পখীৰ কাকলি আৰু পুৱাৰ পৰিৱেশৰ মধুৰতা
নিবেদিতা হাজৰিকা, লখিমপুৰ
প্ৰকৃতি আৰু জীৱকূলৰ আজন্ম সম্পৰ্ক। প্ৰকৃতি অবিহনে আমি আধৰুৱা। প্ৰকৃতিক বাদ দি আমি জীৱন ধাৰন কৰিব নোৱাৰো।প্ৰকৃতিৰ ওপৰত আমি বাৰুকৈয়ে নিৰ্ভৰশীল।
পখীৰ কাকলিত মুখৰিত হৈ পৰা প্ৰতিটো পুৱাৰ যি মধুৰ পৰিৱেশ তাক মাত্ৰ উপলব্ধিহে কৰিব পাৰি।প্ৰকৃতিৰ সেউজীয়া ৰূপ, পখীৰ যি মিঠা কলৰৱ সেই মধুৰতা পান কৰিবলৈ পোৱা জন সঁচাই ভাগ্যবান। প্ৰাকৃতিক পৰিৱেশৰ মাজত সময় কটাবলৈ পালে যি অনুভৱ হয় সেই অনুভৱৰ তুলনা নাই। প্ৰকৃতি প্ৰেমেৰে সিক্ত হ’লে ,প্ৰকৃতিৰ মাজত উমলিবলৈ পালে মানুহৰ মন-মগজু,চিন্তা আদিও সলনি হৈ পৰে। সেয়ে মানুহ প্ৰকৃতি প্ৰেমী হ’ব লাগে।প্ৰকৃতিৰ প্ৰেমত পৰিবলৈ শিকিব লাগে।ফুল,গছ -গছনি ,চৰাই -চিৰিকটি আদিৰ লগত আত্মীয়তা গঢ়ি তুলিব লাগে।এই সমূহ মানুহৰ সংগী হ’লে জীৱনত কোনো দিনে অকলশৰীয়া ভাব নাহে। কিয়নো গছ-গছনি,চৰাই -চিৰিকটি আদিৰ সান্নিধ্যই মন সতেজ কৰি ৰাখে।
এটা সময় আছিল যেতিয়া চৰাইৰ কলকাকলিৰে পুৱা -গধূলি মুখৰিত হৈ উঠিছিল। পুৱা চকু মেল খাইছিল নানা বিধ চৰাইৰ মিশ্ৰি কোলাহলত। কিন্তু আজি সেই পৰিৱেশ নাই বুলিয়ে ক’ব পাৰি। প্ৰকৃতিৰ ওপৰত কৰা ধ্বংস লীলাই যেন কিছুমান কথা বা দৃশ্য একেবাৰেই নিঃশেষ কৰি পেলালে । পখীৰ কাকলি আৰু পুৱাৰ পৰিৱেশৰ যি নৈ:সংগিক মধুৰতা ই বহুতৰ বাবে এতিয়া মধুৰ স্মৃতি মাথো।আমাৰ দৈনন্দিন জীৱনত দোকমোকালিৰ পৰা নিশা শোৱালৈকে নানা বিধ চৰাই-চিৰিকটিৰ কাকলিয়ে মনত যি বিমল আনন্দ দিয়ে সেই আনন্দ লাভ কৰিবলৈ পোৱাটো যিদৰে আনন্দৰ কথা ,সেই আনন্দৰ পৰা বঞ্চিত হোৱাটোও এক দুখৰ বিষয়। প্ৰকৃতি,পৰিৱেশৰ আৰু মানুহৰ মাজত থকা আত্মীয়তা যি অনুভৱ কৰা নাই বা অনুভৱ কৰিবলৈ পোৱা নাই সেই জন প্ৰকৃততেই দুৰ্ভগীয়া।
পখীৰ কাকলি আৰু পুৱাৰ মনোৰম পৰিৱেশ ঘূৰাই আনিবলৈ হ’লে বা ঘূৰাই পাবলৈ হ’লে প্ৰকৃতি সংৰক্ষণৰ ওপৰত গুৰুত্ব দিয়াটো অতিশয় গুৰুতৰ বিষয়। কিয়নো বনাঞ্চল,অৰণ্য আদি যধে-মধে ধ্বংস কৰাৰ বাবেই আমি কিছুমান অতিশয় আপুৰুগীয়া মুহুৰ্তৰ পৰা চিৰদিন বঞ্চিত হ’ব লগা হৈছে।যি আনন্দ বা মধুৰতা আন কাৰোৰে সৈতে তুলনা নহয়।প্ৰকৃতিৰ ওপৰত কৰা ৰ্নিবিচাৰ ধ্বংস কাৰ্যই আমাৰ জীৱনলৈ যি কাল অমানিশা নমাই আনিছে সি হয়তো বহুতৰ বাবে কল্পনাতীত। এটা সময়ত প্ৰকৃতিৰ সৈতে গঢ়ি উঠা সম্পৰ্ক যেন ক্ৰমে নিঃশেষ হোৱাৰ পথত।যান্ত্ৰিকতা আৰু কংক্ৰিটৰ আৱৰণত ক্ৰমাৎ বিলুপ্ত হৈ পৰিছে পক্ষী আৰু প্ৰকৃতিৰ সৈতে থকা মানুহৰ আন্তৰিক সম্পৰ্ক।অধিক জটিল আৰু কোলাহলেৰে ভৰা পৃথিৱীখনৰ পুৱাবোৰ আজি নিৰ্জীৱ আৰু নিথৰ হৈ পৰিছে।এটা সময় আছিল, যেতিয়া ৰাতিপুৱাবোৰ বৰ সেউজ আছিল।পুৱা-গধুলিবোৰ চৰাইৰ কলকাকলিৰে মুখৰ হৈ আছিল, মুখৰিত হৈ উঠিছিল ।তেতিয়া কোনো ঘড়ীৰ এলাৰ্ম নাছিল, ম’বাইলৰ ৰিংটনৰ ব্যৱস্থা নাছিল। কিন্তু প্ৰকৃতিৰ ভিন্ন চৰাইবোৰে ভিন্ন সময়ত ভিন্ন ধৰণে কিন্তু সঠিক ভাৱে, সঠিক সময়ত আমাক ৰাতিপুৱা,দুপৰীয়া বা গধুলিৰ আগজাননী দিছিল। আগজাননী দিছিল বিভিন্ন বিপদৰ,আলহী আগমনৰ বতৰাও দিছিল এই পক্ষী সমূহে। কিমান যে মধুৰ আছিল সেই সময়বোৰ। স্মৃতিৰ পাতত আজিও সজীৱ হৈ আছে সেইদিনবোৰ, পক্ষীৰ মিশ্ৰিত কোলাহলেৰে পূৰ্ণ সেই দিনবোৰ আজি নোহোৱা হৈ গ’ল। পক্ষী আৰু প্ৰকৃতিৰ সৈতে থকা মানুহৰ সম্পৰ্ক নিঃশেষ হৈ যোৱা মানে আমাৰেই বিপদ। যান্ত্ৰিকতা আৰু কংক্ৰিটৰ পৃথিৱীত আজি যেন পখীৰ কাকলি আৰু পুৱাৰ সেই নৈসংগিক পৰিৱেশৰ আমেজ ল’বলৈ সময়ৰ অভাৱ।
