আজি প্রকাশ হ’ব চূড়ান্ত ভোটাৰ তালিকা
ৰঙিলী বাৰ্ত্তাসেৱা- আজি প্রকাশ হ’ব বিশেষ পুনৰীক্ষণৰ চূড়ান্ত ভোটাৰ তালিকা। ২০২৬ বৰ্ষৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশৰ বাবে ৰাজ্যিক নির্বাচন আয়োগে ইতিমধ্যে সকলো ধৰণৰ ব্যৱস্থা সম্পূর্ণ কৰি তুলিছে। উল্লেখ্য যে অসমৰ ভোটাৰ তালিকাৰ পুনৰীক্ষণৰ বাবে ২০২৫ চনৰ ২২ নৱেম্বৰৰ পৰা ২০ ডিচেম্বৰলৈ বুথ পৰ্যায়ৰ বিষয়াসকলে ঘৰে ঘৰে গৈ পৰীক্ষণ সম্পন্ন কৰিছিল আৰু তাৰ পিছতে ভোটাৰ তালিকাৰ খচৰা প্ৰকাশ হৈছিল। তাৰ পিছত ২৭ ডিচেম্বৰৰ পৰা ২২ জানুৱাৰীলৈ খচৰা ভোটাৰ তালিকাত নাম অন্তর্ভুক্তিৰ সন্দৰ্ভত দাবী আৰু আপত্তি দাখিল কৰাৰ বাবে সময় নির্ধাৰণ কৰা হৈছিল। কিন্তু কিছুমান জিলাত দাবী-আপত্তিৰ পৰিমাণ বৃদ্ধি হোৱাত ইয়াৰ বাবে আয়োগে সময় বৃদ্ধি কৰিছিল। আনহাতে, ৰাজ্যিক নির্বাচন আয়োগে চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশৰ পূর্ব দিয়া এক নির্দেশনাযোগে পুনৰীক্ষণৰ সময়ত বিভিন্ন কাৰণত ভোটাৰৰ স্থানান্তৰৰ ফলত স্থায়ীভাৱে স্থানান্তৰিত হোৱাৰ বাবে নাম কর্তন হোৱা ভোটাৰসকলক বিশেষ সকাহ দি চূড়ান্ত ভোটাৰ তালিকা ঘোষণা কৰাৰ পিছত আয়োগৰ প্ৰ-পত্ৰ নং ৬ দাখিলৰ বাবে সংশ্লিষ্ট ভোটাৰসকলক আহ্বান জনায়। এই সন্দর্ভত সকলো জিলা নির্বাচনী বিষয়াক দিয়া নির্দেশনাত ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়াই জনাইছে- ‘অসমত বিভিন্ন কাৰণত প্রশাসনিক কাৰ্যৰ বাবে শেহতীয়াকৈ স্থানান্তৰৰ পৰিপ্ৰেক্ষিতত কিছুমান ভোটাৰক ‘স্থায়ীভাৱে স্থানান্তৰিত’ বুলি তালিকাৰ পৰা আঁতৰাই দিয়া হৈছিল যদিও স্থানান্তৰৰ বাবে আবেদন দাখিল কৰিব পৰা নাছিল। কাৰণ, এটা পুনৰীক্ষণ চক্ৰৰ সময়ত মাত্র এখন প্র-পত্রহে কাৰ্যকৰী কৰিব পৰা যায়।’ এইক্ষেত্ৰত ৰাজ্যিক নির্বাচনী বিষয়াগৰাকীয়ে ১০.২.১৪ (VIII) দফাৰ প্ৰতি মনোযোগ দিবলৈ জিলা নির্বাচনী বিষয়াসকলক জনায়- জনপ্রতিনিধিত্ব আইন-১৯৫০ৰ ২৪নং ধাৰাৰ অধীনত তেওঁ-তাই নিজৰ নাম বাদ পৰাৰ বিৰুদ্ধে নিৰ্ধাৰিত সময়ৰ ভিতৰত জিলা নির্বাচনী বিষয়াৰ ওচৰত আবেদন দাখিল কৰিব পাৰে অথবা ভোটাৰ তালিকাৰ সংক্ষিপ্ত সংশোধন বা অবিৰত অদ্যবধিকৰণৰ যিকোনো সময়তে নির্বাচনী বিষয়াৰ ওচৰত নিজৰ নাম অন্তৰ্ভূক্ত কৰাৰ বাবে প্ৰ-পত্র নং ৬ দাখিল কৰিব পাৰে। গতিকে, এনে আবেদনকাৰীসকলে চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশৰ পিছতহে প্র-পত্র ৬যোগে আবেদন কৰিব লাগিব। কোনো অযোগ্য ভোটাৰৰ নাম যাতে অন্তর্ভুক্ত নহয় আৰু সকলো যোগ্য ভোটাৰৰ নাম সঠিকভাৱে যাতে অন্তর্ভুক্ত হয় সেয়া নিশ্চিত কৰিবলৈ কোৱা হৈছে। এই কার্য আজি চূড়ান্ত ভোটাৰ তালিকা প্রকাশ হোৱাৰ পিছত কাৰ্যকৰী হ’ব। দিনৰ ১ বজাত নিৰ্বাচন আয়োগে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিব ভোটাৰ তালিকা। চূড়ান্ত ভোটাৰ তালিকাৰ ভিত্তিত হ’ব ২০২৬ বৰ্ষৰ অসম বিধানসভা নিৰ্বাচন। উল্লেখ্য যে খচৰা তালিকাৰ পৰা বাদ পৰিছিল ৪ লাখ ৭৮ হাজাৰোধিক ভোটাৰৰ নাম। voters.eci.gov.in, ceoassam.nic.in আৰু ECINET উপলব্ধ হ’ব ভোটাৰ তালিকা। ইফালে, নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ ল’বলৈ ১৭-১৮ ফেব্ৰুৱাৰীত দেশৰ নির্বাচন আয়োগৰ পূৰ্ণাংগ দল অসমলৈ আহিব। মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ, নির্বাচন আয়ুক্ত ড° সুখবীৰ সিং সান্ধু, আৰু ড° বিবেক যোশীসহ এটা উচ্চস্তৰীয়া দলে আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ নিৰ্বাচণোত্তৰ পৰিৱেশ-পৰিস্থিতি অধ্যয়নৰ বাবে অসমলৈ আহিব।
