শব্দৰ সিপাৰে – চিমী বৰুৱা

Pc Writing 102

শব্দৰ সিপাৰে

 চিমী বৰুৱা, মৰিগাঁও, চৰাইবাঁহী

মৌনতাৰ বুকুত যেতিয়া শব্দবোৰে ভিৰ কৰে,
মই বিচাৰি ফুৰোঁ এটি চিনাকি ঠিকনা;
য’ত মোৰ অনুভৱবোৰ উশাহ হৈ ৰয়,
আৰু কলমৰ আগেৰে নিগৰে এমুঠি জোনাক।
বগা কাগজৰ এই নিৰ্জন পথাৰত
মই সিঁচি দিওঁ মোৰ তেজৰ চেকুৰা,
কেতিয়াবা যদি সেয়া বিদ্ৰোহৰ অগ্নিকুণ্ড
কেতিয়াবা আকৌ নিৰৱে বৈ যোৱা জানজুৰিৰ সুৰ।
চপা আখৰৰ ভাঁজত শুই পৰিব এই হেঁপাহবোৰ,
কাৰোবাৰ আঙুলিৰ পৰশত হয়তো জীয়াই উঠিব;
তুমি পঢ়ি চালে বিচাৰি পাবা—
কিমান গভীৰত আছিল মোৰ কথাবোৰ,
আৰু কিমান বিষাদত লুকাই আছিল মোৰ হাঁহিবোৰ।
বুটলি ল’বা পাৰিলে মোৰ আধৰুৱা স্বপ্নবোৰ,
যিবোৰ আখৰ হৈ ৰ’ব এই কিতাপৰ ভাঁজত;
মই নাথাকিলেও মোৰ শব্দবোৰ থাকিব,
তোমাৰ একাকীত্বৰ নিৰ্জন কোঠাত এটি চিনাকি সুৰ হৈ।