জুবিনৰ গোচৰৰ বাবে ১২ জানুৱাৰীত বিশেষ চৰকাৰী অধিবক্তা নিয়োগ কৰিব চৰকাৰে
ৰঙিলী বাৰ্ত্তাসেৱা- ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনটোত অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গক স্মৰণ কৰিলে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই । ২০২৫ চনক অসমৰ বাবে গভীৰ দুখজনক বছৰ বুলি অভিহিত কৰে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ নতুন দিনৰ আলাপত এই কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- ২০২৫ বর্ষ জাতিৰ বাবে এক দুর্ভাগ্য বর্ষ হিচাপে ৰৈ যাব। কিয়নো বিগত বৰ্ষত আমি জুবিনৰ দৰে মহান শিল্পী এগৰাকীক হেৰুৱালোঁ। তেওঁৰ মৃত্যুৰ পিছত অসমত সৃষ্টি হোৱা পৰিৱেশ আৰু এনে কঠিন পৰিৱেশৰ মাজত আৰক্ষীয়ে তিনি মাহৰ ভিতৰতে গোটেই ঘটনাৰ তদন্ত কৰি আদালতত দাখিল কৰা অভিযোগনামা নিশ্চিতভাৱে ২০২৫ চনৰ এক গুৰুত্বপূৰ্ণ ঘটনাৱলী হৈ ৰ’ব। ৰাইজৰ আৱেগ-মৰৰ্মক সন্মান জনাই ৰাজ্য চৰকাৰে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় যাতে বাস্তৱসন্মত হ’ব পাৰে, নির্দিষ্ট সময়ৰ ভিতৰত হ’ব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে অহা ১২ জানুৱাৰীৰ পৰা এজন বিশেষ চৰকাৰী অধিবক্তা নিয়োগ কৰিব। ইয়াৰ বাবে গুৱাহাটীৰ ৩-৪জন জ্যেষ্ঠ অধিবক্তাৰ সৈতে আলোচনা কৰি থকা হৈছে। অহা ৫-৬ জানুৱাৰীৰ ভিতৰত বিশেষ চৰকাৰী অধিবক্তাজনৰ নাম ঘোষণা কৰিব পাৰিম। চৰকাৰী অধিবক্তা নিযুক্তিৰ পাছতে চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক এখন বিশেষ আদালতৰ বাবে য’ত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰটোৰহে বিচাৰ চলিব, তেনে আদালতৰ বাবে আবেদন জনাব। আনহাতে জুবিন গাৰ্গৰ অন্তিম ছবি ‘ৰৈ ৰৈ বিনালে’ই চিনেমা হলৰ পৰা ৩২ কোটি টকা আহৰণ কৰিছে।এই ৩২ কোটি টকাৰ বিপৰীতে ৰাজ্য চৰকাৰে লাভ কৰা ২.৯০ কোটি জিএছটিৰ ধন কলাগুৰু ফাউণ্ডেচনক হস্তান্তৰ কৰা হ’ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই। মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে, বক্স অফিচত ৩২ কোটিৰো অধিক টকা উপাৰ্জন কৰা এই ছবিখনে অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ বাবে এক নতুন মাপকাঠীৰ সৃষ্টি কৰিছে । তেওঁ কয় যে এই ছবিখনৰ পৰা জি এছ টিৰ অংশ জুবিন গাৰ্গে স্থাপন কৰা ফাউণ্ডেচনক জমা দিয়া হ’ব । ইতিমধ্যে উক্ত পুঁজিখিনি বিত্ত বিভাগে মোকলাই দিছে।
