৰত ঘৰ, মাটি বাৰী,কেবা মহলীয়া বিল্ডিং ,
গাড়ী‌ মটৰ পাৰ্কিং
আৰামদায়ক জীৱন হাতৰ মুঠিত ঈপ্সিত বিলাস ধৰি ৰখা
তেওঁলোকৰ এতিয়া একমাত্ৰ সপোন ।