যি কণ্ঠ নীৰৱ নহ’ল – দীপাংকৰ শইকীয়া

Pc in.pinterest.com

অণুগল্প

যি কণ্ঠ নীৰৱ নহ’ল 

দীপাংকৰ শইকীয়া,ধেমাজি

খবৰটো বতাহত বিয়পি পৰিল-“জুবিন গাৰ্গ আৰু নাই।”ৰেডিঅ’বোৰ নীৰৱ হ’ল, মঞ্চবোৰ খালী। মানুহে ক’লে, সুৰ থমকি গ’ল।

কিন্তু সন্ধিয়া হ’ওঁতেই কোনো অজান ঘৰত আকৌ এটা গীত বাজি উঠিল- মায়াবিনী ৰাতিৰ বুকুত……
অশ্ৰুশিক্ত মনত জোনাক নামিল।
লুইতৰ পাৰত কোনোৱে চকুপানী মচিলে, কাৰোবাৰ বুকুত আকৌ সাহস জাগিল। সকলোৱে নীৰৱে বুজিলে- দেহৰ শেষ হয়, কিন্তু যিয়ে জাতিৰ বুকুত সুৰ সাঁচি থৈ যায়, তেওঁ মৃত্যুৰ পাছতো জীয়াই থাকে। সেই মুহূৰ্তত সকলোৱে বুজিলে-মৃত্যুৱে দেহ লৈ যায়, সুৰ লৈ যাব নোৱাৰে। জুবিন গাৰ্গ গ’ল বুলি ক’লে, বিশ্বই ক’লে-“তেওঁ এতিয়াও প্ৰতিজনৰ হৃদয়ৰ ভিতৰত শ্মশান পাৰ হৈও গান গাই আছে।”