চাহ শ্ৰমিকৰ ভূমি বন্দৱস্তিৰ প্ৰ-পত্ৰ প্ৰদানৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ

চাহ শ্ৰমিকৰ ভূমি বন্দৱস্তিৰ প্ৰ-পত্ৰ প্ৰদানৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমৰ চাহ জনগোষ্ঠীৰ দুশ বছৰীয়া ইতিহাসত আজি জনগোষ্ঠীটোৰ বাবে এক ঐতিহাসিক দিন ।  ৰাজ্যৰ চাহ জনগোষ্ঠীৰ কল্যাণৰ দিশত এক ঐতিহাসিক পদক্ষেপ হিচাপে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ডিব্ৰুগড় জিলাৰ চাবুৱাৰ দিনজয় চাহ বাগিচা খেলপথাৰত আয়োজিত এক অনুষ্ঠানত চাহ বাগিচাৰ শ্রমিক পৰিয়ালৰ বাবে প্ৰস্তাৱিত ভূমি বন্দৱস্তিৰ প্ৰ-পত্ৰ প্ৰদানৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। ডিব্ৰুগড় জিলাৰ ১৬৯ খন চাহ বাগিচাৰ ৫৮,৪০১ গৰাকী লোকক ভূমিৰ পট্টা প্ৰদান কৰা লগতে অসমৰ ২০ খন জিলাৰ ৭১১ খন চাহ বাগিচাৰ ৬ লাখ লোকক ভূমিৰ পট্টা প্ৰদান কৰিব অসম চৰকাৰে । চাবুৱাৰ দিনজয় চাহ বাগিচাৰ খেলপথাৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজহ মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত মাটিৰ পট্টা পাবলগীয়া চাহ বাগিচাৰ লোকসকলক আজি প্ৰ-পত্ৰসমূহ প্ৰদান কৰা হয় । অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে আজিৰ দিনটো ৰাজ্যৰ চাহ জনগোষ্ঠীয় ৰাইজৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ দিন। যোৱা বিধানসভাত ৰাজ্য চৰকাৰে এখন বিশেষ আইন গৃহীত কৰিছিল যে চাহ বাগিচাৰ মজদুৰ লাইনত থকা ঘৰ আৰু মাটিৰ মালিকীস্বত্ব এতিয়াৰে পৰা চাহ শ্রমিকসকলেহে পাব। পূর্বে এই লেবাৰ লাইনৰ মাটি আৰু ঘৰৰ মালিকীস্বত্ব কেৱল বাগিচা কৰ্তৃপক্ষৰ হাতত আছিল আৰু শ্রমিকসকল কেৱল তাত বাসহে কৰিছিল। চাহ বাগিচাৰ শ্রমিকসকলে বহুদিনৰ পৰা চৰকাৰৰ ওচৰত ভূমিৰ অধিকাৰ বিচাৰি আহিছিল যদিও বিগত কোনো এখন চৰকাৰে শ্ৰমিকসকলক মাটিৰ অধিকাৰ দিয়াৰ কথা আন্তৰিকতাৰে চিন্তা কৰা নাছিল। বৰ্তমানৰ চৰকাৰে অসম বিধানসভাত চিলিং আইন সংশোধন কৰি লেবাৰ লাইনৰ ভূমি আৰু ঘৰৰ মালিকীস্বত্ব বাগিচাৰ কৰ্তৃপক্ষৰ পৰা চৰকাৰৰ হাতলৈ লৈ আহিছে আৰু এতিয়া এই ভূমি শ্রমিকসকলৰ মাজত বিতৰণ কৰাৰ আনুষ্ঠানিক প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

আজিৰ পৰা শ্ৰমিকসকলক ভূমিপট্টাৰ বাবে প্ৰ-পত্ৰ বিতৰণৰ কাম আৰম্ভ কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে শ্রমিকসকলে এই প্ৰ-পত্ৰত মাটি কাৰ নামত হ’ব লাগিব, তেওঁলোকে কিমান মাটিত ঘৰ সাজি বাস কৰি আছে আৰু তেওঁলোকৰ সঠিক নাম-ঠিকনা আদি বিতংভাৰে উল্লেখ কৰি জমা দিব লাগিব। সমান্তৰালভাৱে ভূমি জৰীপৰ কামো চৰকাৰে ক্ষিপ্ৰ গতিত চলাই আছে। ইতিমধ্যে ৰাজ্যৰ ১০৩খন বাগিচাত জৰীপৰ কাম সম্পূৰ্ণ হৈছে আৰু আজিৰ পৰা নতুনকৈ আৰু ২৫০খন বাগিচাত জৰীপ আৰম্ভ কৰা হ’ব। আগন্তুক নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱাৰ পূৰ্বে অন্তত একাংশ শ্ৰমিকৰ হাতত ভূমিৰ পট্টা তুলি দিয়াৰ লক্ষ্য চৰকাৰে নিৰ্ধাৰণ কৰিছে। ৰাজ্যৰ ৮ শতাধিক চাহ বাগিচাৰ প্রায় ৫ লাখ শ্রমিক পৰিয়ালক ভূমিৰ পট্টা দিয়াৰ এই বিশাল আৰু দীঘলীয়া প্রক্রিয়াটো সম্পন্ন কৰিবলৈ চৰকাৰক অন্তত ৬-৭ মাহ সময়ৰ প্ৰয়োজন হ’ব। দিনজয় চাহ বাগিচাৰ সঞ্চালকগৰাকীয়ে শ্রমিকসকলক ভূমিৰ পট্টা দিয়াৰ ক্ষেত্ৰত কোনো আপত্তি নকৰি শ্ৰমিকৰ স্বাৰ্থত আগতীয়াকৈ ভূমি এৰি দিয়াৰ যি মহানুভৱতা দেখুৱালে, তাৰ বাবে মুখ্যমন্ত্রী ড° শর্মাই তেওঁক বিশেষভাবে ধন্যবাদ জ্ঞাপন কৰে। আনহাতে, যিবোৰ বাগিচাৰ মালিকে চৰকাৰী সিদ্ধান্তৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে, সেই সন্দর্ভত মুখ্যমন্ত্রী ড° শর্মাই স্পষ্ট কৰি দিয়ে যে ন্যায়ালয়ে চৰকাৰৰ কামত কোনো ধৰণৰ বাধা আৰোপ কৰা নাই। সেয়েহে নির্বাচন ঘোষণাৰ পূৰ্বেই যিমান পৰিয়ালক পাৰি পট্টা প্ৰদান কৰি এই ব্যৱস্থাক এক স্থায়ী নিয়মৰ ৰূপ দিয়া হ’ব, যাতে ভৱিষ্যতে আন কোনো চৰকাৰ বা কর্তৃপক্ষই ইয়াত বাধা দিব নোৱাৰে। প্ৰ-পত্ৰ পূৰণৰ ক্ষেত্ৰত শ্রমিকসকলক সহায় কৰিবলৈ প্ৰতিখন বাগিচাতে একোখনকৈ চাৰিজনীয়া সমিতি গঠন কৰি দিয়া হৈছে বুলি তেওঁ অৱগত কৰে। চাহ শ্ৰমিকসকলৰ দীৰ্ঘদিনীয়া সমস্যাৰ কথা উল্লেখ কৰি তেওঁ কয় যে চাহ বাগিচাসমূহলৈ শ্রমিকসকল অহাৰ প্ৰায় ২০০ বছৰ অতিক্ৰম কৰিলে। অসমৰ গাঁৱত বাস কৰা লোকসকল মাটিৰ মালিক হ’ল, তেওঁলোকে নিজৰ মাটি বিক্ৰী কৰিব পাৰে বা বেংকত বন্ধকত থৈ ঋণ ল’ব পাৰে, কিন্তু বাগিচাৰ শ্ৰমিকসকলে আজিও ভূমিৰ মালিকীস্বত্ব পোৱা নাছিল। আনকি বাগিচাত কাম নকৰিলে ঘৰৰ পৰা নাম কটা যাব পাৰে, এনে ভয়ত বহু মেধাবী ছাত্র-ছাত্রীয়ে উচ্চ শিক্ষাৰ পৰিৱৰ্তে পঢ়া-শুনা ত্যাগ কৰি কামত সোমাবলগীয়া হৈছিল। এতিয়াৰ পৰা শ্ৰমিকসকলে তেনে ভয় কৰিব নালাগে। চৰকাৰে দিয়া মাটি আৰু ঘৰ এতিয়া শ্ৰমিকৰ নিজৰ হ’ব আৰু ঘৰ বনাবলৈ বা মেৰামতি কৰিবলৈ তেওঁলোকক মালিকৰ কোনো অনুমতি বা আপত্তিবিহীন প্রমাণ-পত্ৰৰ প্ৰয়োজন নহ’ব। নিজৰ মাটিত এতিয়াৰে পৰা শ্রমিকসকলে নিজাকৈ প্রধানমন্ত্রী আৱাস যোজনাৰ ঘৰ সাজিব পাৰিব বুলিও তেওঁ জানিবলৈ দিয়ে। মুখ্যমন্ত্রী ড° শর্মাই ঘোষণা কৰে যে কেৱল মাটিয়েই নহয়, অহা দিনত প্রতিটো যোগ্য শ্রমিক পৰিয়ালক চৰকাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ প্ৰদান কৰিব। যাৰ পূৰণা ঘৰ আছে, তেওঁলোকক ঘৰ মেৰামতিৰ বাবে এক লাখ টকা আৰু যাৰ ঘৰ নাই তেওঁলোকক নতুন পকী ঘৰ নিৰ্মাণৰ বাবে ১ লাখ ৬০ হাজাৰ টকা চৰকাৰে প্ৰদানৰ পৰিকল্পনা গ্রহণ কৰিব।

চাহ শ্ৰমিকৰ কল্যাণৰ বাবে লোৱা অন্য আঁচনিসমূহৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে যিসকলৰ নাম এতিয়াও ‘এটি কলি দুটি পাত’ আঁচনিৰ তালিকাত অন্তর্ভুক্ত হোৱা নাই, তেওঁলোকৰ নামো চৰকাৰে সংগ্ৰহ কৰি আছে। চাহ বাগিচাত আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ডৰ সুবিধা ১০০ শতাংশ নিশ্চিত কৰাৰ লগতে বৰ্তমান ১০০ টকাত যোগান ধৰি থকা দাইল, চেনি আৰু নিমখ অনাগত দিনত সম্পূর্ণ বিনামূলীয়া কৰাৰ লগতে প্ৰতিটো পৰিয়ালকে প্রতিমাহে ১ লিটাৰকৈ মিঠাতেলো বিনামূলীয়াকৈ যোগান ধৰা হ’ব বুলি তেওঁ আশ্বাস প্রদান কৰে। অৰুণোদয় আঁচনিৰ ১,২৫০ টকা চাহ শ্রমিকসকলে নিয়মীয়াকৈ লাভ কৰি থাকিব বুলি মুখ্যমন্ত্রী ড° শর্মাই সদৰী কৰি কয় যে এতিয়ালৈকে চাহ শ্রমিকৰ সন্তানসকলে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিত ৩ শতাংশ সংৰক্ষণ পাই আহিছে। কিন্তু এতিয়াৰ পৰা ৰাজপত্ৰিত পদ যেনে এচিএছ, এপিএছ বা অন্যান্য প্রথম শ্ৰেণীৰ চাকৰিতো চাহ শ্রমিকৰ সন্তানৰ বাবে ৩ শতাংশ আসন সংৰক্ষণৰ সিদ্ধান্ত গ্রহণ কৰা হ’ব বুলি তেওঁ ঘোষণা কৰে। ইয়াৰ ফলত চাহ বাগিচাৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলে দণ্ডাধীশ আৰু আৰক্ষী বিষয়াৰ দৰে গুৰুত্বপূৰ্ণ পদবীত নিযুক্ত হোৱাৰ সুযোগ লাভ কৰিব। অসমৰ গৌৰৱ ঝুমইৰ নৃত্যক বিশ্ব দৰবাৰলৈ নিয়াৰ সংকল্পৰে গুৱাহাটীত ঝুমইৰৰ বৃহৎ প্ৰদৰ্শনৰ পিছত ৰাজ্য চৰকাৰে অহা বছৰ দিল্লীতো এই নৃত্য প্ৰদৰ্শন কৰাৰ লক্ষ্য লৈছে। গৰ্ভৱতী মহিলালৈ ১৫ হাজাৰ টকাৰ অনুদান, চিকিৎসা মহাবিদ্যালয়ত আসন সংৰক্ষণ আৰু মহাপ্রভু জগন্নাথ সামূহিক প্রেক্ষাগৃহ নিৰ্মাণৰ দৰে পদক্ষেপবোৰৰ পিছত এতিয়া ভূমি আৰু গৃহৰ অধিকাৰে চাহ জনগোষ্ঠীৰ জীৱনলৈ আমূল পৰিৱৰ্তন আনিব বুলি মুখ্যমন্ত্ৰীয়ে তেওঁৰ ভাষণত উল্লেখ কৰে। চাহ শ্রমিকৰ কল্যাণৰ বাবে হাতত লোৱা এই বিশাল কর্মযজ্ঞত সহায়-সহযোগিতা আগবঢ়োৱাৰ বাবে তেওঁ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে। এই অনুষ্ঠানত মন্ত্রী কেশৱ মহন্ত, চাহ জনজাতি আৰু আদিবাসী কল্যাণ বিভাগৰ মন্ত্ৰী ৰূপেশ গোৱালা, শক্তিমন্ত্রী প্রশান্ত ফুকন, বিধায়ক বিনোদ হাজৰিকা, পোনাকণ বৰুৱা, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপর্ণ বৰুৱা, ভাৰতীয় চাহ মজদুৰ সংঘৰ সভাপতি অশোক ওৰাং, অসম চাহ পৰিষদৰ সভাপতি প্রমোদ ভেগ্রা, অসম চৰকাৰৰ ৰাজহ বিভাগৰ অতিৰিক্ত মুখ্য সচিব এল ছুইটি চাংচন, সচিব ভাস্কৰ পেণ্ড ভূমিলেখা আৰু জৰীপ সঞ্চালক কৈলাস কার্তিক এন, ডিব্ৰুগড় জিলাৰ আয়ুক্ত বিক্রম কৈৰী, দিনজয় চাহ বাগিচাৰ পৰিচালক মৃত্যুঞ্জয় জালান প্রমুখ্যে উচ্চপদস্থ বিষয়াবৰ্গ আৰু গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।