যুৱ লেখক সম্মান  আৰু কিছু কথা – আয়শা ছিদ্দিকা (আছৰি)

Pc Bennington College

যুৱ লেখক সম্মান  আৰু কিছু কথা

আয়শা ছিদ্দিকা (আছৰি),
বাংলিপাৰা, বৰপেটা 

পোন প্ৰথমে যুৱ লেখক সম্মান লাভ কৰা যোগ্য ব্যক্তিসকললৈ আন্তৰিক অভিনন্দন। নিজৰ কষ্ট, প্ৰতিনিয়ত শব্দৰ লগৰ যুদ্ধ কৰি সাহিত্যৰ সৃষ্টি কৰা কম কথা নহয়। লেখক হ’বলৈ যথেষ্ট ত্যাগ স্বীকাৰ কৰিব লগে সেইকাৰণে লেখক হওঁ বুলিয়েই হোৱা নাযায়।

এখন সুস্থ সমাজ গঢ়িবলৈ সাহিত্যৰ প্ৰয়োজন অপৰিসীম। সাহিত্যই সমাজৰ বৈ থকা স্ৰোত সলনি কৰিব পাৰে। ভাল সমাজ বেয়াৰ দিশত নিব পাৰে আৰু বৰ্বৰ, অন্ধকাৰ সমাজক পোহৰৰ বাট মুকলাই দিব পাৰে। তেনে ক্ষেত্ৰত চৰকাৰে লেখক সকলক আৰ্থিক অনুদানৰ জৰিয়তে সহায় কৰাটো নিশ্চয় এক প্ৰতিজন লেখকৰ বাবে উৎসাহজনক পদক্ষেপ।

কিন্তু কথা হ’ল সাহিত্যৰ ক ,খ, নজনা আৰু কিংবা আলোচনীত এটা প্ৰবন্ধ লিখি যুৱ লেখক সন্মান পোৱাটো কিমানদূৰ গ্ৰহণযোগ্য….?

কিন্তু তাতে কিছু সংখ্যক আছে যিসকল সঁচাই যোগ্য। নিজৰ প্ৰতিভাৰ বলেৰে নিষ্ঠাৰে সাহিত্য চৰ্চা কৰি আছে।কিন্তু আন কিছুসংখ্যক …?

প্ৰশ্ন উত্থাপিত হৈ আছে আচলতে কিহৰ ভিত্তিত আবেদনকাৰীসকলক বাছনি কৰিছে এই যুৱ লেখক সম্মানৰ বাবে । কিয়নো চকুত পৰা মতে বহু ভাল ভাল কিতাপ প্ৰকাশ কৰা সাহিত্য চৰ্চা কৰা ব্যক্তিও এই অনুদানৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে।

যদি হোৱা নোহোৱাকৈ এটা দুটা কবিতা লিখি যুৱ লেখক সন্মান পাব পাৰে তেন্তে ইমান ইমান কিতাপ লেখা ব্যক্তি সকলে এই সন্মান পোৱাৰ পৰা বঞ্চিত হোৱাৰ কাৰণ কি হ’ব পাৰে….? প্ৰশ্ন হেজাৰ মাথোঁ উত্তৰৰ ঘৰ শূন্য।

সাহিত্যত সমালোচনাত্মক লেখাৰ গুৰুত্বৰ কথা চাগে কম কথাত লিখিব পৰা বিষয় নহয়। কাৰণ সমালোচনা অবিহনে কোন কাম সঠিক ৰূপত সম্পন্ন হ’ব নোৱাৰে আৰু সেই কামৰ ভুল শুদ্ধৰ বিচাৰ কৰাও সম্ভৱ নহয়। আমি সমালোচনাৰ সন্মুখীন হৈ নিজৰ ভুলখিনি শুধৰাই ল’ব পাৰোঁ।যদি কোনো এটা  বিষয়ৰ ভুল শুদ্ধ বিচাৰ কৰা নহয় সেই বিষয় কেতিয়াও নিকাহ হ’ব নোৱাৰে। আৰু যদি নিজেই নিজক শুদ্ধ বুলি সমালোনাৰ বিষয় নোহোৱাৰ চিন্তা কৰে এইটো অহংকাৰী ব্যক্তিত্বৰ বহিঃপ্ৰকাশ। আৰু অহংকাৰী হোৱাটো ব্যক্তি হওক সমাজ হওক দেশ হওক কদাপি ঠিক নহয় কাৰণ অহংকাৰী হোৱা মনেই পতনৰ পিনে অগ্ৰসৰ হোৱা।

তেনে ক্ষেত্ৰত যদি ঘূৰাই পকাই কোৱা হয় সমালোচনাত্মক লেখা লেখাৰ লেখকৰ অধিকাৰ নাই এই কথাটোৰ অৰ্থ কি হ’ব পাৰে বাৰু। সমাজত চলি থকা দুৰ্নীতিৰ, অনৈতিক কাম কাজ  বাস্তৱ সমস্যা দেখাৰ পিছতো কলম তুলি ল’ব নালাগে নেকি..?

আমি সাধাৰণ জনতাই মাত্ৰ লেখক সমাজলৈ নিবেদন কৰিব পাৰোঁ সত্যৰ সন্ধান কৰি, চলিত সমস্যাবোৰ উদঙাই দিব পাঠক সমাজৰ আগত।নিজৰ কলম সত্য নিষ্ঠা আৰু বাস্তৱ সমস্যা নিপাত কৰাৰ কিমানখিনি চেষ্টা কৰিব এইটো যুৱ লেখকৰ চিন্তাৰ পৰিধিৰ ওপৰত নিৰ্ভৰ কৰে।

কলম আৰু শব্দ কেতিয়াও বন্ধী হ’ব নোৱাৰে, কাৰণ কলম আৰু শব্দই গোলামী পছন্দ নকৰে নিজৰ মাজত নিজেই ৰজা। কলমো মুক্ত আৰু শব্দ উন্মুক্ত। ইয়াক আৱদ্ধ কৰিব খুজিলে ধ্বংস নিশ্চিত।

যুৱ লেখক সকলে  সমাজৰ বর্বৰতা, প্ৰতিটো অনৈতিক কাম কাজৰ বিৰূদ্ধে লিখি যাব বুলি আশা  থাকিল… অনুদানৰ আগত নিজৰ স্বত্তাক হেৰুৱাই সাধাৰণ ৰাইজক নিৰাশ নকৰিব। নিজৰ কলমক আৱদ্ধ নকৰিব।

যুৱ লেখক সম্মান পোৱা প্ৰতিজন ব্যক্তিলৈ অভিনন্দন জনালোঁ। সকলোৰে সাহিত্য চৰ্চাৰ যাত্ৰা নিষ্ঠা আৰু সফল হওক , অনুসন্ধান চলাই নতুন নতুন সৃষ্টি কৰি যাওক, চলিত সমস্যা সমাধানৰ বাবে আপোনালোকৰ কলম আৰু দৃঢ় হওক। চিন্তা বিকৃত নহৈ নিজৰ ঠাইত কিমানখিনি স্থিৰ থাকিব পাৰিব সময়েই গণনা কৰি যাব। আমি মাত্ৰ আশা হে কৰিব পাৰোঁ।