কাৰ্বি আংলঙৰ পৰিস্থিতিৰ বাবে ৰাজ্য চৰকাৰ সম্পূৰ্ণ দায়ীঃ চিপিআই(এম)

Pc Justdial

কাৰ্বি আংলঙৰ পৰিস্থিতিৰ বাবে ৰাজ্য চৰকাৰ সম্পূৰ্ণ দায়ীঃ চিপিআই(এম)

ৰঙিলী বাৰ্ত্তাসেৱা- বিগত তিনিদিন ধৰি পশ্চিম কাৰ্বি আংলং জিলাত চলি থকা অশান্তি আৰু হিংসাজৰ্জৰ পৰিৱেশ তথা বিভিন্ন জনগোষ্ঠীৰ মাজত আক্ৰমণ-প্ৰত্যাক্ৰমণৰ উদ্বেগজনক ঘটনাৱলীৰ বাবে অসম চৰকাৰ আৰু বিজেপি পৰিচালিত কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ নেতৃবৰ্গ সম্পূৰ্ণ দায়ী বুলি চিপিআই(এম)ৰ অসম ৰাজ্যিক কমিটিয়ে দৃঢ় মত প্ৰকাশ কৰিছে। আলাপ-আলোচনাৰ জৰিয়তে বিক্ষুব্ধ জনসাধাৰণৰ সমস্যা সমাধানৰ পৰিৱৰ্তে স্বৈৰতান্ত্ৰিক আচৰণ তথা গণতান্ত্ৰিক প্ৰতিবাদ দমনৰ মনোভাৱৰ ফলতে পশ্চিম কাৰ্বি আংলঙত, বিশেষকৈ জিলাখনৰ খেৰনি অঞ্চলত অশান্তিৰ সূত্ৰপাত হয় আৰু অন্য ঠাইলৈ বিয়পি পৰে। লগে লগে পাহাৰীয়া জিলাখনত থলুৱা জনগোষ্ঠীসমূহৰ সৈতে অন্যান্য জনগোষ্ঠীৰ মাজত উত্তেজনা-ঘৃণা-হিংসা-বিদ্বেষ বৃদ্ধি পায়।সংবিধানৰ ষষ্ঠ অনুসূচীৰ আধাৰত কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদ এলেকাৰ কাৰ্বি-ডিমাছা আদি জনগোষ্ঠীসমূহৰ মাজত ভূমিৰ অধিকাৰৰ লগতে ৰাজনৈতিক অধিকাৰ তথা স্বকীয় বৈশিষ্ট্যবোৰৰ ৰক্ষণাবেক্ষণৰ প্ৰশ্নত স্থানীয় জনগোষ্ঠীবোৰৰ মাজত ন্যায্য ক্ষোভ আৰু আশংকাবোৰ বিজেপি চৰকাৰৰ শাসনত ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে। চৰকাৰৰ কৰ্পোৰেট-বান্ধৱ নীতি আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অতি ঘনিষ্ঠ বিজেপি নেতা তথা স্বায়ত্বশাসিত পৰিষদখনৰ মুৰব্বী তুলিৰাম ৰংহাঙৰ স্বেচ্ছাচাৰ আৰু পৰ্বতসম দুৰ্নীতিৰ বিৰুদ্ধে থলুৱা জনগোষ্ঠীবোৰৰ মাজত উমি উমি জ্বলি থকা ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিল পশ্চিম কাৰ্বি আংলং জিলাৰ শেহতীয়া পৰিস্থিতিৰ মাজত। ৰাজ্য চৰকাৰে কাৰ্বি, ডিমাছা আদি থলুৱা জনজাতিসকলক উচ্ছেদ কৰি পাৰ্বত্য জিলা তিনিখনৰ হাজাৰ হাজাৰ বিঘা ভূমি আদানি-আম্বানিৰ দৰে কৰ্পোৰেট গোষ্ঠীৰ হাতলৈ হস্তান্তৰ কৰাৰ বাবে উদ্যোগ লোৱাৰ প্ৰতিবাদত ইতিপূৰ্বে বিভিন্ন সংগঠনে শান্তিপূৰ্ণ আন্দোলন কৰি আছিল যদিও চৰকাৰে গণতান্ত্ৰিক প্ৰতিবাদৰ প্ৰতি অকণো কাণ-সাৰ দিয়া নাছিল। শেহতীয়াভাৱে পিজিআৰ-ভিজিআৰ আদি বেদখলমুক্ত কৰাৰ দাবীত কাৰ্বি জনসাধাৰণক প্ৰতিনিধিত্ব কৰি একাংশ লোকে একেৰাহে ১৫ দিন ধৰি শান্তিপূৰ্ণভাৱে অনশন আন্দোলন কৰি থকাৰ পাছতো আন্দোলনকাৰীসকলৰ সৈতে চৰকাৰে আলাপ-আলোচনা কৰি সমস্যা সমাধানৰ উদ্যোগ নললে। ইয়াৰ পৰিৱৰ্তে জনদিয়েক লোকক পুলিচে স্বাস্থ্য পৰীক্ষাৰ নামত অনশন স্থলীৰ পৰা বলপূৰ্বক ধৰি আনি ডিফু মেডিকেল কলেজ অথবা চৰকাৰী হস্পিতালত চিকিৎসাৰ ব্যৱস্থা কৰাৰ সলনি গুৱাহাটীলৈ অনাৰ পাছতে পৰিস্থিতিৰ দ্ৰুত অৱনতি হয়। সহস্ৰাধিক উত্তেজিত ৰাইজে আনকি তুলিৰাম ৰংহাঙৰ পৈত্ৰিক বাসভৱনত যোৱা ২২ ডিচেম্বৰত অগ্নি সংযোগ কৰে আৰু বিভিন্ন ভাষা-ভাষী, জনগোষ্ঠীৰ মাজত সংঘৰ্ষৰো সূত্ৰপাত হয়। জিলা আৰু ৰাজ্য প্ৰশাসন তথা আৰক্ষী বাহিনীয়ে আইন-শৃংখলা ৰক্ষাৰ ক্ষেত্ৰত সম্পূৰ্ণ ব্যৰ্থতা প্ৰদৰ্শন কৰা পৰিলক্ষিত হয়। পুলিচৰ গুলী চালনাৰ ফলত এজন যুৱকৰ মৃত্যু হয় আৰু কেইবাজনো আহত হয়। চিপিআই(এম)ৰ অসম ৰাজ্যিক কমিটিয়ে পুলিচৰ গুলী চালনাৰ ঘটনাৰ তীব্ৰ নিন্দা কৰাৰ লগতে উচিত তদন্তৰো দাবী কৰিছে। ইপিনে খেৰনি বজাৰত কোনো দুষ্কৃতিকাৰীৰ দ্বাৰা ঘৰত অগ্নি সংযোগ কৰাৰ ফলত বঙালী সম্প্ৰদায়ৰ শাৰীৰিকভাৱে অক্ষম এজন যুৱকৰো কৰুণ মৃত্যু হোৱাত পাৰ্টিয়ে শোক প্ৰকাশ আৰু এনে অমানৱীয় ঘটনাক কঠোৰ ভাষাৰে নিন্দা কৰিছে। পাৰ্টিয়ে বিভিন্ন জনগোষ্ঠীৰ মাজত বিভেদ আৰু সংঘাত সৃষ্টিৰ পৰিৱেশ ৰচনাৰ বাবে শাসক বিজেপি আৰু ৰাজ্য চৰকাৰৰ বিভাজনবাদী নীতিকো নিন্দা কৰিছে। চিপিআই(এম)দলে সংশ্লিষ্ট সকলো অংশৰ জনসাধাৰণৰ মাজত ঐক্য-সম্প্ৰীতি আৰু শান্তি-শৃংখলা অটুট ৰখাৰ আহ্বান জনাইছে। তদুপৰি আন্দোলনকাৰী সংগঠনসমূহৰ লগত অনতিপলমে আলোচনা কৰি তেওঁলোকৰ দাবীবোৰৰ ন্যায্যতা বিচাৰ কৰা আৰু সমস্যাসমূহৰ গণতান্ত্ৰিক আৰু শান্তিপূৰ্ণ সমাধানৰ উদ্যোগ লোৱাৰ বাবে ৰাজ্য চৰকাৰৰ ওচৰত পাৰ্টিয়ে দাবী জনাইছে। জিলাখনত বসবাস কৰি থকা সকলো অংশৰ জনসাধাৰণৰ সুৰক্ষা আৰু নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবেও চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।