‘মাজুলীৰ পঞ্চৰত্ন’ৰ একাদশ প্ৰতিষ্ঠা দিৱস ; পঞ্চপুৰোধালৈ মাজুলী মহাবিদ্যালয়ৰ শ্ৰদ্ধাৰ্ঘ
‘পূৰ্বসূৰীসকলৰ প্ৰতি শ্ৰদ্ধাশীল হোৱাটো সকলোৰে পৱিত্ৰ কৰ্তব্য’—ডঃ দেৱজিৎ শইকীয়া:
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- ২০১৬ চনৰ ৩০ জানুৱাৰী। অসমীয়া সাহিত্য জগতৰ অন্যতম কাণ্ডাৰীপুৰুষ ডঃ নগেন শইকীয়াই উন্মোচন কৰিছিল ঐতিহ্যমণ্ডিত মাজুলী মহাবিদ্যালয়ত প্ৰতিষ্ঠিত মাজুলীৰ পঞ্চৰত্নৰ আৱক্ষ মূৰ্তি। গুৱাহাটী নিৱাসী মাজুলীৰ সুসন্তান, সমাজকৰ্মী-অৱসৰী অভিযন্তা জিতেন দোলাকাষৰীয়াই নিজাববীয়া উদ্যোগত প্ৰতিষ্ঠা কৰা আধুনিক মাজুলীৰ দিগগজ পঞ্চপুৰোধা যথাক্ৰমে দত্তদেৱ গোস্বামী, মণিৰাম দত্ত মোক্তাৰ বৰবায়ন, পীতাম্বৰ দেৱ গোস্বামী, কেশৱৰাম বৰা আৰু তৰুণচন্দ্ৰ পামেগামৰ পাঁচটিকৈ মূৰ্তি। ‘মাজুলীৰ পঞ্চৰত্ন’ নামেৰে এই প্ৰতিমূৰ্তি প্ৰতিষ্ঠা কৰাৰ দিনৰে পৰা প্ৰতি বছৰে আজিৰ দিনটোক মাজুলীবাসীয়ে পালন কৰি আহিছে ‘পঞ্চৰত্ন দিৱস’ হিচাপে। সেই অনুসৰি আজি মহাবিদ্যালয় কৰ্তৃপক্ষৰ উদ্যোগত পালিত হয় ‘মাজুলীৰ পঞ্চৰত্ন’ৰ একাদশ প্ৰতিষ্ঠা দিৱস। এই উপলক্ষে পুৱা মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ পৰিচালক নাৰায়ণ শইকীয়া, কৰ্মচাৰী গোটৰ সদস্য অতুল বৰা, ভৱেন শইকীয়া, প্ৰশান্ত পায়েং, মংগলা পায়েং, নৈশ চকীদাৰ মাণিক ৰেগন আৰু অনাময় কৰ্মী দীপক দাসৰ নেতৃত্বত এন চি চিৰ কেডেটসকলে মহাবিদ্যালয় চৌহদত পৰিৱেশ নিকাকৰণ কাৰ্যসূচী ৰূপায়ণ কৰে। দিনৰ ১০ বজাৰ পৰা শিক্ষক-কৰ্মচাৰী তথা শিক্ষাৰ্থীসকলৰ উপস্থিতিত মহাবিদ্যালয়ৰ ‘পঞ্চৰত্ন ক্ষেত্ৰ’ত এক বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। কাৰ্যসূচীৰ আৰম্ভণিতে মহাবিদ্যালয় চৌহদত অৱস্থিত ‘পঞ্চৰত্ন’ ক্ৰমে ‘যুগান্তৰৰ প্ৰতীক’ দত্তদেৱ গোস্বামী, ‘শঙ্কৰী সংস্কৃতিৰ সাধক’ মণিৰাম দত্ত মোক্তাৰ বৰবায়ন, ‘যুগনায়ক’ পীতাম্বৰ দেৱ গোস্বামী, আধুনিক মাজুলীৰ খনিকৰ’ কেশৱৰাম বৰা আৰু ‘সমন্বয়ৰ প্ৰতীক’ তৰুণচন্দ্ৰ পামেগামৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন আৰু পুষ্পাৰ্ঘ্য তৰ্পন কৰে যথাক্ৰমে মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়া, প্ৰাক্তন অধ্যক্ষ নৰেন চন্দ্ৰ ঠাকুৰীয়া, প্ৰশাসনিক সমন্বয়ক প্ৰশান্ত শইকীয়া, শিক্ষক গোটৰ সভাপতি ডঃ ব্ৰজেন চন্দ্ৰ নেওগ, উদ্ভিদ বিজ্ঞান বিভাগৰ পৰীক্ষাগাৰ যোগনিয়াৰ যোগ পাহাদী আৰু বিশিষ্ট সমাজকৰ্মী ললিত শইকীয়াই। ইয়াৰ পাছতেই মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত স্মৃতিচাৰণ সভাখনিত বক্তব্য দাঙি ধৰি সমাজকৰ্মী ললিত শইকীয়াই কয় ‘মাজুলীৰ পঞ্চৰত্ন’ৰ অৱদানক শ্ৰদ্ধাৰে সোঁৱৰণ কৰি তেওঁলোকৰ পৱিত্ৰ স্মৃতিত শ্ৰদ্ধা তৰ্পণৰ বাবে কৰা ব্যৱস্থাই তুলনামূলকভাৱে পিছপৰা মাজুলীৰ উঠি অহা প্ৰজন্মক উদ্বেলিত কৰিব। নদীদ্বীপটিৰ সামগ্ৰিক বিকাশ আৰু শৈক্ষিক উত্তৰণৰ দিশত মাজুলীৰ পঞ্চৰত্নই গ্ৰহণ কৰা ভূমিকাৰ বিষয়ে তেওঁ আলোকপাত কৰাৰ লগতে তেওঁলোকৰ আদৰ্শ নৱপ্ৰজন্মৰ পাথেয় হোৱা উচিত বুলি অভিহিত কৰে। সভাপতিৰ মন্তব্যত অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াই মাজুলীৰ পঞ্চৰত্নৰ প্ৰতিমূৰ্তি প্ৰত্যক্ষ কৰা মাজুলী মহাবিদ্যালয়ৰ প্ৰতিজন শিক্ষাৰ্থীয়ে জীৱনত নিজকে প্ৰতিষ্ঠা কৰিবলৈ প্ৰেৰণা লাভ কৰে বুলি উল্লেখ কৰি কয়— “এইসকল বৰেণ্য পুৰুষে অনেক কায়-ক্লেশ সহ্য কৰি মাজুলীৰ সমাজ জীৱন মহীয়ান কৰি থৈ গ’ল। উত্তৰ প্ৰজন্মক পোহৰৰ বাট দেখুওৱা পূৰ্বসূৰীসকলৰ প্ৰতি শ্ৰদ্ধাশীল হোৱাটো সকলো সংস্কৃতিৱান লোকৰে পৱিত্ৰ কৰ্তব্য।” মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডঃ দুলাল হাজৰিকাই আঁত ধৰা আৰু উদযাপন সমিতিৰ আহবায়ক অধ্যাপক কাৰ্তিক নাথে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনিত মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ নৰেন চন্দ্ৰ ঠাকুৰীয়া, মহাবিদ্যালয়ৰ প্ৰাক্তন ক্ৰীড়া সম্পাদক তথা সমাজকৰ্মী ললিত শইকীয়া, প্ৰশাসনিক সমন্বয়ক প্ৰশান্ত শইকীয়া, অভ্যন্তৰীণ মান নিশ্চিকৰণ কোষৰ সমন্বয়ক বসন্ত বৰা, শিক্ষক গোটৰ সভাপতি ডঃ ব্ৰজেন চন্দ্ৰ নেওগ, সম্পাদক ডঃ অনুপ কুমাৰ দলে, মহাবিদ্যালয় শিক্ষক-কৰ্মচাৰী সঞ্চয় আৰু ঋণদান সমবায় সমিতি পৰিসীমিতৰ সম্পাদক ডঃ ৰাজেন চন্দ্ৰ বৰা, প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনৰ সম্পাদক তুলসী ৰাজখোৱা, গ্ৰন্থাগাৰিক প্ৰদীপ চন্দ্ৰ দাস, মহিলা সৱলীকৰণ কোষৰ সভানেত্ৰী প্ৰণীতা ৰাজখোৱা, সম্পাদিকা ডঃ অনন্যা বৰুৱা, শিক্ষক গোটৰ সদস্যসকল, কৰ্মচাৰী গোটৰ সভাপতি পদ্মধৰ বৰুৱা, সম্পাদক সদানন্দ ৰেগন, অৱসৰপ্ৰাপ্ত কৰ্মচাৰী দীনকান্ত হাজৰিকা প্ৰমুখ্যে দ্বিশতাধিক শিক্ষাৰ্থী উপস্থিত থাকে।
