মুখ্যমন্ত্ৰীৰ উপস্থিতিত ডিব্ৰুগড়ত কেইবাটাও প্ৰকল্পৰ শিলন্যাস কেন্দ্রীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ
ৰঙিলী বাৰ্ত্তাসেৱা- দুদিনীয়া কাৰ্যসূচীৰে অসম ভ্ৰমণলৈ অহা কেন্দ্রীয় গৃহমন্ত্ৰী অমিত শ্বাহে বৃহস্পতিবাৰে মাজনিশা বিশেষ বিমানেৰে ডিব্ৰুগড়ত উপস্থিত হয় । নিশাটো ডিব্ৰুগড়তে কটাই শুকুৰবাৰে ডিব্ৰুগড়ৰ খনিকৰ পেৰেড গ্রাউণ্ডত আয়োজিত এক বিশাল জনসভাত অংশগ্ৰহণ কৰে কেন্দ্রীয় গৃহমন্ত্ৰী অমিত শ্বাহে। এই সভাতে কেন্দ্রীয় গৃহমন্ত্ৰী অমিত শ্বাহে মুঠ ১,৭১৫ কোটি টকা ব্যয় সাপেক্ষ ৫টা প্ৰকল্পৰ শিল্যান্যস-উদ্বোধন কৰে।কেন্দ্রীয় গৃহমন্ত্ৰী অমিত শ্বাহে নিজৰ ভাষণ আৰম্ভ কৰি ডিব্ৰুগড়ক দ্বিতীয় ৰাজধানী কৰিবলৈ চেষ্টা কৰা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ডিব্ৰুগড়ৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক ধন্যবাদ জনায় ।

উল্লেখ্য যে কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে ২৮৪ কোটি টকা ব্যয় সাপেক্ষ ডিব্ৰুগড়ত দ্বিতীয়টো বিধানসভা ভৱন-বিধায়ক আৱাস, ২৯২ কোটি টকা ব্যয়ৰে দিনজানৰ ১১৭ বিঘাৰো অধিক ভূমিত নির্মাণ হ’বলগীয়া বন্যপ্রাণী স্বাস্থ্য-গৱেষণা প্রতিষ্ঠান, ২০৯ কোটি টকা ব্যয়ৰে খনিকৰত বহুমুখী ক্রীড়া প্ৰকল্পৰ দ্বিতীয় পৰ্যায়ৰ শিলান্যাস কৰাৰ বিপৰীতে ২৩৮ কোটি টকা ব্যয়ৰে বহুমুখী ক্রীড়া প্রকল্পটোৰ প্ৰথম পর্যায় আৰু ৰাষ্ট্ৰীয় দুর্যোগ প্রশমন পুঁজিৰ সহায়ত ৬৯২ কোটি টকা ব্যয়ৰে ৰূপায়ণ কৰা অসমৰ জলাশয়সমূহৰ পুনৰুদ্ধাৰ- পুনৰুজ্জীৱিতকৰণ প্ৰকল্পৰ উদ্বোধন কৰে। অনুষ্ঠানত দিয়া ভাষণত কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে কয় যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ২০২৫ চনত ডিব্ৰুগড়ক ৰাজ্যৰ দ্বিতীয় ৰাজধানী কৰাৰ কথা ঘোষণা কৰিছিল। কংগ্ৰেছ চৰকাৰৰ আমোলত ঘোষণা কেৱল ঘোষণা হৈয়েই থাকিছিল। কিন্তু এতিয়া ক্ষমতাত আমাৰ দল।

মুখ্যমন্ত্রী ড° শৰ্মাই কৰা ঘোষণা মতে আজি ৫৭ বিঘা ভূমিত অসমৰ দ্বিতীয় বিধানসভা চৌহদৰ শিল্যানাস কৰা হৈছে। এতিয়া ডিব্ৰুগড়বাসীয়ো অসমৰ ৰাজধানীৰ বাসিন্দা হিচাপে পৰিচিত হ’ব। সেইদৰে অসমৰ জলাশয়সমূহৰ পুনৰদ্ধাৰ-পুনৰুজ্জীৱিতকৰণ প্রকল্প সন্দৰ্ভত তেওঁ কয় যে অসমৰ নদীসমূহ আমাৰ সাংস্কৃতিক ঐতিহ্য, কৃষকসকলৰ অৰ্থনৈতিক মেৰুদণ্ড আৰু মাতৃসদৃশ। বছৰৰ পিছত বছৰ ধৰি অসম বানৰ কবলত পৰি আছে। বানৰ পৰা অসমক ৰক্ষা কৰাৰ কাৰণে স্পেচ এপ্লিকেচন চেণ্টাৰে ৰাজ্যত এটা জৰীপ সম্পন্ন কৰিছে। এই জৰীপৰ ভিত্তিতে চিহ্নিত কৰা হৈছে বৃহৎ জলাশয়। কেন্দ্রীয় গৃহ মন্ত্রালয়ে প্রথম পর্যায়ত ১৫টা জলাশয় উন্নয়নৰ বাবে ৬৯২ কোটি টকা ব্যয় কৰিছে। ইয়াৰ ফলত ৭,৫০,০০০ লোকক বানৰ কবলৰ পৰা ৰক্ষা কৰিব পৰা যাব। প্রায় ৭৭ হাজাৰ হেক্টৰ ভূমিত সুবিধা হ’ব জলসিঞ্চনৰ। বানৰ তীব্রতা হ্রাস পাব তথা জলধাৰণ ক্ষমতা বৃদ্ধিৰ ফলত ভূগর্ভস্থ জলস্তৰ বৃদ্ধি পাব।

১৫টা বৃহৎ জলাশয়ে জলসিঞ্চনৰ ব্যৱস্থা কৰাৰ ফলত অসমীয়া কৃষকসকলে বছৰি তিনিটা ফচলৰ কৃষিকৰ্ম কৰাত সহায় লাভ কৰিব। ইয়াৰ সমান্তৰালভাৱে পশুপালন আৰু দুগ্ধ উদ্যোগকো উৎসাহিত কৰিব। লগতে ই আকর্ষণ কেন্দ্রবিন্দু হ’ব পৰ্যটকৰ। কেন্দ্ৰীয় গৃহমন্ত্রী শ্বাহৰ মতে বিগত ৫ বছৰত অসমৰ উল্লেখযোগ্য অর্থনৈতিক সংস্কাৰ হৈছে। অসমৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন ৪.১ লাখ কোটি টকাৰ পৰা বৃদ্ধি হৈছে ৭.২ লাখ কোটি টকালৈ। মোদী চৰকাৰৰ আমোলত যুৱপ্ৰজন্মৰ আয় ৫০ শতাংশ বাঢ়িছে। আমাক যদি শান্তি, উন্নয়ন, শিক্ষা, উদ্যোগ আৰু কৰ্মসংস্থাপনৰ প্ৰয়োজন হয়, তেন্তে সেয়া বিজেপি চৰকাৰৰ দিনতহে সম্ভৱ হ’ব পাৰে। ক্রীড়া খণ্ডৰ উন্নয়নৰ হকে প্রধানমন্ত্রী মোদীয়ে যুৱপ্ৰজন্মক উৎসাহিত কৰাৰ হকে গ্ৰহণ কৰা পদক্ষেপৰ প্ৰংসগও ভাষণত উল্লেখ কৰে তেওঁ। এই সন্দৰ্ভত তেওঁ কয় যে আজি ডিব্ৰুগড়ত বিশ্বমানৰ সুযোগ-সুবিধা সমৃদ্ধ এটা বহুমুখী ক্রীড়া প্ৰকল্পৰ প্ৰথম পর্যায় উদ্বোধন কৰা হৈছে। ২৩৮ কোটি টকা ব্যয় সাপেক্ষে ১০৬ একৰ ভূমিত এখন ইনড’ৰ ষ্টেডিয়াম, ছুইমিং পুল, ফুটবল ফিল্ড, লন টেনিছ কর্ট, বাস্কেটবল ক’র্ট, ভলীবল ক’র্ট, খেলুৱৈ-প্রশিক্ষকসকল থাকিবলৈ হোষ্টেলৰ ব্যৱস্থা কৰা হৈছে।

ইয়াৰ লগে লগে ২০৯ কোটি টকা ব্যয়েৰে ক্ৰীড়া প্রকল্পটোৰ দ্বিতীয় পৰ্যায়ৰ শিলান্যাসো সম্পন্ন কৰা হৈছে। সেইদৰে অসম বিধানসভাৰ দ্বিতীয়টো চৌহদ সম্পর্কত তেওঁ কয় যে আজি অসম বিধানসভাৰ দ্বিতীয়টো চৌহদ আৰু বিধায়ক আৱাসৰ শিলান্যাস কৰা হ’ল। দিনজানত ২৯২ কোটি টকাৰে এটি বন্যপ্রাণী স্বাস্থ্য-গৱেষণা প্ৰতিষ্ঠান নিৰ্মাণ কৰা হ’ব। য’ত বন্যজন্তুৰ চিকিৎসাৰ লগতে গৱেষণা তথা ৰোগ নিৰ্ণয়ৰ সুযোগ সুবিধা অন্তর্ভুক্ত থাকিব। কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে নিজ ভাষণতেই জাতিৰ পিতা মহাত্মা গান্ধীলৈ মৃত্যুবার্ষিকীত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। আজিৰ অনুষ্ঠানত মুখ্যমন্ত্রী ড° শর্মা, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্রী পৱিত্ৰ মাৰ্ঘেৰিটা, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, উপাধ্যক্ষ ডাঃ নোমল মমিন, মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰী, কেশৱ মহন্ত, যোগেন মহন, পীযূষ হাজৰিকা, বিমল বড়া, নন্দিতা গার্লোছা, ৰূপেশ গোৱালা, কৃষ্ণেন্দু পাল, সাংসদ ৰামেশ্বৰ তেলী আদি উপস্থিত আছিল।
