১১ ফেব্ৰুৱাৰীত সম্পন্ন হ’ব চাহ বাগিচাৰ প্ৰাৰ্থীৰ নিযুক্তি

১১ ফেব্ৰুৱাৰীত সম্পন্ন হ’ব চাহ বাগিচাৰ প্ৰাৰ্থীৰ নিযুক্তি

ৰঙিলী বাৰ্ত্তাসেৱা- অহা ১১ ফেব্ৰুৱাৰীত চাহ বাগিচাৰ বাবে সংৰক্ষিত হৈ থকা পদত প্ৰদান কৰা হ’ব নিযুক্তি। মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজায়ে এই কথা স্পষ্ট কৰিলে । উল্লেখ্য যে ৰাজ্য চৰকাৰৰ নিযুক্তিত চাহ বাগিচাৰ প্ৰাৰ্থীসকলৰ বাবে ৩ শতাংশ পদ সংৰক্ষিত কৰা আছে। এই সংৰক্ষিত পদত অহা ১১ ফেব্ৰুৱাৰীত চতুৰ্থ শ্ৰেণীৰ পদত ১৭গৰাকীক আৰু তৃতীয় শ্ৰেণীৰ পদত ২৬গৰাকীক নিযুক্তি প্ৰদান কৰা হ’ব। উল্লেখ্য যে শেহতীয়াকৈ এডিআৰইৰ নিযুক্তি তালিকা প্রকাশ হৈছে। সেই তালিকা অনুসৰি মাধ্যমিক শিক্ষা সঞ্চালকালয়ে ৯ ফেব্ৰুৱাৰীত চতুৰ্থ শ্ৰেণীৰ পদত ৭৫৬জন প্রার্থীক নিযুক্তি দিয়াৰ বিপৰীতে ১০ ফেব্ৰুৱাৰীত তৃতীয় শ্ৰেণীৰ পদত ২২৫গৰাকী প্ৰাৰ্থীক নিযুক্তি দিব। নিযুক্তি হ’বলগা এই পদসমূহৰ ৩ শতাংশ পদত চাহ বাগিচাৰ প্ৰাৰ্থীসকলক নিযুক্তি দিয়া হ’ব। ইফালে চাহ বাগিচাৰ আদৰ্শ বিদ্যালয়ত সংগীত শিক্ষক নিযুক্তি প্রদান কৰা হৈছে। চাহ বাগিচা আদৰ্শ বিদ্যালয়ত আৰম্ভ হৈছে সাংস্কৃতিক প্ৰতিযোগিতা। ৭ জানুৱাৰী পৰ্যন্ত চলিব এই প্ৰতিযোগিতা। সমান্তৰালকৈ জিলা আৰু ৰাজ্যিক পৰ্যায়তো চলিব এই প্ৰতিযোগিতা। বৰ্তমানে ১১৮খন চাহ বাগিচা আদৰ্শ বিদ্যালয় আছে ৰাজ্যত আৰু এইপৰ্যন্ত ২২ গৰাকী সংগীত শিক্ষক নিযুক্তি দিয়া হৈছে। হান্স ফাউণ্ডেচনৰ জৰিয়তে নিযুক্তি দিয়া এই শিক্ষকসকলক উক্ত অনুষ্ঠানটোৱে দৰমহা আদায় দিব। মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজায়ে প্ৰকাশ কৰা অনুসৰি ২০২২ চনত চাহ বাগিচাত স্থাপন কৰা হৈছিল আদর্শ বিদ্যালয়। প্রথম অৱস্থাত এই আদর্শ বিদ্যালয়ত আছিল ১৬ হাজাৰ শিক্ষার্থী। এই শিক্ষার্থীৰ সংখ্যা বর্তমান ৩১,৬০০লৈ বৃদ্ধি পাইছে।