ডিব্ৰুগড়ৰ মদাৰখাতত ৩০ সংখ্যক সদৌ অসম মুকলি মাৰাথনত বোকাখাতৰ টিখেশ্বৰ কুৰ্মী শ্ৰেষ্ঠ

ডিব্ৰুগড়ৰ মদাৰখাতত ৩০ সংখ্যক সদৌ অসম মুকলি মাৰাথনত বোকাখাতৰ টিখেশ্বৰ কুৰ্মী শ্ৰেষ্ঠ

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-  ডিব্ৰুগড় জিলা মদাৰখাত মৌজাৰ বৃহত্বৰ মদাৰখাত ক্ৰীড়া সন্থাৰ সৌজন্যত আৰু মদাৰখাতবাসীৰ সহযোগত অনুষ্ঠিত ৩০ সংখ্যক সদৌ অসম নৱবৰ্ষ প্ৰাইজমানি মুকলি মাৰাথন দৌৰ প্ৰতিযোগিতাত বোকাখাতৰ টিখেশ্বৰ কুৰ্মীয়ে শ্ৰেষ্ঠত্ব অৰ্জন কৰিবলৈ সক্ষম হয়৷ ঘোঁৰামৰা প্ৰাথমিক বিদ্যালয়ৰ ক্ৰীড়া প্ৰাঙ্গনৰ পৰা পুৱা চাৰি বজাত পতাকা জোকাৰি খেলৰ শুভাৰম্ভ কৰে ক্ৰীড়া সংগঠক তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক কল্যাণ কুমাৰ গগৈয়ে। ঘোঁৰামৰা পৰা আৰম্ভ হোৱা এই মাৰাথন প্ৰতিযোগিতা ডিব্ৰুগড় মহানগৰৰ থানা চাৰিআলিহৈ পুনৰ ক্ৰীড়া প্ৰাংগনত সমাপ্ত হয়৷ বঁটা বিতৰণী আৰু মুকলি সম্বৰ্ধনা সভাত মদাৰখাত ক্ৰীড়া সন্থাৰ সভাপতি যতীন গোহাঁই, মুখ্য অতিথি হিচাপে বিধায়ক বিনোদ হাজৰিকা,চাবুৱা সমষ্টিৰ বিধায়ক পোনাকণ বৰুৱা, মদাৰখাত এছ আৰ চি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ হিৰণ্য সেনাপতি, অবিচি বোৰ্ডৰ উপাধ্যক্ষ ভূপেন কুমাৰ গগৈ, অজয় দত্ত,সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ উপ সভাপতি অজয় গগৈ,অজয় দত্ত,প্ৰদীপ কছাৰী বৰুৱা,জ্যেষ্ঠ সাংবাদিক কনৌজ শইকীয়া, সুপ্রতীম দত্ত, লাহোৱাল প্ৰেছ ক্লাবৰ সম্পাদক দিবাকৰ দত্ত,ৰংপুৰীয়া গাওঁৰ গাঁওপ্ৰধান মৃদুলা গগৈকে ধৰি বহুসংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকে।ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰৰ অৰ্ধ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা এইবাৰৰ প্ৰথম ছয়টা স্থান লাভ কৰি নগদ ধন, মানপত্ৰ আৰু ট্ৰফী লাভ কৰে গোলাঘাটৰ টিখেশ্বৰ কুৰ্মী প্ৰথম, শোণিতপুৰৰ বিজন্ত খেড়িয়া, মৰিগাঁৱৰ সূৰ্য্য দাস, প্ৰীতম নাৰ্জাৰী, ডিব্ৰুগড়ৰ ৰমেন ৰাজপুত আৰু বিকাশ চাওতালে লাভ কৰে। বিদ্যুৎ সাগৰ দত্ত আৰু যাদৱ গগৈয়ে আঁতধৰা অনুষ্ঠানটোত মদাৰখাতৰ বহু কেইগৰাকী প্ৰবীণ আৰু নবীন খেলুৱৈক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। ৩১ ডিচেম্বৰৰ আবেলি মদাৰখাত ক্ৰীড়া সন্থাৰ সভাপতি যতীন গোহাঁইয়ে পতাকা উত্তোলন কৰে, কুখেশ্বৰ চেতিয়াই শ্বহীদ তৰ্পণ,জুবিন গাৰ্গৰ স্মৃতিত এশগছি বন্তি প্ৰজ্বলনৰ শুভাৰম্ভ কৰে মদাৰখাত ক্ৰীড়া সন্থাৰ সম্পাদক প্ৰদীপ গগৈয়ে।পঞ্জীয়নৰ শুভাৰম্ভ কৰে ত্ৰিদিপ মহন্তই শিবিৰ মুকলি কৰে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিপন শইকীয়াই।