অসম গ্ৰন্থমেলাত অসম সাহিত্য সভাৰ উদ্যোগত অৰুনোদই দিৱস পালন
ৰঙিলী বাৰ্ত্তাসেৱা- অসম সাহিত্য সভাৰ উদ্যোগত আৰু পৰিৱেশ্য কলা সংৰক্ষণ আৰু সংবর্ধন উপসমিতিৰ সহযোগত আজি অসম গ্ৰন্থমেলাৰ ড° বসন্ত কুমাৰ ভট্টাচাৰ্য প্ৰেক্ষাগৃহ, খানাপাৰাত “অৰুনোদই দিৱস” উপলক্ষে এটি গাম্ভীৰ্যপূৰ্ণ আৰু মনোমুগ্ধকৰ সাংস্কৃতিক-সাহিত্যিক অনুষ্ঠান অনুষ্ঠিত হয়। “চিৰ চেনেহী মোৰ ভাষা জননী” শীৰ্ষক অনুষ্ঠানটোৱে অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতিৰ প্ৰতি গভীৰ শ্ৰদ্ধা আৰু চেতনাৰ প্ৰকাশ ঘটায়। অনুষ্ঠানৰ আৰম্ভণিতে সাহিত্যাচাৰ্য মিত্ৰদেৱ মহন্তৰ বিৰচিত “চিৰ চেনেহী মোৰ ভাষা জননী…” গীতটি সেউজ স্বৰ্ণ শাখা সাহিত্য সভা, গোটানগৰৰ সদস্যবৃন্দই সাৱলীলভাৱে পৰিৱেশন কৰে। অনুষ্ঠানটি আঁত ধৰে দূৰদৰ্শন আৰু ৰেডিঅ’ৰ ঘোষিকা তথা ডী ডী নিউজৰ নিউজ এডিটৰ আৰু আঁনাতাৰ শিল্পী ৰীতু গগৈয়ে। অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া, অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ড° জগদীশ পাটগিৰী, গোৱালপাৰা মহাবিদ্যালয়ৰ অধ্যাপিকা ড° জ্ঞানশ্ৰী বৰা, কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ প্ৰাক্তন সভাপতি ত্ৰিদীপ ভাগৱতী, এন ডি ২৪ৰ ৰাজনৈতিৰ সম্পাদক পংকজ প্ৰতীম বৰা, নিউজ লাইফৰ সাংবাদিক তথা গল্পকাৰ পংকজ দত্ত আৰু আনটল্ড পদকাষ্টৰ অবয়ব ভূঞা। আদৰণি ভাষণ প্ৰদান কৰে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই। অৰুনোদই দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে তৃষ্ণা মহন্তই। ভাষণ প্ৰসংগত মুখ্য অতিথি নিতুমণি শইকীয়াই তেওঁৰ ভাষণত অৰুনোদইৰ ঐতিহাসিক ভূমিকা, অসমীয়া ভাষা-সাহিত্যৰ বিকাশ আৰু নতুন প্ৰজন্মক সাংস্কৃতিক চেতনাৰে উদ্বুদ্ধ কৰাৰ প্ৰয়োজনীয়তা ওপৰতে গুৰুত্ব আৰোপ কৰে। অনুষ্ঠানৰ এক আকৰ্ষণীয় অংশ হিচাপে জুবিন গাৰ্গৰ “বাটৰে কাষতে” গীতটি যৌথভাৱে পৰিৱেশন কৰে অৰ্ঘদীপ বসু (অষ্টম শ্ৰেণী, তবলা) আৰু জিউছ নীল বৰুৱা (সপ্তম শ্ৰেণী, গীটাৰ)। ইয়াৰ উপৰিও ছাত্ৰ-ছাত্ৰীসকলক স্নেহ-পত্ৰ বিতৰণ কৰা হয়। অনুষ্ঠানৰ শেষত সেউজ স্বৰ্ণ শাখা সাহিত্য সভাৰ সম্পাদক বৰ্ণালী ডেকা বৰঠাকুৰ আৰু শাখাৰ সদস্যবৃন্দই “মায়াবিনী” গীত পৰিৱেশন কৰি সমগ্ৰ অনুষ্ঠানটো অধিক মনোৰম কৰি তোলে। শলাগৰ শৰাই আগবঢ়ায় অসম সাহিত্য সভাৰ পৰিৱেশ্য কলা সংৰক্ষণ আৰু সংবর্ধন উপসমিতিৰ আহ্বায়ক চৈয়দ মাৰুফ হুছেইনে। অনুষ্ঠানটোৱে সাহিত্য-সংস্কৃতিৰ জৰিয়তে অসমীয়া জাতিসত্তাৰ শিপা অধিক মজবুত কৰাৰ এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰে।
