নেপথ্য কণ্ঠশিল্পী হিচাপে অৱসৰ ঘোষণা অৰিজিৎ সিঙৰ

Pc NDTV

নেপথ্য কণ্ঠশিল্পী হিচাপে অৱসৰ ঘোষণা অৰিজিৎ সিঙৰ

ৰঙিলী বাৰ্ত্তাসেৱা- অনুৰাগীক আচৰিত কৰি জনপ্ৰিয় কণ্ঠশিল্পী অৰিজিৎ সিঙৰ ডাঙৰ ঘোষণা।  নিজৰ সুৰীয়া কণ্ঠৰে অগণন গুণমুগ্ধৰ হৃদয় জয় কৰিবলৈ সক্ষম হোৱা কণ্ঠশিল্পী অৰিজিৎ সিঙে নতুনকৈ আৰু কোনো নেপথ্য সংগীতৰ বাবে চুক্তিবদ্ধ নোহোৱাৰ সিদ্ধান্ত গ্রহণ কৰিছে। সামাজিক মাধ্যমযোগে অনুৰাগীসকললৈ এই বাৰ্তা প্ৰেৰণ কৰিছে কণ্ঠশিল্পীগৰাকীয়ে। ভাৰতীয় সংগীতৰ জগতখনত এজন নেতৃস্থানীয় কণ্ঠশিল্পী হিচাপে নিজকে প্রতিষ্ঠা কৰিবলৈ সক্ষম হোৱা অৰিজিৎ সিঙে তেওঁক সমর্থন কৰা বাবে অগণন শ্রোতাক ধন্যবাদ জ্ঞাপন কৰে। নেপথ্য সংগীত শিল্পী হিচাপে তেওঁ নতুনকৈ আৰু চুক্তিবদ্ধ হোৱাৰ পৰা বিৰত থাকিব বুলি লোৱা সিদ্ধান্তৰ কথাও ঘোষণা কৰে।সামাজিক মাধ্যমত অৰিজিতে লিখিছে, “সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। যোৱা কেইবছৰমানৰ পৰা আপোনালোকে মোক এজন শ্ৰোতা হিচাপে দিয়া মৰমৰ বাবে মই কৃতজ্ঞ। আজি মই ঘোষণা কৰি সুখী যে এতিয়াৰ পৰা মই প্লেবেক কণ্ঠশিল্পী হিচাপে কোনো নতুন কাম গ্ৰহণ নকৰো। ইয়াতেই শেষ কৰিছোঁ। এই যাত্ৰা সঁচাকৈয়ে অপূৰ্ব আছিল।” ভগৱানৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি অৰিজিতে আৰু কয়, “ভগৱানে মোৰ প্ৰতি অতি দয়া কৰিছে। মই ভাল সংগীতৰ অনুৰাগী। ভৱিষ্যতে এজন সৰু শিল্পী হিচাপে মই আৰু নতুন কাম শিকিবলৈ চেষ্টা কৰিম আৰু ব্যক্তিগতভাৱে কিবা এটা কৰিবলৈ চেষ্টা কৰিম। আপোনালোকৰ সহায়ৰ বাবে পুনৰ ধন্যবাদ। অৱশ্যে পূৰ্বৰ কিছুমান কাম এতিয়াও বাকী আছে, মই সেইবোৰ শেষ কৰিম। গতিকে হয়তো মোৰ আৰু কিছুমান গীত এই বছৰ মুক্তি পাব পাৰে। মই স্পষ্টকৈ ক’ব বিচাৰো যে মই গীত নিৰ্মাণ কৰা বন্ধ কৰা নাই।” কণ্ঠৰে মন্ত্ৰমুগ্ধ কৰা শিল্পীজনৰ এই সিদ্ধান্তই নেটিজেনক স্তম্ভিত কৰি তুলিছে।  ২০০৫ চনত ৰিয়েলিটী শ্ব’ ‘ফেম গুৰুকুল’ত প্ৰতিযোগী হিচাপে আৰম্ভণি কৰা অৰিজিতে ২০১১ চনত ইমৰাণ হাছমী অভিনীত ‘মাৰ্ডাৰ ২’ৰ গান ‘ফিৰ মহব্বত’ ত কণ্ঠদান কৰি এই যাত্ৰাৰ অভিষেক ঘটায় । ২০১৩ চনত ‘আশিকী ২’ৰ হিট গান ‘তুম হি হো’ৰ জৰিয়তে তেওঁ সকলোৰে হৃদয়ত স্থান দখল কৰিবলৈ সক্ষম হয় । ইয়াৰ পিছত সিং বহু ধাৰাৰ গীতৰ লগতে যিকোনো মেজাজৰ প্ৰিয় কণ্ঠস্বৰ হৈ পৰে, সেয়া লাগিলে প্ৰেম হওক, হৃদয় বিদাৰক হওক বা সুখৰ গানেই নহওক কিয়, সকলোতে কেৱল অৰিজিতৰ কণ্ঠ । চান্না মেৰেয়া, অগৰ তুম সাথ হো, ৰাবতা, কেশৰিয়া, গেৰুৱা, এ দিল হে মুস্কিল আৰু চালেয়া এইসমূহ গীতৰ কথা উল্লেখ কৰিব পাৰি ।