মাজুলীৰ জলসিঞ্চন উপ- সংমণ্ডলৰ ১৩ গৰাকী অৱসৰপ্ৰাপ্ত বিষয়া কৰ্মচাৰীক বিদায় সম্বৰ্ধনা

মাজুলীৰ জলসিঞ্চন উপ- সংমণ্ডলৰ ১৩ গৰাকী অৱসৰপ্ৰাপ্ত বিষয়া কৰ্মচাৰীক বিদায় সম্বৰ্ধনা: আবেগিক মনোজ্ঞ অনুষ্ঠানত ১৩ গৰাকী সদ্য অৱসৰী কৰ্মচাৰীয়ে প্ৰকাশ কৰিলে নিজৰ কৰ্মজীৱনৰ মৰ্ম স্পশী অভিজ্ঞতা 

বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- মাজুলী জলসিঞ্চন উপ সংমণ্ডলৰ সদ‌্য অৱসৰপ্ৰাপ্ত ১৩ গৰাকী বিষয়া-কৰ্মচাৰীক যোৱা ২৬ জানুৱাৰীত গণৰাজ্য দিৱসৰ দিনাই আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জনোৱা হয়। মাজুলীৰ জলসিঞ্চন উপ সংমণ্ডলৰ মুখ্য কাৰ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হোৱা উক্ত বিদায় সম্বৰ্ধনা অনুষ্ঠানটো বিভাগৰ উচ্চ বৰ্গৰ সহায়ক নৰেন শইকীয়াই আঁত ধৰে । উক্ত আবেগিক সম্বৰ্ধনা অনুষ্ঠানত সভাপতিত্ব কৰে মাজুলী জলসিঞ্চন বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা ইন্দ্ৰ কান্ত পাংগিঙে । অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ বিদায় সম্বৰ্ধনা অনুষ্ঠানত মাজুলীৰ জলসিঞ্চন উপ সংমণ্ডলৰ সদ্য অৱসৰপ্ৰাপ্ত কৰ্মচাৰী কেশৱ বৰা, ধনীৰাম শইকীয়া, নন্দেশ্বৰ বৰা, ধৰ্মেশ্বৰ বৰা,কনক চন্দ্ৰ শইকীয়া, বকুল নৰহ, সুৰেন শইকীয়া, তৰুণ গায়ন, নীৰেন বৰুৱা, ৰাজেন শৰ্মা, জয়না মোহন দাস, অতুল শইকীয়া, ধৰ্মেশ্বৰ বৰা আৰু ললিত চন্দ্ৰ বৰাক আনুষ্ঠানিকভাৱে ভাৱে সম্বৰ্ধনা জনোৱা হয়। বিভাগটোৱে আগবঢ়োৱা অংগবস্ত্ৰ ,গীতা শাস্ত্ৰ,শৰাই আৰু সম্বৰ্ধনা পত্ৰৰে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনায়। অনুষ্ঠানটো পৰিচালনা কৰে নৰেন শইকীয়াই।  অনুষ্ঠানটিত বিভাগৰ কনিষ্ঠ অভিযন্তা স্বপ্ননীল কাশ্যপ সহ মাজুলী জলসিঞ্চন বিভাগৰ সকলো বিষয়া কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে । সম্বৰ্ধনা অনুষ্ঠানত সম্বৰ্ধনা গ্ৰহণ কৰি অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলে তেওঁলোকৰ কৰ্মজীৱনৰ বিভিন্ন অভিজ্ঞতা ব্যাখ্যা কৰি মৰ্মস্পৰ্শী ভাষণ প্ৰদান কৰে। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে পীতাম্বৰ দেৱ গোস্বামী মহাবিদ্যালয়ৰ প্ৰৱক্তা যদু কলিতা, অৰুণোদয় হাইস্কুলৰ শিক্ষক বসন্ত কুমাৰ শইকীয়াই অংশগ্ৰহণ কৰি শুভেচ্ছা মূলক ভাষণ প্ৰদান কৰে। বিভাগৰ কৰ্মচাৰী প্ৰদীপ দাসৰ গীতে সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে। অনুষ্ঠানত বিভাগৰ কৰ্মচাৰী সঞ্জীৱ দাস, প্ৰদীপ দাস,নৰেন শইকীয়াই শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰি অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলক শুভেচ্ছা জ্ঞাপন কৰে।  সম্বৰ্ধনা অনুষ্ঠানটিত অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলকৰ পৰিয়ালৰ লোকসকলেও অংশগ্ৰহণ কৰে।