সত্যনিষ্ঠাৰ কৰ্মফল “Breaking The Silence: A journey of mine “
শ্ৰুতিস্মীতা দেৱী,দেৰগাঁও, নাহৰণি, গোলাঘাট
পাতনি :
উদ্যমেন হি সিদ্ধ্যন্তি কাৰ্যাণি নে মনোৰথৈঃ।
নৈষ্ঠিকং মনসা পুত্ৰ সিঞ্চতি কৰ্ম সম্পদঃ।।
অৰ্থাৎ কেৱল চিন্তা কৰি থাকিলেই কোনো কাম সফল নহয়। সফলতাৰ মূলমন্ত্ৰ হৈছে পৰিশ্ৰম। যি পৰিশ্ৰম কৰে তেওঁৰ সফলতা নিশ্চিত।
প্ৰথমতে পঢ়ুৱৈ সকলো লৈকে ধন্যবাদ জনাইছো নিকুঞ্জ শৰ্মাৰ Breaking the silence: A journey of mine ” কিতাপখন সহৃদয়েৰে আকোঁৱালি লোৱাৰ বাবে , যুৱ লেখক হিচাপে নিকুঞ্জ শৰ্মাৰ কিতাপখনে যথেষ্টখিনি মৰম আৰু আশীৰ্বাদ পাবলৈ সক্ষম হৈছে। Breaking The Silence : A journey of mine ” নামৰ গ্ৰন্থখন লিখিবলৈ আৰম্ভ কৰিছিল ২০২০ চনৰ মাৰ্চ মাহত, লগতে প্ৰকাশ পাইছিল ইং ১০ মাৰ্চ, ২০২৫ তাৰিখে আৰু ১৬ মাৰ্চ, ২০২৫ চনত নেহৰু পাৰ্ক, গুৱাহাটীত ড° উদ্দীপ্ত নয়ন মেধিৰ তত্ত্বাৱধানত ৰাইজৰ মাজলৈ লৈ যোৱা হৈছিল। অসমৰ এজন প্ৰসিদ্ধ সাহিত্যিক শ্ৰীযুত কনকসেন ডেকাৰ শুভেচ্ছা বাণী কিতাপখনত প্ৰকাশ পাইছিল। এই কিতাপখনে বহু দিশ সামৰি লৈছে; যেনে ক্ৰীড়া , শিশু শ্ৰমিক, ভাৰতবৰ্ষত তলাবন্ধৰ প্ৰভাৱ, নতুন শিক্ষা নীতি ২০২০, সামাজিক মাধ্যমৰ ভাল-বেয়া দিশ, আত্মনিৰ্ভৰ ভাৰত, নাৰী সৱলীকৰণ, এনে বহু সংখ্যক বিভিন্ন ধৰণৰ বিষয়ৰ ওপৰত আলোচনা কৰা হৈছে।
কৰ্মনিষ্ঠা : সমগ্ৰ বিশ্বতেই যেতিয়া ক’ৰণা ভাইৰাছৰ সংক্ৰমণ চলিছিল, সকলো মানুহেই; বয়োজ্যেষ্ঠজনৰ পৰা যুৱক – যুৱতী লৈকে সকলো এই মহামাৰীৰ কবলত পৰিছিল। ইয়াৰ মাজতে যুৱ- প্ৰজন্মৰ মাজত কিতাপ পঢ়া- লিখাৰ মাদকতা বৃদ্ধি পাইছিল। এনে এজন যুৱ লেখক নিকুঞ্জ শৰ্মাই তলাবন্ধৰ বন্দীত্বৰ মাজত জীৱনটোক সুন্দৰ আৰু ব্যস্ত কৰি তুলিবলৈ বিভিন্ন দিশ অধ্যয়ন কৰি ব্ৰেকিং দ্যা চাইলেঞ্চ গ্ৰন্থখনৰ কামত ব্ৰতী হৈছিল, তেওঁ এজন Covid -19 আক্ৰান্ত ৰোগী হৈও নিজ কৰ্মনিষ্ঠা, পৰিশ্ৰম, ধৈৰ্য্য, আত্মবিশ্বাস, , অধ্যাৱসায়ৰ যোগেদি গ্ৰন্থখন লিখি উলিয়ালে। Covid -19 ৰ দৰে মহামাৰী আৰু তলাবন্ধৰ দৰে কঠিন পাৰিৱেশিক সমস্যাসমূহ আওকাণ কৰি পূৰ্ণ একাগ্ৰতাৰে তেওঁ নিজৰ কামত মনোনিৱেশ কৰিছিল। যিটো সময়ত ২০২০-২০২১ চনত কৃত্ৰিম বুদ্ধিমত্তায়ে মানুহৰ সৃষ্টিশীলতাৰ ওপৰত প্ৰভাৱ পেলাইছিল, সেই সময়তে শ্ৰীযুত নিকুঞ্জ শৰ্মাই নিজৰ মানৱ সৃষ্টিশীলতাৰ পৰিচয় দিছিল। ব্ৰেকিং দ্যা চাইলেঞ্চ গ্ৰন্থ খনত ব্যৱহৃত কিছু জটিল শব্দই পাঠকৰ মনত আলোড়নৰ সৃষ্টি কৰিছে বুলি জানিব পৰা গৈছে।
পৰিশ্ৰম : নিকুঞ্জ শৰ্মা এগৰাকী কেশৱ চন্দ্ৰ দাস বাণিজ্য মহাবিদ্যালয়ৰ বাণিজ্য বিভাগৰ ছাত্ৰ হৈ সাহিত্যৰ ক্ষেত্ৰখনত তেওঁৰ প্ৰথম পদক্ষেপ অতিকৈ শলাগ ল’বলগীয়া। একান্ত অধ্যাৱসায়, একাগ্ৰতা, সাধনা আৰু আত্মবিশ্বাস যে এজন ব্যক্তিৰ কোনো কামত সফল হোৱাৰ উৎকৃষ্ট নিদৰ্শন, তেওঁ এই কথা আখৰে আখৰে পালন কৰা দেখিবলৈ পোৱা গৈছে। কিতাপখন সম্পূৰ্ণ নিজৰ কষ্টৰ মূল্যৰে প্ৰকাশ কৰা হৈছিল, পিতৃ – মাতৃৰ পৰা কোনো সহায় নোলোৱাকৈ কেৱল টিউচনৰ পইচাৰেই এই কাম সফল হৈ উঠিছিল। গ্ৰন্থখনৰ প্ৰকাশৰ দিশত তেওঁক সহায় কৰা প্ৰকাশক অসমীয়া যুৱ জাগৰণ সমিতিৰ প্ৰতিষ্ঠাপক শ্ৰীযুত মণিমুগ্ধ মেধি ডাঙৰীয়াৰ সৈতে প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ হিচাপবিজ্ঞান বিভাগৰ মুৰব্বী তথা অসমীয়া যুৱ জাগৰণ সমিতিৰ প্ৰতিষ্ঠাপক উপদেষ্টা ড° উদ্দীপ্ত নয়ন মেধি, তেখেতৰ আন্তৰিকতাৰ বাবেই গ্ৰন্থখন সুচাৰুৰূপে প্ৰকাশ পাবলৈ সক্ষম হ’ল। কেশৱ চন্দ্ৰ দাস বাণিজ্য মহাবিদ্যালয়ৰ পৰা আৰম্ভ কৰি গুৱাহাটীৰ বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়লৈ গ্ৰন্থখনৰ প্ৰচাৰ চলোৱা হৈছিল, লেখকৰ একান্ত ধৈৰ্য্য, একাগ্ৰতালৈ লক্ষ্য কৰি শিক্ষক সকলৰ মাজত সমাদৰ লাভ কৰিছিল। ২০০ খন গ্ৰন্থ বিক্ৰী হোৱাটো যুৱ লেখক এজনৰ সফলতাকেই দৰ্শাই। গ্ৰন্থখন বিক্ৰী কৰাৰ দিশত সহায় কৰা শ্ৰীযুত অনিমেষ শৰ্মা (ছাত্ৰ), শ্ৰীযুত গুণজিৎ ভূঞাৰ লগতে লেখিকা বৰষা গায়ন, এওঁলোকৰ প্ৰচাৰে পাঠক সমাজলৈ গ্ৰন্থখন লৈ যোৱাত যথেষ্ট সহায় কৰিছিল। ১৯ জুন, ২০২৫ তাৰিখে অসমৰ সন্মানীয় মূখ্যমন্ত্ৰী মহোদয় ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে, তেওঁ ১০,০০০ টকাৰ এটা অনুদান আগবঢ়ায়, ই এক অনুপ্ৰেৰণা প্ৰদান কৰে যুৱ লেখকজনক। অসমৰ N.B News আৰু Prag News চেনেলটোৰ যোগেদি এক সাক্ষাৎকাৰ লোৱা হৈছিল । গ্ৰন্থখনৰ বিষয়ে নামনিৰ অসম, ৰঙিলী বাৰ্তা আৰু নিয়মীয়া বাৰ্তাৰ সংবাদ পত্ৰত প্ৰৱন্ধ প্ৰকাশ পাইছিল। Breaking The Silence: A journey of mine “গ্ৰন্থখনৰ সমাদৰ লাভ কৰাৰ পিছত তেওঁ বিধায়ক শ্ৰীযুত ৰমেন্দ্ৰ নাৰায়ণ কলিতা , শ্ৰীযুতা মঞ্জু বৰা; শ্ৰীমতী মঞ্জুলা দেৱী, মন্ত্রী শ্ৰীযুত অতুল বৰা , মন্ত্রী শ্ৰীযুত কেশৱ মহন্ত, অৱসৰপ্ৰাপ্ত আই.এ.এছ. শ্ৰীযুত ৰমেশ জৈনৰ দৰে ব্যক্তি সকলক লগ কৰে লগতে বিভিন্ন পৰামৰ্শ আগবঢ়ায়। অসমৰ ডি.জি.পি আৰক্ষী সঞ্চালক প্ৰধান শ্ৰী হৰমীত সিং ছাৰে সম্বৰ্ধনা জ্ঞাপন কৰে।
সমাপ্ত : বৰ্তমান সময়ত গ্ৰন্থখনৰ দ্বিতীয় সংস্কৰণৰ বাবে যথেষ্ট আৰ্থিক সহায়ৰ প্ৰয়োজন হৈছে, ২০০ খন গ্ৰন্থ বিক্ৰী হোৱাৰ দিশলৈ চাই যুৱ লেখক নিকুঞ্জ শৰ্মা ডাঙৰীয়াই পুনৰ সংস্কৰণৰ বাবে যথেষ্ট উৎসাহী হৈ পৰিছে। মই এই গ্ৰন্থখন পঢ়িবলৈ যায় সুখী অনুভৱ কৰিলোঁ, বিভিন্ন দিশৰ বহুখিনি জ্ঞান অৰ্জন কৰিবলৈ পায় মই বাৰুকৈয়ে আপ্লুত হ’লো, আশা কৰোঁ Breaking The Silence: A journey of mine গ্ৰন্থখনৰ দ্বিতীয় সংস্কৰণ অতি সোনকালেই হাতত পৰিব।
নিকুঞ্জ শৰ্মাৰ বহুখিনি প্ৰাপ্তি ইয়াত উল্লেখ কৰিছো, তেওঁ এগৰাকী বহু প্ৰতিভা সম্পন্ন ব্যক্তি, ইয়াৰ ভিতৰত গ্ল’বেল লিটাৰেৰী চাৰ্কল এণ্ড পাব্লিচাৰ্ছৰ পৰা জেন অষ্টেন বঁটা; চি কে এন কে এইচ ফাউণ্ডেশ্যন ৰাষ্ট্ৰীয় সমিতিৰ পৰা শ্ৰেষ্ঠ সমাজ কৰ্মীৰ বঁটা লাভ কৰে।
যুৱ লেখক শ্ৰীযুত নিকুঞ্জ শৰ্মালৈ মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছো।
