কাৰ্বি আংলঙৰ পৰিস্থিতিক লৈ উদ্বিগ্ন অসম জাতীয় পৰিষদৰ তাৎপৰ্যপূৰ্ণ আহ্বান

কাৰ্বি আংলঙৰ পৰিস্থিতিক লৈ উদ্বিগ্ন অসম জাতীয় পৰিষদৰ তাৎপৰ্যপূৰ্ণ আহ্বান_
খিলঞ্জীয়াক ৰাজনৈতিকভাৱে নিঃশেষ কৰাৰ ষড়যন্ত্ৰ বন্ধ কৰক বিজেপিয়ে

ৰঙিলী বাৰ্ত্তাসেৱা- পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত অখিলঞ্জীয়া লোকৰ সমদলত ‘কাৰ্বি গো বেক’ আৰু ‘কাৰ্বি চাইনীজ গো বেক’ ধ্বনি দিয়া ঘটনাত উদ্বেগ প্ৰকাশ কৰি অসম জাতীয় পৰিষদে আজি এইবুলি অভিযোগ কৰে যে এয়া খিলঞ্জীয়াক ৰাজনৈতিকভাৱে নিঃশেষ কৰিবলৈ বিজেপিয়ে চলোৱা ষড়যন্ত্ৰৰহে পৰিণতি। জাতীয়তাবাদী আঞ্চলিক ৰাজনৈতিক দলটোৰ মতে, বিজেপি ক্ষমতালৈ অহাৰ পূৰ্বে অসমত এনে পৰিস্থিতি কেতিয়াও হোৱা নাছিল। জাতি-মাটি-ভেটি সুৰক্ষাৰ শ্লোগান দি ক্ষমতালৈ অহা বিজেপিৰ দিনতে খিলঞ্জীয়া মানুহৰ মাটি গৈছে, ভেটি গৈছে আৰু এতিয়া শেষ সম্বল স্বাভিমানতো আঘাত কৰা হৈছে। খেৰনিত ‘কাৰ্বি গো বেক’ ধ্বনি দিয়া লোকসকলৰ বিৰুদ্ধে অনুসূচিত জাতি-জনজাতি (অত্যাচাৰ প্ৰতিৰোধ) আইন ১৯৮৯ৰ অধীনত গ্ৰেপ্তাৰ কৰি বিচাৰ চলাব লাগে বুলি দলটোৱে দাবী কৰে।আজি দলৰ মুখ্য কাৰ্যালয়ত আয়োজিত এক সংবাদ মেলত অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয় বিজেপি শাসনলৈ অহাৰ পাছত অসমৰ প্ৰতি ইঞ্চি মাটিত খিলঞ্জীয়াৰ অস্তিত্ব সংকটে দেখা দিছে। অস্তিত্ব সুৰক্ষাৰ বাবেই অসম আন্দোলন হৈছিল, ৮৬০জন শ্বহীদ হৈছিল, আৰু তাৰ পাছত অসম চুক্তি স্বাক্ষৰ কৰা হৈছিল। সেই চুক্তিখন আখৰে আখৰে ৰূপায়ন কৰাৰ প্ৰতিশ্ৰুতি দিয়া বিজেপিক অসমীয়া মানুহে জাতিৰ অস্তিত্ব সুৰক্ষাৰ স্বাৰ্থত ভোট দিছিল। বিজেপিৰ চৰকাৰে অসম চুক্তিৰ ৬নং দফা ৰূপায়ন কৰি খিলঞ্জীয়াৰ ভাষিক, সাংস্কৃতিক আৰু সাংবিধানিক সুৰক্ষা নিশ্চিত কৰাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু সেই দায়িত্ববোৰ পালন নকৰি বিগত প্ৰায় দহ বছৰত বিজেপিয়ে অসমবাসীক প্ৰতাৰণা কৰিলে।অসমৰ মুখ্যমন্ত্ৰীয়ে অসমত অচিনাকি মানুহৰ প্ৰাদুৰ্ভাৱ হৈছে কোৱা প্ৰসংগ উনুকিয়াই ভূঞাই কয় যে যিষাৰ কথা মুখ্যমন্ত্ৰীয়ে আজি কৈ আছে, সেই কথা অসমবাসীয়ে চাৰি দশক পূৰ্বে অনুভৱ কৰি অসম আন্দোলন কৰিছিল। খিলঞ্জীয়া মানুহৰ অস্তিত্ব বিপন্ন হ’বলৈ নিদিওঁ বুলি মুখ্যমন্ত্ৰীসহ বিজেপি নেতাসকলে কৈ থাকে যদিও প্ৰকৃততে তেওঁলোকৰে পৃষ্ঠপোষকতাত উত্তৰ ভাৰত তথা বাংলাদেশৰ পৰা হোৱা মানুহ আহি খিলঞ্জীয়াৰ অস্তিত্বক অধিক প্ৰত্যাহ্বানৰ মুখলৈ ঠেলি দিয়াই নহয়, বহিৰাগতই খিলঞ্জীয়াৰ বিৰুদ্ধে গো বেক ধ্বনি দিব পৰা পৰিৱেশ সৃষ্টি হৈ গ’ল। ইয়াৰ বাবে বিজেপি দল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ চৰকাৰ দায়ী। অসমৰ য’তেই খিলঞ্জীয়া লোক প্ৰত্যাহ্বানৰ মুখত পৰিছে, তাতেই বিজেপি চৰকাৰে ভোটবেংকৰ স্বাৰ্থত খিলঞ্জীয়া-বিৰোধী স্থিতি গ্ৰহণ কৰিছে। ইয়াৰ পৰাই বিজেপিৰ খিলঞ্জীয়া বিৰোধী নীতি স্পষ্ট হৈ পৰে।পশ্চিম কাৰ্বি আংলং জিলাত শেহতীয়াকৈ সংঘটিত হোৱা ঘটনাক্ৰমৰ পটভূমি ব্যাখ্যা কৰি ভূঞাই কয় যে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদ এলেকাত, মুখ্য কাৰ্য্যবাহী বিষয়া (CEM) তুলিৰাম ৰংহাঙৰ নেতৃত্বত ব্যাপক দুৰ্নীতি-অনিয়ম তথা প্ৰাকৃতিক সম্পদৰ লণ্ঠন হৈ থকাৰ কথা সৰ্বজনবিদিত। উক্ত দুৰ্নীতি-অনিয়ম আৰু সম্পদৰ লুণ্ঠনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পোনপটীয়া পৃষ্ঠপোষকতা থকাৰ কথাও সৰ্বজনবিদিত। মুখ্যমন্ত্ৰীৰ চাৰ্টাৰ্ড বিমানৰ পৰা মখ্যমন্ত্ৰীৰ জন্মদিনৰ কেক্ কটালৈকে – সকলোতে তুলিৰাম ৰংহাঙৰ উপস্থিতি দেখিবলৈ পোৱা যায়। এই কথাবোৰক লৈ ৰাইজৰ মনত ব্যাপক ক্ষোভ পুঞ্জীভূত হৈ আছিল। ইফালে কাৰ্বি আংলং জিলাত খিলঞ্জীয়া-ভূমিপুত্ৰ কাৰ্বি লোকৰ জনসংখ্যা দ্ৰুত হাৰত হ্ৰাস পাই থকাক লৈয়ো তেওঁলোক উদ্বিগ্ন। ১৯৫১ চনত অবিভক্ত কাৰ্বি আংলং জিলাত কাৰ্বি লোকৰ জনসংখ্যাৰ হাৰ আছিল ৮৪ শতাংশ। বৰ্তমানে সেই হাৰ ৫০ শতাংশৰ তললৈ নামি আহিছেl অকল কাৰ্বি আংলঙতে কৰ্পোৰেট কোম্পানীসমূহক ডেৰ লাখ বিঘাতকৈ অধিক মাটি আৱন্টন দিয়া হৈছে। এনেবোৰ কাৰণতে কাৰ্বি জনগোষ্ঠীয় লোকসকলে অস্তিত্বৰ সংকটত ভূগি আছে। তেওঁলোকৰ দল-সংগঠনসমূহে দীৰ্ঘ কালৰে পৰাই তেওঁলোকৰ অস্তিত্ব সুৰক্ষাৰ নিশ্চিত ব্যৱস্থা কৰিবলৈ দাবী জনাই আহিছে। শেহতীয়াকৈ খেৰণিত কাৰ্বি লোকে চৰকাৰী ভূমিত উচ্ছেদ চলোৱাৰ দাবীত কৰা আন্দোলনৰ আঁৰত তেওঁলোকৰ উক্ত আশংকাই ক্ৰিয়া কৰিছিল। বিজেপিৰ দ্বাৰা পৰিচালিত স্বায়ত্ব শাসিত পৰিষদ আৰু ৰাজ্য চৰকাৰে তেওঁলোকৰ দাবীক গুৰুত্ব নিদি ওলোটাই দমন নীতি গ্ৰহণ কৰা বাবে পৰিস্থিয়ে এনে পৰ্যায় পালেগৈ। কাৰ্বি লোকৰ দাবীৰ প্ৰতি চৰকাৰে ভ্ৰূক্ষেপ নকৰাৰ বিপৰীতে অখিলঞ্জীয়া লোকৰ সমদলত একাংশই ‘জয় শ্ৰীৰাম’ ধ্বনিৰ লগতে ‘কাৰ্বি গো বেক’ ধ্বনি দিয়াটো অগ্ৰহণযোগ্য আৰু অক্ষমনীয় বুলি উল্লেখ কৰি ভূঞাই কয়, “জয় শ্ৰী ৰাম ধ্বনি কোনে কিয় দিয়ে সেইটো সকলোৱে জানে। কিন্তু ‘কাৰ্বি গো বেক’ আৰু ‘কাৰ্বি চাইনীজ গো বেক’ ধ্বনি দিয়াৰ কাৰণ কি? কাৰ্বিসকলৰ স্বভূমিত থিয় হৈ ‘কাৰ্বি গো বেক’ বুলি কোৱাসকল কোননো? তেওঁলোক ক’ৰ পৰা আহিছে? কাৰ্বিৰ বিৰুদ্ধে শ্লোগান দিয়া এইসকলক কোনে উচটালে? কাৰ্বি সকল ক’লৈ যাব? সংবিধানে সংৰক্ষণ কৰি দিয়া তেওঁলোকৰ মাটি-ভেটিত আনে গোঁজ পুতি বহিলেই, এতিয়া নিজৰ ঠাই এৰি ক’লৈ যাব এওঁলোক?” কাৰ্বি-বিৰোধী শ্লোগান দিয়া কাৰ্য্যক গৰিহণা দি ভূঞাই কয় যে এনে ধৰণৰ শ্লোগানৰ দ্বাৰা খিলঞ্জীয়া মানুহৰ স্বাভিমানত আঘাত কৰা হৈছে, তেওঁলোকৰ অস্তিত্বক ভাৱুকি দিয়া হৈছে।’কাৰ্বি চাইনীজ গো বেক’ বুলি কিয় ক’লে? এয়া উত্তৰ ভাৰতীয় সামন্তবাদী মানসিকতাৰ বহিঃপ্ৰকাশ। দিল্লী আদি ঠাইত উত্তৰ-পূৰ্বাঞ্চলৰ পৰা যোৱা লোকক ‘চাইনীজ’, ‘চীনী’, ‘চিংকি’ আদি শব্দৰে উপহাস কৰা হয়, বৈষম্যৰ বলি কৰা হয়। কিন্তু স্বয়ং কাৰ্বিসকলৰ নিজৰ ঠাইত, হাতে হাতে লাঠি-যাঠী লৈ, কাৰ্বি জনজাতীয় লোকক ‘চাইনীজ’ বুলি উপহাস কৰিবলৈ লৈছে, ভাৱুকি দিছে। এয়া তাতোকৈ অসহনীয়, অক্ষমণীয়। বিজেপি চৰকাৰ ক্ষমতালৈ অহাৰ পূৰ্বে অসমত এনে ঘটনা সংঘটিত হোৱা নাছিল। এয়া বিজেপিৰ পৃষ্ঠপোষকতাত হৈ অহা সাংস্কৃতিক আগ্ৰাসনৰ পৰিণতি।এয়া ভয়াৱহ ভৱিষ্যতৰ ইংগিত” – ভূঞাই কয়।বিজেপি চৰকাৰখনে ভোটবেংকৰ স্বাৰ্থত অসমৰ খিলঞ্জীয়া লোকসকলৰ অস্তিত্ব বিপন্ন কৰিবলৈ অতি পৰিকল্পিতভাৱে ষড়যন্ত্ৰ কৰি থকাৰ এয়া পৰিণতি বুলি উল্লেখ কৰি ভূঞাই কয় যে চৰকাৰী আন্তৰিকতা নাথাকিলে ষষ্ঠ অনুসূচীয়েও যে এটা জনগোষ্ঠীক বচাব নোৱাৰে, এয়াই তাৰ প্ৰমাণ। তেওঁ লগতে কয়, “বাৰেৰহনীয়া ভাষা-কৃষ্টি-সংস্কৃতি আৰু স্বকীয় ধৰ্মীয় বিশ্বাস-পৰম্পৰাৰ আমাৰ সমন্বয়ৰ সমাজখনৰ দেশৰ আন প্ৰান্তৰ সৈতে বহু বিষয়তে অমিল আছে। আমি আমাৰ স্বকীয়তা সম্পৰ্কে সদায় সচেতন। আমি আমাৰ নিজৰ পৰিচয়েৰে গৰ্বিত। আমাৰ স্বকীয়তাৰ সুৰক্ষাৰ নিশ্চিতি আমাক ভাৰতবৰ্ষৰ সংবিধানে প্ৰদান কৰিছে। গতিকে আমাৰ জন্মস্বত্ব অধিকাৰ আমি কোনো কাৰণতে খৰ্ব হ’বলৈ নিদিওঁ। আমাৰ প্ৰতি বৈষম্য সৃষ্টি কৰা সকলকো আমি কেতিয়াও ক্ষমা নকৰোঁ।”আনহাতে, দলৰ সম্পাদক চিত্তৰঞ্জন বসুমতাৰীয়ে কয় যে বিজেপি দলে খিলঞ্জীয়া মানুহক দুৰ্বল কৰি ব্লেকমেইলেৰে ভোট আদায় কৰাৰ গোপন অভিসন্ধি চলাই থকাটো ইতিমধ্যে স্পষ্ট হৈছে। কিন্তু ভয়ানক কথাটো হৈছে, শেহতীয়াকৈ খিলঞ্জীয়া মানুহৰ ভাগৰ লাখ লাখ বিঘা মাটি বৃহৎ পুঁজিপতি গোষ্ঠীক আৱন্টন দিয়াৰ পাছত সেই কোম্পানীসমূহে যিবোৰ উদ্যোগ-প্ৰকল্প ইয়াত স্থাপন কৰিব, সেইবোৰত নিয়োগ কৰাৰ পূৰ্বপৰিকল্পনা অনুসৰি বহিঃৰাজ্যৰ পৰা মানুহ অনাৰ প্ৰক্ৰিয়াত বিজেপি চৰকাৰে পৃষ্ঠপোষকতা আগবঢ়াই আহিছে। কমিচনৰ অংক আগত ৰাখি কাৰ্বি লোকৰ ডেৰ লাখ বিঘা মাটি পুঁজিপতি গোষ্ঠীসমূহক আৱন্টন দিওঁতে কাৰ্বি জনগোষ্ঠীৰ সংবিধান-প্ৰদত্ত সংৰক্ষণৰ নীতি বিজেপিয়ে উলংঘা কৰাই নহয়, খিলঞ্জীয়া কাৰ্বিসকলৰ অস্তিত্বৰ প্ৰশ্ন আৰু ইতিহাস-ঐতিহ্যকো অৱমাননা কৰিছে। কাৰ্বিসকলক অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ বুলি উল্লেখ কৰি বসুমতাৰীয়ে কয় যে বিজেপিয়ে অসমৰ সকলো খিলঞ্জীয়া জনগোষ্ঠীৰ ৰাজনৈতিক শক্তি হ্ৰাস কৰাৰ যি গোপন অভিসন্ধি চলাই গৈ আছে, সেয়া প্ৰতিৰোধ কৰাটো সকলো অসমীয়া মানুহৰ দায়িত্ব।