ডঃ প্ৰদীপ মহন্তৰ মৃত্যু
ৰঙিলী বাৰ্ত্তাসেৱা- অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা গুৱাহাটীৰ জোৰ পুখুৰীৰ বাসিন্দা ডঃ প্ৰদীপ কুমাৰ মহন্তৰ ৬৬ বছৰত ১ জানুৱাৰী,২০২৬ চনৰ সন্ধিয়া দেহাৱসান ঘটে। গুৱাহাটীৰ পুবশৰনীয়া নিবাসী ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতিৰ সচিব প্ৰয়াত মহেশ্বৰ মহন্তৰ চতুৰ্থ সন্তান প্ৰদীপ কুমাৰ মহন্তই কটন কলেজিয়েট স্কুলৰ পৰা সুখ্যাতিৰে প্ৰবেশিকা পৰীক্ষাত উৰ্ত্তীৰ্ণ হয়। তাৰ পিছত কটন কলেজৰ পৰা উচ্চতৰ মাধ্যমিকত পৰীক্ষাত উৰ্ত্তীৰ্ণ হয় আৰু ৰৌৰকেল্লাৰ পৰা ইঞ্জিনীয়াৰিংৰ স্নাতক হয় আৰু পিছত স্নাতকোত্তৰ ডিগ্ৰীৰ পিছত পি এইছ ডি ডিগ্ৰী লাভ কৰে। তেওঁ যোৰহাট ইঞ্জিনিয়াৰিং কলেজ আৰু অসম ইঞ্জিনিয়াৰিঙ কলেজৰ এইচঅদি(HOD) হিচাবেও কাৰ্যনিৰ্বাহ কৰিছিল। ইলোৰা বিজ্ঞান মঞ্চৰ সক্ৰিয় সদস্য আছিল ডঃ মহন্তই মৃত্যুৰ সময়ত পত্নী ডাঃপদ্মিনী মহন্ত, দুগৰাকী কন্যা, জোঁৱাই আৰু নাতি নাতিনী এৰি থৈ যায়।
