পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত সংঘটিত হিংসাত্মক ঘটনা সন্দৰ্ভত বিৰোধী দলসমূহৰ প্ৰতিনিধি দলৰ ৰাজ্যপালক সাক্ষাৎ

পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত সংঘটিত হিংসাত্মক ঘটনা সন্দৰ্ভত বিৰোধী দলসমূহৰ প্ৰতিনিধি দলৰ ৰাজ্যপালক সাক্ষাৎ
চিইএম তুলিৰাম ৰংহাঙৰ ভস্মীভূত বাসগৃহৰ পৰা মাৰণাস্ত্ৰ উদ্ধাৰ হোৱা ঘটনা সন্দৰ্ভত ফৰেনছিক পৰীক্ষা-ন্যায়িক তদন্তৰ দাবী

ৰঙিলী বাৰ্ত্তাসেৱা- পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিত সংঘটিত হিংসাত্মক ঘটনাৰ চৰজমিন তদন্তৰ পিছত আজি ৰাজ্যপালক সাক্ষাৎ কৰে বিৰোধী দলৰ এটা সঁজাতী দলে। অসম বিধানসভাৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ নেতৃত্বত চিপিএমৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ, ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ, কংগ্ৰেছ দলৰ বিধায়ক ৱাজেদ আলী চৌধুৰী, ৰশ্বিদ মণ্ডল আৰু ৰেকিবুদ্দিন আহমেদৰ লগতে অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা, এপিএইচএলচিৰ জন ইংতি কাথাৰ প্ৰমুখ্যে এটি প্ৰতিনিধি দলে ৰাজ্যপালক সাক্ষাৎ কৰি খেৰণিত সংঘটিত ঘটনাত হিংসাৰ বলি হোৱা লোকসকলক তৎকালীনভাৱে সাহায্য প্ৰদানৰ দাবী উত্থাপন কৰে। খেৰণি বজাৰত অগ্নিসংযোগৰ ফলত বহু লোক আশ্ৰয়হীন হৈ পৰে আৰু এই লোকসকল প্ৰচণ্ড ঠাণ্ডাৰ লগতে এটুপি পানীৰ অভাৱতো হাহাকাৰ কৰিবলগীয়া হৈছে। ৰাজ্য চৰকাৰে ন্যুনতম সাহায্য প্ৰদান নকৰা বিষয়টো উল্লেখ কৰি আজি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰি কয় যে সাধাৰণ নাগৰিকক নিৰাপত্তা প্ৰদান কৰাতো চৰকাৰৰ প্ৰাথমিক দায়িত্ব। হিংসাৰ বলি হোৱা লোকসকলক সাহায্য প্ৰদান কৰা আৰু ক্ষতিপূৰণ দিয়াৰ দাবী উত্থাপন কৰাৰ লগতে এই ঘটনাত নিহত লিনুছ ফাংচৌ আৰু সুৰয দে’ৰ নিকট আত্মীয়ক ক্ষতিপূৰণ দিয়াৰ লগতে আহতসকলক বিধি অনুযায়ী সাহায্য প্ৰদান কৰিব লাগে। লগতে, কাৰ্বি ছাত্ৰ সন্থাই ১০-১২ দিন অনশন কৰি থকা অৱস্থাত শান্তিপূৰ্ণ অনশনকাৰীক পুৱতি নিশা ৩ বজাত স্বাস্থ্য পৰীক্ষাৰ নামত গুৱাহাটী মেডিকেল কলেজলৈ লৈ অহা বিষয়টো ৰহস্যজনক বুলি উল্লেখ কৰি বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়াই কয় যে ডিফু আৰু নগাঁৱত চিকিৎসা মহাবিদ্যালয় থকাৰ পিছতো ২২ ডিচেম্বৰৰ আলোচনাৰ পূৰ্বে কি কাৰণে ২১ ডিচেম্বৰৰ পুৱতি নিশা ছাত্ৰ নেতাকেইজনক গুৱাহাটীলৈ লৈ অহা হৈছিল সেই সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰে। পিজিআৰ, ভিজিআৰত অবৈধভাৱে থকা লোকসকলক বিষয়টো স্মাৰকপত্ৰখনত বিশেষভাৱে উল্লেখ কৰা হয়। ৰাজ্যপাল আচাৰ্যক বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়াই ষষ্ঠ অনুসূচীত থকা জনজাতীয় লোকসকলক ভাৰতীয় সংবিধান অনুসৰি সুৰক্ষা প্ৰদান কৰাৰ লগতে অসম চুক্তিৰ ৫ আৰু ৬নং ধাৰাত ৰক্ষণাবেক্ষণ দিয়াত ৰাজ্য চৰকাৰ ব্যৰ্থ হোৱা বুলি অভিযোগ কৰে আৰু ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। একেদৰে হিংসাত্মক ঘটনাত অগ্নিসংযোগ ঘটা কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যৰ বাসগৃহতো বুলডজাৰ লগাই কোনে কিয় ভাঙি দিলে সেই বিষয়ে তদন্ত হোৱাৰ প্ৰয়োজন আছে বুলি ৰাজ্যপালক বিষয়টো অৱগত কৰা হয়। কাৰ্বি আংলং জিলাৰ পৰা প্ৰতিনিধি হিচাপে যোৱা জন ইংতি কাথাৰে ঘৰটোত অবৈধ মাৰণাস্ত্ৰ থকাৰ সন্দেহ কৰি এই বিষয়টোৰ এক উচ্চ পৰ্যায়ৰ ন্যায়িক তদন্তৰ দাবী কৰে। লগতে, ফৰেনছিক দলৰ দ্বাৰা পৰীক্ষা কৰিবলৈকো দাবী জনায়। তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে উত্থাপিত বিভিন্ন দুৰ্নীতিৰ অভিযোগ তদন্ত কৰাৰো দাবী উত্থাপন কৰা হয়। একেদৰে অসম জাতীয় পৰিষদৰ তৰফৰ পৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলক চাইনীজ বা ভাৰতীয় নহয় বুলি কৰা অৱজ্ঞাসূচক মন্তব্যৰ কথা উল্লেখ কৰি কাৰ্বি আংলং জিলাৰ একাংশ লোকে ভূমিপুত্ৰসকলক চাইনীজ বুলি ইতিকিং কৰা প্ৰসংগও উত্থাপন কৰে। বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়াই আটাইকেইটা বিষয়ৰ ওপৰত ৰাজ্যপালৰ হস্তক্ষেপ দাবী কৰি উত্তৰ-পূৰ্বাঞ্চলৰ লোকৰ বিষয়ে পাঠ্যক্ৰমত সবিশেষ তথ্য অন্তৰ্ভুক্ত কৰিব লাগে বুলিও প্ৰস্তাৱ উত্থাপন কৰে। প্ৰতিনিধি দলটোত চিপিআই দলৰ পৰা কনক গগৈ, কংগ্ৰেছ দলৰ তৰফৰ পৰা মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰা, সম্পাদক ৰমণ ঝা, সুমন কল্যাণ বৰা, পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সভাপতি আগষ্টিন ইংঘি, এপিএইচএলচিৰ বিক্ৰম হাঞ্চে, ৰাইজৰ দলৰ তৰফৰ পৰা ৰাছেল হুছেইন, চিপিআইএমএল দলৰ পৰা পংকজ দাসো উপস্থিত থাকে।