কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ
ৰঙিলী বাৰ্ত্তাসেৱা-মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত মঙলবাৰে দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত হয় অসম চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক । কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । বৈঠকৰ অন্তত কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেলযোগে সদৰী কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ।কেবিনেট বৈঠকত পঞ্চায়ত প্রতিনিধিসকলৰ চৰকাৰী কৰ্মচাৰীৰ দৰে স্বাস্থ্য বীমাৰ সুবিধা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। মুখ্যমন্ত্রী লোকসেৱা আৰোগ্য যোজনাৰ অধীনত পঞ্চায়ত প্রতিনিধিসকলক অন্তর্ভুক্ত কৰা হ’ব। সংবাদমেলত মুখ্যমন্ত্রীয়ে এই সন্দৰ্ভত কয়, “পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ সদস্য আৰু সদস্যা সকলক আমি চৰকাৰী কৰ্মচাৰী সকলৰ দৰে মেডিকেল ৰি-এম্বাৰ্চমেণ্টৰ সুবিধা দিম । মুখ্যমন্ত্রীৰ লোকসেৱা আৰোগ্য যোজনাত তেওঁলোকে নামভৰ্তি কৰিব আৰু বেমাৰ হ’লে চৰকাৰী কৰ্মচাৰীৰ দৰে মেডিকেল ৰি-এম্বাৰ্চমেণ্ট লাভ কৰিব ।” কেবিনেটে এই আঁচনিখনত অনুমোদন জনায় । ইয়াৰ ফলত ৩০ হাজাৰ পঞ্চায়ত প্ৰতিনিধি উপকৃত হ’ব । আনহাতে কেবিনেটৰ সিদ্ধান্ত অনুসৰি খিলঞ্জীয়া চুতীয়া সম্প্ৰদায়ৰ বাবে এছ চি এছ পৰীক্ষাত এটা ডি এছ পি আৰু এটা দণ্ডাধীশৰ পথ সংৰক্ষণৰ ব্যৱস্থা থাকিব । সেইদৰে অৰুণাচল প্ৰদেশত বাস কৰা মৰাণ সম্প্ৰদায়ৰ লোকসকলে অসমত পি আৰ চিৰ সুবিধা পায় ।” “আজিৰে পৰা অৰুণাচলত বাস কৰা মৰাণ সম্প্ৰদায়ৰ লোকসকলে চাকৰিৰ বাবে নিয়োগ বিনিময় কেন্দ্ৰত পঞ্জীয়ন কৰাৰ সুবিধা পাব । তেওঁলোকে তিনিচুকীয়া জিলাৰ নিয়োগ বিনিময় কেন্দ্ৰত নিবনুৱা হিচাপে নাম পঞ্জীয়ন কৰিব পাৰিব ।” কেবিনেটে চুতীয়া সম্প্ৰদায়ৰ বাবে এচিএছৰ পৰীক্ষাত আসন সংৰক্ষণৰ সিদ্ধান্ত গ্রহণ কৰে। সেই অনুসৰি কেবিনেটে মৰাণ, মটক সম্প্ৰদায়ৰ দৰে চুতীয়া সম্প্ৰদায়ৰ কাৰণে এটা উপ-আৰক্ষী অধীক্ষকৰ পদ আৰু এটা দণ্ডাধীশৰ পদ সংৰক্ষণ কৰি ৰখা হ’ব বুলি সিদ্ধান্ত লয়। কেবিনেটে ডিব্রুগড় জিলাৰ ভিজিআৰৰ অন্তৰ্গত মৰাণ ৰাজহ চক্ৰৰ অন্তৰ্গত তিলৈবাৰী বঙালী আৰু তিলৈবাৰী নেপালী গাঁও দুখনত বাস কৰা লোকসকলক ভূমিপট্টা প্ৰদানৰ লক্ষ্যৰে ভিজিআৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত লয়। আনহাতে কেবিনেটে আজি অহা ৯ ফেব্ৰুৱাৰীত চাহ শ্রমিকসকলক মাটিৰ পট্টা প্ৰদানৰ সিদ্ধান্ত গ্রহণ কৰে। এইক্ষেত্ৰত নগৰ অঞ্চলত পৰা চাহ বাগিচাৰ ভূমিৰ প্রিমিয়াম যথেষ্ট বেছি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি কেবিনেটে আজি প্রতি বিঘা ভূমিত ৫০০ টকা প্রিমিয়াম লোৱাৰ সিদ্ধান্ত লয়। এই প্রিমিয়ামৰ ধন চাহ শ্রমিকে ৫ বছৰৰ ভিতৰত চৰকাৰক দিব পাৰিব। কেবিনেটে মিছন বসুন্ধৰাৰ অধীনত অসমৰ কেইবাখনো জিলাত মাটিৰ পট্টা বিতৰণৰ সিদ্ধান্ত গ্রহণ কৰে। কেবিনেটে আৰআইডিএফৰ পৰা ধেমাজি জিলা আৰু ডিব্ৰুগড় জিলাত দুটা দুগ্ধ উৎপাদন প্রকল্প স্থাপনৰ বাবে ১৩৫ কোটি টকাৰ ঋণ নাবাৰ্ডৰ পৰা ল’বৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। ৰাজ্যিক কেবিনেটে আজি অৰুণাচল প্ৰদেশত বসবাস কৰা মৰাণ সম্প্ৰদায়ৰ লোকসকল, যিসকলৰ ওচৰত বৈধ স্থায়ী বাসিন্দাৰ প্ৰমাণ-পত্ৰ আৰু অ’বিচি প্রমাণ-পত্র আছে, তেওঁলোকক তিনিচুকীয়া জিলাৰ নিয়োগ বিনিময় কেন্দ্ৰত নাম পঞ্জীয়ন কৰাৰ বাবে অনুমতি প্রদান কৰে।
