নৱবৰ্ষৰ পহিলা দিনটোত উৎসাহী পুথিপ্ৰেমীৰ বিপুল সমাৱেশ অসম গ্ৰন্থমেলা, গুৱাহাটীত
৯ দিনত ৪ কোটি ৭০ লাখ টকাৰ গ্ৰন্থ বিক্ৰী
কিতাপৰ সান্নিধ্যৰে নৱবৰ্ষ আদৰিলে জ্ঞানান্বেষী পাঠক সমাজে
“গল্প গাথা” অনুষ্ঠানেৰে জীপাল জুবিন গাৰ্গ সোঁৱৰণী প্ৰেক্ষাগৃহ
ৰঙিলী বাৰ্ত্তাসেৱা- খ্ৰীষ্টিয় নৱবৰ্ষৰ পহিলা দিনটোত উৎসাহী পুথিপ্ৰেমীৰ বিপুল সমাৱেশ হয় অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌভভাৱে খানাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজন কৰা অসম গ্ৰন্থমেলা, গুৱাহাটীত ৷ পুৱা গ্ৰন্থমেলাৰ দ্বাৰ মুকলি কৰাৰ পৰা আৰম্ভ হোৱা জনস্ৰোতে সন্ধিয়ালৈ বিৰ দি বাট নপোৱা অৱস্থাৰ সৃষ্টি কৰে খানাপাৰা বাকৰিত৷ নতুন বছৰৰ প্ৰথম দিনটো গ্ৰন্থৰ সান্নিধ্যৰে আদৰিবলৈ পুথিপ্ৰেমী বিদ্বৎ সমাজ ,জ্ঞানান্বেষী শিক্ষাৰ্থী আৰু লেখক-সাহিত্যিকৰ বিশাল সমাৱেশে অসম গ্ৰন্থমেলা, গুৱাহাটীত উছৱৰ লহৰ সৃষ্টি কৰে ৷ বিপণীত হেঁপাহৰ গ্ৰন্থ ক্ৰয় কৰি নৱবৰ্ষ ২০২৬ক স্বাগত জনায় পঢ়ুৱৈ সমাজে ৷ আজি কিতাপ বিক্ৰীও আশাব্যঞ্জক বুলি সদৰী কৰিছে অসম প্ৰকাশন পৰিষদৰ লগতে আন আন প্ৰকাশন গোষ্ঠীসমূহে ৷ যোৱা ২৪ ডিচেম্বৰৰ পৰা আজি ১ জানুৱাৰী পৰ্যন্ত প্ৰায় ৪ কোটি ৭০ লাখ টকাৰ গ্ৰন্থ বিক্ৰী হোৱা বুলি জনাইছে উদ্যোক্তা সকলে ৷ ইপিনে আজি বিয়লি ২-৩০ বজাত অসম প্ৰকাশন পৰিষদে গ্ৰন্থমেলাৰ জুবিন গাৰ্গ সোঁৱৰণী অস্থায়ী প্ৰেক্ষাগৃহত আয়োজন কৰে “গল্পগাথা” শীৰ্ষক এটি মনোজ্ঞ অনুষ্ঠান ৷ এই অনুষ্ঠান উদ্বোধন কৰে বিশিষ্ট ঔপন্যাসিক-গল্পকাৰ, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° ধ্ৰুৱজ্যোতি বৰাই ৷ তেওঁ কয়—“গল্প লেখাটো সহজ কাম নহয় ৷ গল্প এবিধ বৰ্ণনাত্মক কলা ৷ গল্প বুলিলে কাহিনী এটা থাকেই যদিও কাহিনী নথকা গল্পক লৈও বিভিন্ন সম্পৰীক্ষা হৈছে ৷ গল্প আৰু উপন্যাসৰ চৰিত্ৰগত পাৰ্থক্য যেন লাহে লাহে নোহোৱা হৈ আহিছে ৷ এই কলাটোক আজিকালি ‘ফিক্সন’ বুলি কোৱা হৈছে ৷ গল্প মানে ‘ চৰ্ট ফিক্সন’ আৰু উপন্যাস মানে ‘লং ফিক্সন’ ৰ ধাৰণাটো গ্ৰহণ কৰিব পৰা হৈ আহিছে ৷” তেওঁ লগতে কয় যে বিশ্ব সাহিত্যলৈ দৃষ্টি দিলে বুজিব পাৰি আজিকালি নতুন চিন্তা ধাৰণাৰ সমাহাৰ ঘটিছে কথাশিল্পত ৷ অসমীয়া সাহিত্যতো এনেধৰণৰ ৰসোত্তীৰ্ণ সৃষ্টি হৈছে ৷ কিন্তু জনপ্ৰিয় হোৱাৰ পৰিকল্পনাৰে ৰচনা কৰা সাহিত্যৰ স্থায়িত্ব কম ৷ জনপ্ৰিয়তা অৰ্জনৰ ফৰ্মুলাৰে ভাল সাহিত্য সৃষ্টি নহয় ৷ সাহিত্যিক বিচাৰ আৰু ‘পপুলাৰিটি’ৰ মাজত পাৰ্থক্য আছে ৷ গল্প, কবিতা সকলো ক্ষেত্ৰতে এয়া পৰীক্ষিত সত্য ৷ বিশিষ্ট গল্পকাৰ অতনু ভট্টাচাৰ্যই পৰিচালনা কৰা আৰু গীতালি বৰাই আঁত ধৰা “গল্পগাথা” অনুষ্ঠানত অংশগ্ৰহণ কৰি গল্পকাৰ অপূৰ্ব কুমাৰ শইকীয়া, শিৱানন্দ কাকতি, বিতোপন বৰবৰা, প্ৰশান্ত কুমাৰ দাস, মনিকা দেৱী , অপু ভৰদ্বাজ, অৰূপ কুমাৰ নথ, অৰ্চনা বৰঠাকুৰ, মনস্বীনি ৰুণুমী মহন্ত, পংকজ দত্ত, জিন্তু গীতাৰ্থই নিজৰ সৃষ্টিৰ বিষয়ে কোৱাৰ উপৰি সাম্প্ৰতিক অসমীয়া গল্প সাহিত্য, বিশ্ব সাহিত্যত বৰ্তমানৰ কথাশিল্পৰ ৰূপ, স্থিতি, পৰীক্ষা-নিৰীক্ষাৰ বিষয়ে মতামত আগবাঢ়ায় ৷ ইয়াৰ পাছত সন্ধিয়া এলানি মনপৰশা সাংস্কৃতিক প্ৰতিযোগিতা অনুষ্ঠিত হয় জুবিন গাৰ্গ সোঁৱৰণী প্ৰেক্ষাগৃহৰ মঞ্চত ৷ এই সাংস্কৃতিক প্ৰতিযোগিতাত যোগদান কৰে এছ বি অ’ এ পাব্লিক স্কুল, গড়চুক, নৱোদয় জাতীয় বিদ্যালয়, হেঙেৰাবাৰী আৰু ৰাধাগোবিন্দ বৰুৱা মহাবিদ্যালয়ে ৷
