বিশাখাপটনমত আজি ভাৰত-নিউজিলেণ্ডৰ চতুৰ্থখন টি-২০ মেচ
ৰঙিলী বাৰ্ত্তাসেৱা- ঘৰুৱা দল ভাৰত আৰু নিউজিলেণ্ডৰ মাজত পাঁচখনীয়া টি-২০ মেচৰ শৃংখলাটোৰ চতুৰ্থখন মেচখন আজি বিশাখাপটনমত অনুষ্ঠিত হ’ব। ইতিমধ্যে প্রথম তিনিখন মেচত জয়লাভ কৰি ৩-০ৰ অগ্রগতিৰে শৃংখলাটো হস্তগত কৰা ভাৰতীয় দলটোৰ বাবে এই মেচখন বিশেষ গুৰুত্বপূৰ্ণ নহয় যদিও আগন্তুক টি-২০ বিশ্বকাপৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় দলটোৱে মেচখনক বিশেষ গুৰুত্ব দিছে। শৃংখলাটোৰ প্রথম তিনিওখন মেচতে অ’পেনাৰ সঞ্জু ছেমছনৰ ধাৰাবাহিক ব্যর্থতাই দলটোক অৱশ্যে কিছু পৰিমাণে চিন্তাত ৰাখিছে। তাৰকা অ’পেনাৰগৰাকীয়ে শৃংখলাৰ অন্তিম দুখন মেচত নিজৰ ছন্দ ওভতাই পাব বুলি আশা ব্যক্ত কৰি সূৰ্যকুমাৰ যাদৱে কয় যে এই মেচখন আমাৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ নহয় যদিও আমি শক্তিশালী ৰূপত অৱতীৰ্ণ হ’ম। কাৰণ বিশ্বকাপলৈ মাজত মাথোঁ কেইটামান দিনহে বাকী। নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিবলগীয়া অন্তিম দুখন মেচত আমি আমাৰ ভুলবোৰ শুধৰাই ল’ব লাগিব। বিশ্বকাপৰ পূৰ্বে এইটোৱেই হ’ল আমাৰ অন্তিম শৃংখলা।
