ৰ’দালি
ৰশ্মি ৰেখা দুৱৰা,ডিব্ৰুগড়
তোমাৰ মুখাৱয়বত লুকাই আছে
আশাৰ ৰেঙনি
তোমাৰ সজল চকুজুৰিত
মই দেখা পাওঁ
ফৰকাল আকাশৰ
সোণোৱালী আভা,
পুৱা চকুহাল মোহাৰি
তোমাক দেখা নাপালে
মৌনতাই ধৰে আৱৰি
তুমি যে প্ৰকৃতিৰ হিয়াৰ আমঠু
তোমাৰ প্ৰতি উশাহত
তিৰবিৰাই সেউজীয়া ধৰণী।
আজি বহুদিন হ’ল
তোমাক দেখা পোৱা নাই
মনটো উৰুঙা উৰুঙা
শৰীৰটো তোমাৰ অভাৱত
বন্ধ কোঠাৰ কোনোবা এচুকত
নিহালিৰ উমত।
বাটলৈ চাই চাই চকুৰ বিষ
বয়স হৈছে
চকুৰে মনিব নোৱাৰা হৈছোঁ
তুমি বাৰু ওফোন্দ পাতিছা নেকি?
নে ঘন কুঁৱলীৰ আৱৰণত
ক’ৰবাত লুকাই আছা
হয়তো যুঁজি যুঁজি হাৰি গৈছা,
তুমি জয়ী হ’বই লাগিব
তোমাক আমাৰ প্ৰয়োজন
তুমি অহালৈ আশাৰে বাট চাম
প্ৰকৃতিক সাৰথি কৰি
কাকতখন হাতত লৈ
আগ চোতালত নীৰৱে বহি।
