বাংলাদেশত পুনৰ গণপ্ৰহাৰত মৃত্যু আন এজন হিন্দু যুৱকৰ

Pc India Today

বাংলাদেশত পুনৰ গণপ্ৰহাৰত মৃত্যু আন এজন হিন্দু যুৱকৰ

ৰঙিলী বাৰ্ত্তাসেৱা- বাংলাদেশত পুনৰ হত্যাৰ বলি হ’ল আন এজন হিন্দু যুৱক। দিপু চন্দ্ৰ দাসৰ পিছত দেশখনত গণপ্ৰহাৰৰ বলি হৈ মৃত্যুক সাৱটি ল’লেআন এজন হিন্দু যুৱকে। উন্মত্ত জনতাই মৰিয়াই মৰিয়াই হত্যা কৰে যুৱকজনক। বাংলাদেশৰ যুৱ নেতা ওছমান হাদিৰ মৃত্যুৰ পিছতে চুবুৰীয়া দেশখনৰ পৰিস্থিতি উত্তপ্ত হৈ পৰাৰ সময়তে মৈমনসিং জিলাৰ দীপু চন্দ্ৰ দাস নামৰ কাৰখানাৰ শ্রমিক এজনক এদল উত্তেজিত লোকে মৰিয়াই মৰিয়াই হত্যা কৰি পিছত তেওঁৰ মৃতদেহটো গছত ওলোমাই জ্বলাই দিয়াৰ দৰে ঘটনাৰ প্ৰতিক্রিয়া মাৰ নৌযাওঁতেই বাংলাদেশৰ ঢাকা মণ্ডলৰ ৰাজবাৰী জিলাৰ পাংছা উপ-জিলাৰ অন্তৰ্গত হোছাইডাংগা পুৰণি বজাৰ এলেকাত পুনৰ এজন হিন্দু যুৱক সমূহীয়া হিংসাৰ বলি হৈ মৃত্যুক সাবটি লয়।  মৃত যুৱকজনৰ নাম অমৃত মণ্ডল ওৰফে সম্রাট বুলি জনা গৈছে। এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে দাবী কৰা মতে, চান্দা তোলাক লৈ ঘটনাটো সংঘটিত হয়। বুধবাৰে নিশা ১১ বজাত এই ঘটনাটো সংঘটিত হয়। স্থানীয় আৰক্ষীয়ে যুৱকজনক মৰিয়াই মৰিয়াই হত্যা কৰাৰ কথাটো বৃহস্পতিবাৰে নিশ্চিত কৰে । আৰক্ষীয়ে দাবী কৰা মতে, ধন দাবী আৰু বিভিন্ন অপৰাধমূলক কার্যকলাপৰ সৈতে জড়িত আছিল ২৯ বছৰীয়া এই যুৱকজন। বুধবাৰে নিশাৰ সেই ঘটনাটোৰ পিছতে ছেলিম শ্বেখ নামৰ অমৃতৰ এজন সহযোগীকো ধৰি উত্তেজিত জনতাই আৰক্ষীৰ হাতত গতাই দিয়ে। যুৱকজনৰ পৰা দুটা আগ্নেয়াস্ত্র পোৱা গৈছে বুলিও দাবী কৰে আৰক্ষীয়ে।  আৰক্ষীয়ে প্ৰকাশ কৰা মতে, দলবদ্ধ হিংসাৰ পৰিস্থিতি উদ্ভৱ হোৱাৰ পূৰ্বে অমৃত মণ্ডলে ধন দাবী কৰা বুলি স্থানীয় বাসিন্দাসকলে দাবী কৰে। আৰক্ষীৰ মতে, অমৃত মণ্ডল আছিল ‘সম্রাট বাহিনী’ নামৰ এটা স্থানীয় গোটৰ নেতা আৰু তেনেদৰেই তেওঁৰ নাম আৰক্ষীৰ নথিত লিপিবদ্ধ আছে। যুৱকজন আছিল হোছাইডাংগা গাঁৱৰ বাসিন্দা অক্ষয় মণ্ডলৰ পুত্ৰ। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে, মণ্ডল আৰু তেওঁৰ সহযোগীসকলে ছাহিদুল ইছলাম নামৰ এজন স্থানীয় বাসিন্দাৰ ঘৰলৈ গৈ সেইদিনা নিশা ধন দাবী কৰিছিল আৰু পৰিয়ালটোৰ লোকসকলে চোৰ চোৰ বুলি চিঞৰ-বাখৰ কৰাত তৎক্ষণাত ওচৰ-চুবুৰীয়াই ঘেৰি ধৰি যুৱকজনক কৰায়ত্ত কৰি মাৰপিট কৰে। ৰাইজৰ মাৰপিটত মণ্ডল ঘটনাস্থলীতে নিহত হয় আৰু তেওঁৰ লগৰীয়াসকলে পলায়ন কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে ঘটনাটো সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰু এই ঘটনাত জড়িত লোকসকলক চিনাক্ত কৰাৰ অভিযান আৰম্ভ কৰিছে। ঘটনাটোৱে অঞ্চলটোত উত্তেজনাৰ সৃষ্টি কৰিছে আৰু ভৱিষ্যতে হ’ব পৰা অস্থিৰতা ৰোধ কৰাৰ বাবে অতিৰিক্ত আৰক্ষী বাহিনী অঞ্চলটোত মোতায়েন কৰা হৈছে। জ্যেষ্ঠ আৰক্ষী অধীক্ষক নিশ্চিত কৰিছে যে মণ্ডলৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ৰাজবাৰী সদৰ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। তেওঁ লগতে কয়, এইটো এটা দুঃখজনক জীৱননাশৰ ঘটনা, কিন্তু তদন্ততহে ওলাই পৰিব অপৰাধমূলক কার্যকলাপটোৰ ধৰণ-কৰণ।