৬৭খন বিদ্যালয়ৰ নৱনিৰ্মিত ভৱন উদ্বোধন মুখ্যমন্ত্ৰীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই অসমৰ শিক্ষা খণ্ডত এক সোণালী অধ্যায়ৰ সূচনা কৰি কামৰূপ মহানগৰ জিলাৰ সোণাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদত কেন্দ্রীয়ভাৱে আয়োজিত এক অনুষ্ঠানযোগে মুঠ ৭৬০ কোটি টকা প্রকল্প ব্যয়ৰে ৰাজ্যৰ বিভিন্ন স্থানত ৬৭ খন বিদ্যালয়ৰ নৱনিৰ্মিত ভৱন
আনুষ্ঠানিকভাবে উদ্বোধন কৰাৰ লগতে ৬১খন বিদ্যালয়ৰ নতুন ভৱন নিৰ্মাণৰ শিলান্যাস কৰে। এই উপলক্ষে প্রদান কৰা ভাষণত মুখ্যমন্ত্রী ড° শৰ্মাই অসমৰ শিক্ষা ক্ষেত্ৰখনত আজি এক যুগান্তকাৰী দিন বুলি অভিহিত কৰে। মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে এটা সময়ত ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ বিভিন্নজনৰ পৰা অহা দান-বৰঙণি আদিৰে নিৰ্মাণ কৰা হৈছিল আৰু শ্ৰেণীকোঠাৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে বিধায়ক বা সাংসদ পুঁজিৰ পৰা লাভ কৰা ধনেৰে শিক্ষানুষ্ঠানসমূহৰ চৌহদত সৰু সৰু কোঠাসমূহ নিৰ্মাণ কৰা হৈছিল। অপৰিকল্পিত এনে নিৰ্মাণকাৰ্যৰ ফলত শিক্ষানুষ্ঠান একোখনৰ নান্দনিক সৌন্দর্যও হ্রাস পাইছিল বুলি মন্তব্য কৰি তেওঁ কয় যে দেশে স্বাধীনতা লাভ কৰাৰ সাত দশক অতিবাহিত হোৱাৰ পিছত শিক্ষানুষ্ঠানসমূহলৈ এটা পৰিৱৰ্তন অনাৰ প্রয়োজনীয়তাও আহি পৰিছিল। মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে ইয়াৰ পৰিপ্ৰেক্ষিততে তেওঁ ২০২১ চনত ৰাজ্যৰ শাসনৰ দায়িত্ব লোৱাৰ পিছত ৰাজ্যৰ বিদ্যালয়সমূহ নতুনকৈ আৰু সুন্দৰকৈ নিৰ্মাণৰ বাবে পৰিকল্পনা গ্রহণ কৰিছিল। এই পৰিকল্পনা বাস্তৱায়িত কৰাৰ উদ্দেশ্যে লোকনির্মাণ বিভাগক শিক্ষা বিভাগৰ সৈতে আলোচনা কৰি বিভিন্ন সা-সুবিধাৰে সমৃদ্ধ নতুন বিদ্যালয় ভৱনৰ নক্সা প্ৰস্তুত কৰাৰ নিৰ্দেশ দিয়াৰ উপৰি তেওঁ নিজে কটন কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়, সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়, কামৰূপ একাডেমীকে ধৰি কেইবাখনো শিক্ষানুষ্ঠান পৰিদৰ্শন কৰি সেইসমূহৰ অৱস্থাৰ প্ৰত্যক্ষভাৱে বুজ লৈছিল। ৰাজ্য চৰকাৰে সমগ্ৰ ৰাজ্যত ১,৩১৮খন বিদ্যালয়ৰ ভৱন নতুনকৈ নিৰ্মাণৰ পদক্ষেপ গ্রহণ কৰিছে বুলি সদৰী কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে তেওঁ ইতিমধ্যে উদ্বোধন কৰা চাংসাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু বৰপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱনির্মিত সুদৃশ্য ভৱনৰ ছবি সামাজিক মাধ্যমত ব্যাপকভাৱে প্ৰচাৰ হৈছে আৰু বহিঃৰাজ্যতো এই নতুন বিদ্যালয় ভবনে বিভিন্নজনৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে। মুখ্যমন্ত্রী ড° শৰ্মাই লগতে জানিবলৈ দিয়ে যে ঐতিহাসিক গুৰুত্ব থকা ৯খন বিদ্যালয়ৰ পুৰণি ভৱনসমূহ ভাঙি দিয়াৰ পৰিৱৰ্তে সেইসমূহ নৱীকৰণ কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে সদৰী কৰে যে প্ৰায় ৪৮৩ কোটি টকা ব্যয়েৰে নতুন ভৱন নিৰ্মাণ কৰি উদ্বোধন কৰা ৬৭খন বিদ্যালয়ৰ ভিতৰত ১৮খন বিদ্যালয়ৰ ভৱন পিএম-ডিভাইন আঁচনিৰ অধীনত নিৰ্মাণ কৰা হৈছে। এই বিদ্যালয়সমূহত ২০টালৈকে শ্রেণীকোঠা, অধ্যক্ষ আৰু শিক্ষকৰ কক্ষ, গৱেষণাগাৰ, পুথিভঁৰাল, স্মার্ট শ্ৰেণীকোঠা আদিকে ধৰি প্ৰয়োজনীয় আন্তঃগাঁথনি সন্নিৱিষ্ট কৰা হৈছে। আনহাতে, ২১খন বিদ্যালয়ৰ ভৱন উত্তৰ-পূব বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনি আৰু ২৮খন বিদ্যালয়ৰ ভৱন গ্রাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজিৰে নিৰ্মাণ কৰা হৈছে। আনহাতে, শিলান্যাস কৰা ৬১খন বিদ্যালয়ৰ প্ৰতিখনকে গ্রাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজিৰে ৪.৫৫ কোটি টকাকৈ সর্বমুঠ ২৭৭.৫৫ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হ’ব। মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে-‘এইখন নতুন অসম। আমি যদি কিবা এটা সংকল্প লওঁ, তাক সিদ্ধিলৈ ৰূপান্তৰ কৰোঁ। ৰাজ্যৰ বিদ্যালয়ৰ ভৱনসমূহ নতুনকৈ নিৰ্মাণৰ আমি সপোন দেখিছিলোঁ, সেই সপোনক আজি আমি সিদ্ধিলৈ ৰূপান্তৰ কৰিলোঁ। ‘ ভাষণত মুখ্যমন্ত্রী ড° শর্মাই আগন্তুক কেইটামান দিনৰ ভিতৰতে ৰাজ্যৰ চাহ বাগিচা অঞ্চলত নিৰ্মাণ কৰা ১০০খন বিদ্যালয় আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ’ব বুলি সদৰী কৰি কয় যে অসমৰ চৰকাৰী শিক্ষানুষ্ঠানৰ এনে বৃহৎ জয়যাত্রা পূর্বতে কেতিয়াও হোৱা নাছিল। নতুন ভৱন নির্মাণৰ সমান্তৰালকৈ ৰাজ্য চৰকাৰে শিক্ষানুষ্ঠানসমূহত নতুন শিক্ষক নিযুক্তিও প্রদান কৰিছে বুলি মন্তব্য কৰি তেওঁ কয় যে বৰ্তমান ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহৰ ৭০ শতাংশ শিক্ষকৰ বয়স ৪৫ বছৰৰ ভিতৰত। ভাষণত মুখ্যমন্ত্রী ড° শৰ্মাই ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত সংগীত আৰু ক্রীড়াক মূল পাঠ্যক্ৰমৰ অংশ হিচাপে কিদৰে গঢ়ি তুলিব পৰা যায়, সেই দিশত এটা আর্হি প্রস্তুত কৰাৰ বাবে সমগ্র শিক্ষা, অসমক পৰামৰ্শ প্রদান কৰে। তেওঁ কয় যে আগন্তুক পাঁচ বছৰত বিদ্যালয় ভৱন নিৰ্মাণ আৰু শিক্ষক নিযুক্তিৰ সমান্তৰালকৈ সংগীত আৰু ক্রীড়াক বিদ্যালয় শিক্ষাৰ মুখ্য ধাৰালৈ লৈ আহিব লাগিব। তেওঁ লগতে বিদ্যালয় পর্যায়তে দক্ষতা আহৰণৰ শিক্ষা প্রদানতো গুৰুত্ব আৰোপ কৰে। শিক্ষার্থী এগৰাকীৰ অধ্যয়ন আৰু দক্ষতা আহৰণৰ মাজত সামঞ্জস্য ৰাখিব পৰাৰ ব্যৱস্থা এটাও থকাৰ প্ৰয়োজন বুলি তেওঁ কয় । অসমলৈ সাম্প্ৰতিক সময়ত অহা পৰিৱৰ্তনৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে আগন্তুক সময়ত বহুকেইটা উদ্যোগ-প্রতিষ্ঠান ৰাজ্যখনত স্থাপন হ’বলৈ গৈ আছে আৰু দক্ষতা থাকিলে এনে উদ্যোগ-প্রতিষ্ঠানসমূহত ৰাজ্যৰ যুৱক-যুৱতীসকলৰ নিয়োগৰ যথেষ্ট সুযোগ ওলাব। এই অনুষ্ঠানত শিক্ষা আদি বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ উপৰি সমগ্ৰ শিক্ষা, অসমৰ অভিযান সঞ্চালক ড° ওম প্রকাশ, বিদ্যালয় শিক্ষা বিভাগৰ আয়ুক্ত সচিব নাৰায়ণ কোঁৱৰ, মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজাই, লোকনির্মাণ বিভাগৰ বিশেষ আয়ুক্ত সচিব চন্দন শৰ্মাকে ধৰি কেইবাগৰাকীও শীর্ষ বিষয়া উপস্থিত থাকে। এই অনুষ্ঠানটো ৰাজ্যৰ বিভিন্ন স্থানত উদ্বোধন আৰু শিলান্যাস হ’বলগীয়া বিদ্যালয়সমূহৰ চৌহদত আয়োজিত অনুষ্ঠানত পোনপটীয়া সম্প্ৰচাৰ কৰা হয় আৰু এই অনুষ্ঠানসমূহতো সাংসদ, বিধায়ককে ধৰি বহুসংখ্যক গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।
