গোলাঘাটত হিন্দু ৰাষ্ট্ৰ দাবী সমিতি আৰু হিন্দু ফ্ৰণ্টৰ যৌথ উদ্যোগত স্বধৰ্ম সুৰক্ষা দিৱস পালন

গোলাঘাটত হিন্দু ৰাষ্ট্ৰ দাবী সমিতি আৰু হিন্দু ফ্ৰণ্টৰ যৌথ উদ্যোগত স্বধৰ্ম সুৰক্ষা দিৱস পালন

মৃগাংক বৰুৱা, গোলাঘাট,ৰঙিলী বাৰ্ত্তাসেৱা-গোলাঘাট সনাতন ধৰ্ম মন্দিৰত হিন্দু ৰাষ্ট্ৰ দাবী সমিতি আৰু হিন্দু ফ্ৰণ্টৰ যৌথ উদ্যোগত স্বধৰ্ম সুৰক্ষা দিৱস পালন কৰা হয় এখন গাম্ভীৰ্যপূৰ্ণ সভা অনুস্থিত কৰি। এই সভাখন অহ্বান কৰে হিন্দু ৰাষ্ট্ৰ দাবী সমিতিৰ অসমৰ উপ সভাপতি দ্বিজেন শৰ্মাই।ৰবিন পূজাৰীয়ে সভাপতিত্ব কৰা সভা খনত নিৰ্দিষ্ট বক্তা হিচাবে ভাষণ আগবঢ়ায় অমিয় বৰা আৰু যতীন নাথে। তেখেত সকলৰ সাৰুৱা ভাষণত স্বধৰ্ম ৰক্ষা কৰিবলৈ আমি কি কৰিব লাগিব সেইয়া প্ৰকাশ পায়। গীতাৰ সাৰমৰ্মই আমাক আমাৰ সমাজক সুস্থতা প্ৰদানৰ কথা কয়। আজিৰ সভাৰ সভাপতি ৰবিন পূজাৰীয়েও এটি সুন্দৰ ভাষণ আগবঢ়ায়। সভাত উপস্থিত থকা প্ৰতিজন ব্যক্তিকে একোখন গীতা উপহাৰ দিয়ে দ্বিজেন শৰ্মাই । তেখেতক এনে কৰ্মৰ বাবে সকলোৱে প্ৰশংসা কৰে। উল্লেখ্য যে এই সভাতে গোলাঘাট সনাতন ধৰ্ম সমাজৰ মহাৰজত জয়ন্তী উপলক্ষে প্ৰকাশ হোৱা “সনাতন জ্যোতি” স্মৃতি গ্রন্থ খনৰো এটা এটা কপি গ্ৰন্থ খনৰ সম্পাদক ৰাতুল চি শৰ্মাই সকলোৰে হাতত তুলি দি উপস্থিত ৰাইজক পৰম সন্তোষ প্ৰদান কৰে।