এচাম সুবিধাবাদী – শৈলেন কুমাৰ

Pc Medium

এচাম সুবিধাবাদী 

শৈলেন কুমাৰ , মিৰ্জা

সিহঁতে বতাহৰ মাজত ধোঁৱা হৈ
সুযোগৰ সন্ধান বিচাৰি ফুৰে,
দুখত দুখী হোৱাৰ অভিনয় কৰে ,
বিপদৰ সময়ত প্ৰকৃত চৰিত্ৰ উদঙাই দিয়ে ৷

জ্বলা জুইত ঘিউ ঢালে পানী কিন্তু নহয়,
সেয়া সহায় বুলি কৈ জহাই ফুৰে,
পাছত ভস্মীভূত হোৱা ছাইখিনিও বিক্ৰী কৰে ৷

“ভাই বন্ধু” বুলি কৈ ফুচুলাই
আপোনাৰ ধৈৰ্য্যক সিহঁতে বিনামূলীয়াকৈ পান কৰে
প্ৰতিটো উপকাৰক সিহঁতে কৰ্তব্যৰ নাম দিয়ে,
“নাই” বুলি ক’লে আপুনি বিশ্বাসঘাতক হৈ পৰে ৷

সফলতাত আপোনাৰ নামটোৰ সোৱাদ দ্ৰুত হয়
একে মুখ,একে ভোক,
সুবিধাবাদী সকলৰ সেয়া আপোনাক বিফল কৰাৰ ৰোষ ৷

আপোনাৰ ধুমুহাত তেওঁলোক পৰামৰ্শদাতা হয়,
বিচাৰে ছাতি,বিচাৰে নাও
কিন্তু অভিপ্ৰায় সিহঁতৰ আপোনাৰ
শেষৰ শুকান চাৰ্টটো কাঢ়ি লৈ যোৱা ৷

সফলতাৰ দুৱাৰদলি,নিশব্দে সিহঁতে মাৰে হাত চাপৰি
পিছফালে চালে ঘুৰি এখন তলা লগোৱা বন্ধ দুৱাৰৰ কোঠালী ৷

শান্ত মনোমোহা সুৰ
দানৱবোৰৰ দুখন মুখ,নিষ্ঠুৰ এখন হৃদয়,
পিঠিত কৰে ছুৰীৰে আঘাত,
কাতৰে মাতিলে নিদিয়ে সিহঁতে মাত ৷

নিজক ৰক্ষা কৰিবলৈ মিছাৰ আশ্ৰয় লয়,
সত্য উন্মোচিত হ’লে
ভুক্তভোগীৰ মাস্ক পিন্ধি স্থিতিত বিভ্ৰান্ত হয় ৷

সিহঁতবোৰ স্বাৰ্থপৰ,নিৰুদ্দেশ হোৱাত বিশেষজ্ঞ
সুবিধাৰ চেম্পিয়ন,গল্পত সিহঁত নায়ক,
আপোনাৰ বিপদত সিহঁতবোৰ হৈ পৰে
একোএকোজন খলনায়ক ৷