স্মৃতিৰ এটি টোপোলা
চিমী বৰুৱা, মৰিগাঁও, চৰাইবাঁহী
বহু দিনৰ পাছত আজি হঠাৎ হাতত পৰিল,
বুকুৰ গভীৰত সযতনে সাঁচি থোৱা সেই স্মৃতিৰ টোপোলা।
ম্লান পৰা ডায়েৰীৰ হালধীয়া পাতবোৰে যেন,
আজি আকৌ নতুনকৈ কৈছে বহু পুৰণি কথা।
প্ৰতিটো শব্দত এটি এটি চিনাকি মুহুৰ্ত ,
প্ৰতিটো আখৰত যেন থমকি ৰৈছে অতীতৰ সময়।
কিমান যে হাঁহি, কিমান যে অভিমানৰ সুৰ,
এই পাতবোৰতে আজিও জীৱন্ত হৈ ৰয়।
ধূলি আঁতৰাই আজলি ভৰাই লৈছোঁ সেই দিনবোৰ,
যিবোৰ হেৰাই গৈছিল যান্ত্ৰিক জীৱনৰ কোলাহলত।
আজি আকৌ এবাৰ নিৰিবিলিকৈ বহিছোঁ,
নিজৰ সৈতে কথা পাতি স্মৃতিৰ সেই চোতালত।
সময় গৈ থাকে, দিনবোৰ সলনি হয়,
কিন্তু ডায়েৰীৰ এই টোপোলাটি সদায় একেই থাকে।
যাক খুলিলেই আজিও পোৱা যায়,
বুকুৰ এচুকত ৰৈ যোৱা সেই চিনাকি সুবাস।
