শীৰ্ষ মাওবাদী নেতা গণেশ উইকে এনকাউণ্টাৰত নিহত

Pc NDTV

শীৰ্ষ মাওবাদী নেতা গণেশ উইকে এনকাউণ্টাৰত নিহত

ৰঙিলী বাৰ্ত্তাসেৱা- দেশক নক্সালমুক্ত কৰি তোলাৰ লক্ষ্যৰে নিৰাপত্তা বাহিনীয়ে চলাই থকা অভিযান ধাৰাবাহিকভাৱে আগবাঢ়িছে। এনে এক অভিযানৰ সময়ত নিৰাপত্তা বাহিনীয়ে ওড়িশাত বৃহৎ সাফল্য লাভ কৰিছে। ওড়িশাত হোৱা এক এনকাউণ্টাৰত নিহত হৈছে মাওবাদীৰ শীৰ্ষ নেতা গণেশ উইকে। বুধবাৰে নিশা গোপন সূত্ৰৰ পৰা কন্ধমলৰ বেলঘৰ থানালৈ খবৰ আহে যে জিলাখনৰ গুম্মাৰ জংঘলত এদল মাওবাদীয়ে মাৰবান্ধি আছে।বৃহস্পতিবাৰে নিচেই পুৱা আৰক্ষীয়ে অভিযান চলোৱাত জংঘলৰ ভিতৰত মাওবাদীসকলৰ সৈতে নিৰাপত্তাৰক্ষী বাহিনীৰ গুলীয়াগুলী আৰম্ভ হয়। জংঘলখনক ঘেৰি ধৰি তালাচী অভিযান চলাই থাকোঁতে মাওবাদীয়ে নিৰাপত্তাৰক্ষীক লক্ষ্য কৰি গুলী চলাবলৈ আৰম্ভ কৰে। নিৰাপত্তা বাহিনীয়েও গুলীৰেই উত্তৰ দিয়ে। আৰক্ষী সূত্রই সংবাদ প্রতিষ্ঠানক জনোৱা মতে, আৰক্ষী বাহিনীৰ সৈতে হোৱা এই সংঘৰ্ষত চাৰিজন মাওবাদীৰ মৃত্যু হয়। তাৰ ভিতৰত এজনক চিনাক্ত কৰা হৈছে। তেওঁৰ নাম গণেশ উইকে।নিহত আন তিনিজন নক্সাল সদস্যৰ ভিতৰত আছে দুগৰাকী মহিলা। আৰক্ষীৰ মতে, মাওবাদী নেতাজন গণেশ পাক্কা হনুমন্ট, ৰাজেশ তিৱাৰী, ছামৰু আৰু ৰূপা নামেৰেও পৰিচিত।উল্লেখ্য যে এই দুৰ্ধৰ্ষ মাওবাদী নেতাগৰাকীৰ বাবে ১ কোটি ১০ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল চৰকাৰে।গণেশ উইকেৰ বয়স আছিল ৬৯ বছৰ। তেওঁ তেলেংগানাৰ নালগোণ্ডা জিলাৰ বাসিন্দা আছিল।