মাজুলী মহাবিদ্যালয়ৰ পৰীক্ষাগাৰ যোগনিয়াৰ যোগ পাহাদীলৈ বিদায় সম্বৰ্ধনা
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- কালিলৈ কৰ্মজীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰিবলগীয়া মাজুলী মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ পৰীক্ষাগাৰ যোগনিয়াৰ যোগ পাহাদীক বিভাগটোৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে বিদায় সম্ভাষণ জনাবলৈ আজি এখনি সভা অনুষ্ঠিত হয়। উদ্ভিদ বিজ্ঞান বিভাগৰ বিভাগীয় কক্ষত বিয়লি ১.৩০ বজাৰ পৰা অনুষ্ঠিত বিদায় সম্বৰ্ধনা সভাৰ আঁত ধৰে মুৰব্বী অধ্যাপিকা ডঃ জুলি গগৈয়ে আৰু উদ্দেশ্য ব্যাখ্যা কৰে ষষ্ঠ ষাণ্মাসিকৰ ছাত্ৰী দেৱাশ্ৰী দত্তই। ছাত্ৰী পৰিণীতা হাজৰিকাৰ এটি গীতেৰে আৰম্ভ হোৱা সভাখনত সভাপতিত্ব কৰে বিভাগৰ জ্যেষ্ঠ অধ্যাপিকা ইন্দিৰা বড়াই। বিভাগীয় মুৰব্বী ডঃ জুলি গগৈয়ে সকলোকে আদৰণী জনায়। সভাখন উদ্বোধন কৰি মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াই কয়, “এখন শিক্ষানুষ্ঠানত কৰ্মৰত কৰ্মচাৰীসকলৰ পৰা শিক্ষাৰ্থীসকলে বহুখিনি শিকিব খোজে, ল’ব খোজে আদৰ্শ। এগৰাকী আদৰ্শৱান কৰ্মচাৰীৰ জীপাল সান্নিধ্যই শিক্ষাৰ্থীসকলক অনেকপভাৱে সমৃদ্ধ আৰু উপকৃত কৰিব পাৰে। শিক্ষাৰ্থীসকলক ভৱিষ্যত জীৱনৰ পথ নিৰ্দেশনাও দিব পাৰে কৰ্মসংস্কৃতিৱান আৰু নৈষ্ঠিক কৰ্মচাৰীয়েই। আমাৰ মহাবিদ্যালয়ৰ কৰ্মচাৰী যোগ পাহাদী আছিল তেনে এগৰাকী চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী, যাৰ কৰ্ম আদৰ্শই অধ্যক্ষকো অনুপ্ৰাণিত কৰিছিল। তেওঁৰ দৰে কৰ্মচাৰী অনুষ্ঠান এটিৰ ধৰণী।” তেওঁ লগতে মহাবিদ্যালয়খনিলৈ যোগ পাহাদীয়ে আগবঢ়োৱা নিঃস্বাৰ্থ সেৱাৰ বিষয়ে বিশেষভাৱে উল্লেখ কৰে আৰু আনুষ্ঠানিকভাৱে বিদায় গ্ৰহণ কৰিলেও তেওঁ মহাবিদ্যালয়ৰ উত্তৰণৰ ক্ষেত্ৰত আজীৱন সহযোগ কৰিব বুলি আশা প্ৰকাশ কৰে। সভাত মহাবিদ্যালয়ৰ প্ৰশাসনিক সমন্বয়ক প্ৰশান্ত শইকীয়া, শিক্ষক গোটৰ সম্পাদক ডঃ অনুপ কুমাৰ দলে, অধ্যাপক ডঃ পল্লৱী দুৱৰা, ডঃ অৰূপ বুঢ়াগোহাঁই, ডঃ আমিনুল ইছলাম, গ্ৰন্থাগাৰিক প্ৰদীপ চন্দ্ৰ দাস, প্ৰাক্তন শিক্ষাৰ্থী কিশান দাস, প্ৰিয়ংকা বৰা, আদিত্য বৰা, প্ৰিয়া পায়েং, সুমন দেউৰী, কেশৱানন্দ দলে ছাত্ৰ বিমান ৰাজখোৱা প্ৰমুখ্যে লোকসকল বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা সম্বৰ্ধনা সভাখনিত সদ্যঅৱসৰী কৰ্মচাৰী যোগ পাহাদীক শিক্ষক-শিক্ষাৰ্থীসকলৰ তৰফৰ পৰা অংগবস্ত্ৰ, মুখা, সম্বৰ্ধনা পত্ৰ, স্মাৰক আৰু গ্ৰন্থৰ টোপোলাৰে সম্বৰ্ধনা জনোৱা হয়। আজিৰ সভাতে মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ শিক্ষক-শিক্ষাৰ্থীসকলে অৱসৰপ্ৰাপ্ত পৰীক্ষাগাৰ যোগনিয়াৰ দীনকান্ত হাজৰিকা আৰু মহাবিদ্যালয়ৰ মুখ্য সহায়ক পদ্মধৰ বৰুৱাকো উদ্ভিদ বিজ্ঞান বিভাগৰ তৰফৰ পৰা অংগবস্ত্ৰ, সম্বৰ্ধনা পত্ৰ, আৰু গ্ৰন্থৰ টোপোলাৰে সম্বৰ্ধনা জনায়। নিজৰ বক্তব্যত যোগ পাহাদীয়ে সফলতাৰে কৰ্মজীৱন সমাপ্ত কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা সহযোগিতাৰ বাবে অধ্যক্ষ প্ৰমুখ্যে মহাবিদ্যালয় পৰিয়ালক বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰে।
