সিচঁৰিত জোনাক
মীনাক্ষী বৰুৱা সূত
লক্ষিমপুৰ
জোনাক সিঁচাৰ বাবে আইয়ে কয়
পূৱা সোনকালে ঢাৰি পাটি এৰা
ছাঁ লবৰ বাবে দেউতাই কয়
গছপুলি ৰোপন কৰা
চৰায়ে গছৰ ডালত পৰি মিঠা গান গাব
আমাৰো জিৰণি ঠাই হ’ব
এখন ধুনীয়া ফুলনি পাতা
ফুলবোৰে মৰম যাচিব
মলয়া সমীৰে সংবাদ দিব
নানা ৰঙী পখিলাই নাচিব
ভোমোৰাই ভুনভুনাই মৰম বিলাব
আকাশৰ পৰা বৰষাই
ধৰাৰ বুকু চুই অমৃত ঢালিব
নীলা চকু যেন আকাশে চাই হাঁহিব
জীৱনৰ মধুৰতা তাতেই থাকিব।
