তেজপুৰত ভাৰতীয় জাতীয় কংগ্ৰেছৰ ১৪১ সংখ্যক প্ৰতিষ্ঠা দিৱস কেন্দ্ৰীয়ভাৱে পালন প্ৰদেশ কংগ্ৰেছৰ
২০২৬ৰ নিৰ্বাচনত সমভাৱাপন্ন দলৰে মিত্ৰতা স্থাপন কৰিব বুলি ঘোষণা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ
ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতীয় জাতীয় কংগ্ৰেছৰ ১৪১ সংখ্যক প্ৰতিষ্ঠা দিৱস অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে আজি শোণিতপুৰ জিলাৰ সদৰ তেজপুৰত কেন্দ্ৰীয়ভাৱে পালন কৰে। শোণিতপুৰ জিলা কংগ্ৰেছ কমিটীৰ উদ্যোগত তেজপুৰত আজি পুৱাৰ ভাগত পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈয়ে। পতাকা উত্তোলনৰ পিছতে মহামানৱ মহাত্মা গান্ধী আৰু অসমৰ হিয়াৰ আমঠু, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত সভাপতিগৰাকীয়ে মাল্যৰ্পণ কৰে। ইয়াৰ পিছতে সভাপতিগৰাকীয়ে শোণিতপুৰ জিলা কংগ্ৰেছৰ নিৰ্বাচনী ‘ৱাৰ ৰুম’ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। এই অনুষ্ঠানত প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰা আৰু ভূপেন বৰাৰ লগতে বিধায়ক শিৱামণি বৰাসহ কেবাগৰাকী জ্যেষ্ঠ নেতা উপস্থিত থাকে। ইয়াৰ পিছতে শোণিতপুৰ জিলা কংগ্ৰেছৰ কাৰ্যালয়ৰ পৰা তেজপুৰ নগৰৰ মাজেৰে এক দীঘলীয়া পদযাত্ৰাৰে জয়মতী খেলপথাৰত শোণিতপুৰ জিলাৰ ভিন্ন প্ৰান্তৰ পৰা অহা কংগ্ৰেছ কৰ্মীসকল সমবেত হয় আৰু বিশাল ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে। এই ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰি লোকসভাৰ বিৰোধ দলৰ উপ-দলপতি তথা প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈয়ে কংগ্ৰেছ কৰ্মীসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰে। নিজৰ ভাষণত গগৈয়ে কয় যে কংগ্ৰেছ দলে জনবিৰোধী বিজেপি দলক প্ৰতিহত কৰাৰ স্বাৰ্থত সমভাৱাপন্ন দলসমূহৰ সৈতে মিত্ৰতা স্থাপন কৰি ২০২৬ৰ বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ’ব। ১০০টা সমষ্টিত কংগ্ৰেছ দলে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বিপৰীতে বাকী সমষ্টি আলাপ-আলোচনাৰ মাজৰে মিত্ৰদলসমূহক এৰি দিয়া হ’ব বুলিও গগৈয়ে স্পষ্ট কৰি দিয়ে। গগৈয়ে আৰু কয় যে এই মিত্ৰতাত কোনো কাৰণতে বিজেপিৰ দৰে সাম্প্ৰদায়িক দল এআইইউডিএফক স্থান দিয়া নহ’ব। ”কংগ্ৰেছৰ নেতৃত্বত অসমৰ জনসাধাৰণৰ জীৱনলৈ হৃত মৰ্যাদা ঘূৰি আহিব। কংগ্ৰেছ দলে শান্তি আৰু একতা বিচাৰে, বিজেপি দলে অশান্তি আৰু বিভাজন বিচাৰে। কংগ্ৰেছ দলে সংবিধানৰ ওপৰত বিশ্বাস ৰাখে, বিজেপি দলে গণতন্ত্ৰ মোহাৰি ৰাজতন্ত্ৰ গঢ় দিবলৈ বিচাৰে।’’- গগৈয়ে কয়। বিজেপি দলে এটা এটাকৈ ৰাইজৰ সকলো অধিকাৰ কাঢ়ি ল’ব বিচাৰে বুলি উল্লেখ কৰি গগৈয়ে কয় যে কংগ্ৰেছ দলৰ নেতা-কৰ্মীৰ মাজত স্বাধীনতা সংগ্ৰামীৰ তেজ আছে আৰু বৰ্তমানৰ বিজেপি দলৰ নেতাৰ মাজত গৰু চোৰ, চাউল চোৰ, মাটি চোৰ সোমাই আছে। তৰুণ গগৈৰ দিনত দুখীয়া লোকসকল উপকৃত হৈছিল বুলিও কয় গগৈয়ে। তেওঁ কয় যে অসমত পুনৰ কংগ্ৰেছৰ চৰকাৰ হ’লে ৰাইজে প্ৰকৃতাৰ্থত পৰিৱৰ্তন দেখিবলৈ পাব। জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, ভূপেন হাজৰিকা, জুবিন গাৰ্গে গঢ় দিব খোজা বৰ অসমক কংগ্ৰেছে পুনৰ জীয়াই তুলিব বুলিও কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। গগৈয়ে কয় যে এই নতুন বৰ অসমত হিংসা-বিদ্বেষৰ কোনো স্থান নাথাকিব। ধৰ্মীয় বিদ্বেশ বিয়পোৱাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সুকীয়া আইন অনা হ’ব বুলিও কয় গগৈয়ে। তেওঁ কয়, ”গীৰ্জা, নামঘৰ, মন্দিৰ, মছজিদ যিয়েই নহওক কিয় যদি কোনোবাই ধৰ্মীয় অনুষ্ঠানক কলুষিত কৰিব বিচাৰে সেইজনৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব। শংকৰদেৱ- মাধৱদেৱ, আজান পীৰৰ অসমত কেতিয়াও বিভাজনকামী কথা-বতৰাক মানি লোৱা নহ’ব।’’ যোৱা ১০ বছৰত বিজেপি চৰকাৰে কোনো প্ৰতিশ্ৰুতিয়েই পালন নকৰিলে বুলিও কয় গগৈয়ে। যোৱা বছৰত বিজেপি চৰকাৰে এটা কামেই কৰিছে আৰু সেয়া হৈছে মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালে য’তে-ত’তে মাটি কিনিছে আৰু বাগান কিনিছে। অৰুণোদয় প্ৰসংগতো গগৈয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। তেওঁ কয়, ”আজি বিজেপিৰ নেতাসকলে কৈছে যে তেওঁলোকে ১২৫০টকাকৈ দিছে। এয়া তেওঁলোকৰ ব্যক্তিগত ধন নহয়। এয়া ৰাইজৰ ধন। আমাৰ দিনতো বিভিন্ন আঁচনি আমি ৰাইজৰ মাজত বিতৰণ কৰিছিলো। আমাৰ দিনত সকলোৱে আঁচনি লাভ কৰিছিল। কিন্তু এওঁলোকৰ দিনত যদি বিজেপি কৰে তেতিয়াহে আঁচনি পাব নীতি প্ৰৱৰ্তন কৰিছে। আমাৰ চৰকাৰ আহিলে আঁচনিৰ সুবিধা সকলোৱে পাব। আমাক ভালেই পাওঁক বা বেয়াই পাওঁক পাবলগীয়া সকলোৱে আমাৰ চৰকাৰ আহিলে আঁচনিৰ সুবিধা লাভ কৰিব। এয়া আমৰ প্ৰতিশ্ৰুতি।’’ ৪ মাহ পিছত চকী হেৰোৱাৰ কথা ভাবি হতাশ হৈ, ভয় খাই মুখ্যমন্ত্ৰীয়ে আবোল-তাবোল কথা ক’বলৈ আৰম্ভ কৰিছে বুলিও কয় গগৈয়ে। সভাত ভাষণ প্ৰদান কৰি প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই কংগ্ৰেছৰ প্ৰতিষ্ঠাৰ কালৰ ইতিহাসৰ কথা উল্লেখ কৰি কয়, ”কংগ্ৰেছৰ ইতিহাস সংগ্ৰামী আদৰ্শৰ ইতিহাস, স্বাধীনতা সংগ্ৰামৰ ইতিহাস৷ স্বাধীনতা আন্দোলনত মহামানৱ মহাত্মা গান্ধী, পণ্ডিত জৱাহৰলাল নেহৰু, চৰ্দাৰ বল্লৱভাই পেটেল, নেতাজী সুভাষ চন্দ্ৰ বসু, মৌলানা আবুল কালাম আজাদ প্ৰমুখ্যে দেশৰ বিশিষ্ট নেতাসকলে অহিংসাক অস্ত্ৰ হিচাপে লৈ পৰাক্ৰমী ব্ৰিটিছৰ ২০০ বছৰীয়া ৰাজত্বৰ অৱসান ঘটাই আমাক স্বাধীনতাৰ সোৱাদ লোৱাৰ সুযোগ দিছিল৷ আজিৰ এই শুভ মুহূৰ্তত দেশ তথা অসমৰ শত-সহস্ৰ কংগ্ৰেছ দলৰ কৰ্মীক অভিনন্দন জনাইছো৷ যিসকলে কংগ্ৰেছ দলৰ পতাকাৰ দলত একত্ৰিত হৈ দেশ-মাতৃৰ হকে উচৰ্গিত মনোভাৱেৰে যুঁজিলে, যিসকলে যুঁজি আছে আৰু যিসকলে এই আদৰ্শক খামুচি ৰাখি দেশৰ সংবিধান, গণতন্ত্ৰ আৰু গণতান্ত্ৰিক প্ৰদত্ত সংস্থা যেনে চিবিআই, ইডি, পুলিচ, ন্যায়ালয় আদিৰ পৱিত্ৰতা ৰক্ষা কৰিবলৈ সংগ্ৰাম কৰি থকাসকলক অভিনন্দন জনাইছো৷ আমাৰ দেশে স্বাধীনতা লাভ কৰাৰ সমান্তৰালভাৱে স্বাধীনতা লাভ কৰিছিল৷ কিন্তু বিজ্ঞান, শিক্ষা, সামৰিক ক্ষেত্ৰ, আৰ্থিক ক্ষেত্ৰসহ আমাৰ দেশৰ বুনিয়াদ নিৰ্মাণ, আন্তগাঁথনি নিৰ্মাণত কংগ্ৰেছ দলে বিগত সময়ছোৱাত অভূতপূৰ্ব অৰিহণা যোগালে৷ আজি সেই ইতিহাস কংগ্ৰেছ দলৰ ইতিহাস৷ বহুতে কথাবোৰ পাহৰাবলৈ চেষ্টা কৰে৷ বহুতে ভগৱান ৰাম চন্দ্ৰৰ নাম মুখত লয়৷ ভগৱান ৰামৰ যি ক্ষমতা আছিল সেই ক্ষমতাৰে অভয় দান কৰিছিল৷ এতিয়াৰ শাসক পক্ষই মুখত ভগৱান ৰাম চন্দ্ৰৰ নাম লয়, কিন্তু তেওঁলোকৰ ক্ষমতাৰ যি ব্যৱহাৰ সেয়া ভয় খুৱাব বিচৰাৰ ব্যৱহাৰ৷ আমি দেশৰ সকলো সচেতন ব্যক্তিয়ে একত্ৰিত হৈ সংবিধানৰ পৱিত্ৰতা ৰক্ষা, দেশৰ অখণ্ডতা ৰক্ষাৰ স্বাৰ্থত সম্প্ৰীতি, ভাতৃত্ববোধ, একতাৰ এনজাৰীডাল ৰক্ষা কৰিম৷ সামগ্ৰীক বিকাশৰ বাবে সংগবদ্ধভাৱে কংগ্ৰেছৰ আদৰ্শক সাৰোগত কৰি আগুৱাই যাম৷’’ আনহাতে, নিজৰ ভাষণত প্ৰাক্তন সাংসদ ৰিপুন বৰাই কয়, ”বিশ্বৰ আটাইতকৈ প্ৰাচীনতম ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰতিষ্ঠা দিৱস৷ আজিৰ পৰা ১৪০ বছৰে আগতে ভাৰতীয় জাতীয় কংগ্ৰেছ দল প্ৰতিষ্ঠা হৈছিল৷ আজিৰ এই গৌৰৱময় ক্ষণত জাতীয় কংগ্ৰেছক প্ৰতিষ্ঠা কৰা প্ৰতিগৰাকী বৰেণ্য ব্যক্তিক শ্ৰদ্ধাৰে সুঁৱৰিছো৷ ২০০ বছৰীয়া ব্ৰিটিছৰ শাসন ওফৰাই আমাৰ দেশলৈ স্বাধীনতা কঢ়িয়াই অনা জাতিৰ পিতা মহাত্মা গান্ধীকে ধৰি সকলো স্বাধীনতা সেনানীক এই শুভক্ষণত শ্ৰদ্ধাৰে সুঁৱৰিছো৷ দেশৰ কোটি কোটি কংগ্ৰেছ নেতা-কৰ্মীক আন্তৰিক শুভেচ্ছা যাচিছো৷ ভাৰতীয় জাতীয় কংগ্ৰেছৰ ইতিহাস অতি গৌৰৱ উজ্বল ইতিহাস৷ পৃথিৱীৰ বুৰঞ্জীত এনে কোনো দৃষ্টান্ত নাই যে জাতীয় কংগ্ৰেছে যি অহিংসা পদ্ধতিৰে আন্দোলন কৰি ২০০ বছৰীয়া ব্ৰিটিছ শাসন ওফৰাই দেশ স্বাধীন কৰিছে৷ এনেকুৱা ত্যাগৰ দৃষ্টান্ত পৃথিৱীৰ ক’তো নাই৷ আমি কংগ্ৰেছ কৰ্মী হিচাপে গৌৰৱবোধ কৰো৷ বিজেপিয়ে যিমানে গৌৰৱ নকৰক কিয় বিজেপিৰ এইখন দেশত একো অৱদান নাই৷ বিজেপিৰ অৱদান এয়াই যে দেশত হিংসা-বিদ্বেষ, সংবিধানৰ প্ৰতি ভাবুকি অনা, দেশৰ মূল ভেটি ধৰ্মনিৰপেক্ষতাৰ প্ৰতি ভাবুকি আনি ভাই ভাইৰ মাজত সংঘাত লগায়৷ হিন্দু-মুছলমানৰ মাজত সাম্প্ৰদায়িক অশান্তি, সাম্প্ৰদায়িক অস্পৃশ্যতা সৃষ্টি কৰিব বিচাৰিছে৷ সেয়াই হৈছে বিজেপিৰ অৱদান৷ তাৰ বাহিৰে বিজেপিয়ে দেশৰ বাবে একো কৰা নাই৷’’ উল্লেখ্য যে, আজিৰ এই অনুষ্ঠানটোত সেৱা দলে পূৰ্ণ সহযোগিতা আগবঢ়ায়। সেৱা দলৰ কাৰ্য পৰিচালনা কৰে অধ্যক্ষ দ্বীপ বায়নে। সভাত প্ৰাক্তন সাংসদ মাধৱ ৰাজবংশী, আৰপি শৰ্মা, প্ৰাক্তন বিধায়ক প্ৰাণেশ্বৰ বসুমতাৰী, অভিজিৎ হাজৰিকা উপস্থিত থাকে। লগতে শোণিতপুৰ জিলা কংগ্ৰেছৰ সভাপতি কাৰ্তিক কুৰ্মী, প্ৰাক্তন জিলা সভাপতি দাদুল বৰকটকী, জ্যেষ্ঠ নেতা প্ৰেমলাল গঞ্জু, উদিত ভানু দাস, মেঘনাথ ছেত্ৰী, সম্পূৰ্ণা শইকীয়া, পল্লৱী শইকীয়া আৰু এনএছইউআইৰ ৰাজ্যিক সভাপতি কৌশিক কাশ্যপেও অংশগ্ৰহণ কৰে। দুয়োটা অনুষ্ঠানৰে আঁত ধৰে প্ৰদেশ কংগ্ৰেছৰ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই।
▪️ৰাজীৱ ভৱনতো প্ৰতিষ্ঠা দিৱস পালন
গুৱাহাটীৰ ৰাজীৱ ভৱনতো ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত পতাকা উত্তোলন কৰে অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ পৃথ্বি মাঝিয়ে। প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিপুল গগৈয়ে আঁত ধৰা অনুষ্ঠানটোত মহিলা কংগ্ৰেছৰ সভাপতি মীৰা বৰঠাকুৰ, প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি বলীন কুলী, সাধাৰণ সম্পাদক প্ৰদ্যুৎ ভূঞা, মিডিয়া বিভাগৰ সমন্বয়ক গোপাল শৰ্মাকে আদি কৰি একাধিক নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে।
