ক্ৰমাৎ নিয়ন্ত্ৰণলৈ আহিছে পশ্চিম কাৰ্বি আংলঙৰ পৰিস্থিতি
ৰঙিলী বাৰ্ত্তাসেৱা- ক্ৰমাৎ সুস্থিৰ হৈছে অগ্নিগৰ্ভা হৈ পৰা কাৰ্বি আংলঙৰ পৰিস্থিতি ৷ ৰাজ্য চৰকাৰৰ গৃহ বিভাগ তথা আৰক্ষীৰ কঠোৰ স্থিতিৰ ফলশ্রুতিত যোৱা তিনিটা দিন ধৰি অশান্ত হৈ থকা খেৰণিৰ বিস্তীর্ণ অঞ্চল একপ্ৰকাৰ শান্ত হৈ থকা পৰিলক্ষিত হয়। মঙলবাৰৰ নিশাৰে পৰা অঞ্চলটোত হোৱা নাই কোনো হিংসাত্মক ঘটনা। আৰক্ষী, অর্ধসামৰিক বাহিনী তথা সেনা বাহিনীৰ জোৱানে সমগ্র খেৰণি অঞ্চলৰ অলিয়ে-গলিয়ে ফ্লেগমার্চ কৰি পৰিস্থিতিৰ ওপৰত চকু ৰাখে। যাৰ পৰিণতিত কাৰ্বি-অনাকাৰ্বিৰ সংঘাত ক্ৰমাৎ স্তিমিত হৈ আহে। উল্লেখ্য যে মঙলবাৰে সমগ্র খেৰণি অঞ্চলত পুৱাৰে পৰা কাৰ্বি-অনাকাৰ্বিৰ মাজত সংঘাতৰ পৰিণতিত সমগ্ৰ অঞ্চলটো একপ্ৰকাৰ অগ্নিকুণ্ডত পৰিণত হৈছিল। জ্বলি গৈছিল ইখনৰ পিছত সিখনকৈ গাঁও। ভস্মীভূত হৈছিল খেৰণিৰ দৈনিক বজাৰ, বাসগৃহ, গাড়ী-মটৰ তথা অজস্র সা-সম্পত্তি। কেৱল অনা-কাৰ্বি লোকৰেই নহয়, পিজিআৰ-ভিজিআৰ ভূমিৰ পৰা অনা-কাৰ্বিক উচ্ছেদৰ দাবীত প্ৰতিবাদত লিপ্ত হোৱা কাৰ্বিসকলৰো ঘৰ-বাৰী অগ্নিকুণ্ডত জাহ যায়। একপ্ৰকাৰ পৰহি নিশাৰে পৰা খেৰণিৰ ৰাজপথত জ্বলি আছিল টায়াৰ আৰু এই জুইয়ে মঙলবাৰৰ দিনটোত বিধ্বংসী অগ্নিকাণ্ডলৈ পৰিণত হয়। কাৰ্বি প্ৰতিবাদকাৰীসকলক ছত্রভংগ দিয়াবলৈ মঙলবাৰৰ সন্ধিয়াৰ পৰা নিশালৈ আৰক্ষীয়ে গুলীচালনা কৰিবলগা হয়। যাৰ পৰিণতিত দুজন কাৰ্বি যুৱকৰ মৃত্যু হয়। মৃত্যু হোৱা কার্বি যুৱকদ্বয় হ’ল ছিংথি তিমুং আৰু লিনুছ ফাংছ’। আনহাতে মঙলবাৰে নিশা কাৰ্বি লোকে খেৰণি দৈনিক বজাৰ জ্বলাই দিয়াৰ ফলত সূৰয দে’ নামৰ এজন অনা-কার্বি দিব্যাংগ লোক নিহত হয়। এই পর্যন্ত খেৰণিৰ কাৰ্বি-অনাকাৰ্বিৰ সংঘাতৰ পৰিণতিত তিনিজন লোকৰ মৃত্যু হোৱাটো স্পষ্ট হৈছে। ইফালে খেৰণিত আৰক্ষীৰ গুলীত আহত হোৱা কেইবাজনো লোক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে। তেওঁলোকৰ ভিতৰত বিদ্যা তিছ’, নিউটন তিমুং আৰু এছিয়া ৰংপি নামৰ যুৱক তিনিজনো আছে বুলি জানিব পৰা গৈছে। ক্ৰমাৎ খেৰণিৰ পৰিস্থিতি শান্ত তথা নিয়ন্ত্রণাধীন হৈ অহাৰ সমান্তৰালকৈ খেৰণিৰ পৰা ইতিমধ্যে পলাই অহা একাংশ অনা-কার্বি তথা বিহাৰী সম্প্ৰদায়ৰ লোকে সূৰয দে’ৰ মৃত্যুক লৈ উত্তেজিত হৈ পৰে। বিহাৰী সম্প্ৰদায়ৰ সহস্রাধিক লোকে লংকা আৰু খেৰণিৰ মধ্যস্থল ৰাণাইমা গেট অর্থাৎ ফৰেষ্টগেট বজাৰত ব্যাপক প্রতিবাদ সাব্যস্ত কৰে। সহস্রাধিক বিহাৰী সম্প্ৰদায়ৰ যুৱক-যুৱতীয়ে অঞ্চলটোত হাতে হাতে বেনাৰ-পোষ্টাৰ লৈ কাৰ্বি সম্প্ৰদায়ৰ বিৰুদ্ধে তীব্র প্রতিবাদ সাব্যস্ত কৰে। আনকি বিহাৰী সম্প্ৰদায়ৰ এইসকল লোকে ‘কার্বি গ’ বেক’ ধ্বনিও দিয়া বুলি জানিব পৰা গৈছে। বিহাৰী সম্প্ৰদায়ৰ প্ৰতিবাদী লোকসকলে সূৰষ দে’ৰ মৃত্যুৰ বাবে দায়ী লোকসকলক শীঘ্রে গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰাৰ লগতে কার্বি নেতা লিটচন ৰংফাৰক গ্ৰেপ্তাৰৰ দাবী জনায়। অঞ্চলটোত সমবেত হোৱা বিহাৰী সম্প্ৰদায়ৰ লোকসকলে বেনাৰ-পোষ্টাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰাৰ মাজতে একাংশ দুষ্কৃতিকাৰীয়ে ৰাণাইমা গেট ভাঙি চূৰমাৰ কৰে।যোৱানিশাৰে পৰা আৰক্ষী, অর্ধসামৰিক বাহিনী আৰু সেনা বাহিনীৰ জোৱানে সমগ্ৰ অঞ্চলটোত কঠোৰ কাৰ্যব্যৱস্থা গ্রহণ কৰি পৰিস্থিতি নিজৰ নিয়ন্ত্রণলৈ আনে। বুধবাৰে পুৱা সেনাই খেৰণিত ফ্লেগমার্চ কৰে। সমগ্ৰ অঞ্চলটোৰ পৰিস্থিতি নিয়ন্ত্রণাধীন যদিও ঠায়ে ঠায়ে কিছু বিক্ষিপ্ত ঘটনাও সংঘটিত হৈ আছে। ইয়াৰ মাজতে সংঘাতজৰ্জৰ অঞ্চলটোৰ পৰা হাজাৰ হাজাৰ বিহাৰী সম্প্ৰদায়ৰ লোক নিশা নিশা লংকা-হোজাইলৈ পলাই গৈছে। পৰিস্থিতি নিয়ন্ত্রণাধীন যদিও পুনৰ সংঘাতৰ আশংকা কৰি ঘটনাস্থলীত উপস্থিত থকা আৰক্ষী সঞ্চালকপ্ৰধান হৰমিট সিঙে দুষ্কৃতিকাৰীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি ঘোষণা কৰিছে। সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত হৰমিট সিঙে কয় যে সংঘর্ষজৰ্জৰ খেৰণিত শান্তি প্রতিষ্ঠাৰ বাবে সকলো শ্ৰেণীৰ লোক ওলাই আহক। সংঘর্ষই কোনো সমস্যাৰে সমাধান নকৰে। সংঘৰ্ষৰ ফলত কাৰো লাভ নহয়। এই ঘটনাৰ জৰিয়তে কাৰো লাভ হোৱা নাই। আমি সকলো ভাৰতীয় লোক। আমি সকলোৱেই মিলিজুলি থাকিব লাগে। সংঘৰ্ষৰ্জৰ্জৰ অঞ্চলৰ পৰিস্থিতি বৰ্তমান নিয়ন্ত্রণাধীন। সকলোতে বর্তমানে আৰক্ষী, সেনা বাহিনীয়ে টহল দি আছে। মই নিজে সকলো চাই আছোঁ। সংঘাতত লিপ্ত থকা সকলোকে চিনাক্ত কৰা হৈছে। শান্তি প্রতিষ্ঠা হোৱাৰ পিছত এইসকল লোকৰ বিৰুদ্ধে আইনগত সকলো ব্যৱস্থা লোৱা হ’ব। চৰকাৰে আলোচনাৰ বাবে তাৰিখ দিছে। যাৰ যি অভিযোগ আছে তেওঁলোকে চৰকাৰৰ সৈতে আলোচনাত মিলিত হৈ সমস্যা সমাধান কৰিব লাগে।আনহাতে পশ্চিম কাৰ্বি আংলঙৰ পৰিস্থিতি শান্ত হোৱাৰ পিছত কাৰ্বি আংলঙবাসীৰ সৈতে আলোচনাৰ মাজেৰে সমস্যা সমাধান কৰা হ’ব বুলি মন্তব্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। নিজেই ৰাইজৰ সৈতে আলোচনা কৰিব বুলি মন্তব্য কৰি পৰিস্থিতি ক্ৰমাৎ শান্ত হোৱা বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে । মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “আজি পৰিস্থিতি উন্নত হৈছে । আজি পৰিস্থিতি সম্পূৰ্ণ স্বাভাৱিক দুয়োটা ফৈদৰ মাজত কথা-বতৰা আৰম্ভ হৈছে । আমাৰ শীৰ্ষ বিষয়াসকল ঘটনাস্থলীত আছে ৷ মানুহ দোকান-পোহাৰলৈ আহিব আৰম্ভ কৰিছে, ৰাস্তালৈ ওলাইছে ।” মঙলবাৰে কিদৰে দুজন লোকৰ খেৰণিত মৃত্যু ঘটে সেয়াও অৱগত কৰিলে মুখ্যমন্ত্ৰীয়ে । তেওঁ কয়, “দুজন লোকৰ মৃত্যু ঘটিছে । কালি এজন লোকৰ আৰক্ষীৰ গুলীচালনাত মৃত্যু ঘটিছে ৷ আন এজনৰ অগ্নিদগ্ধ হৈ মৃত্যু ঘটিছে । প্ৰতিবাদীসকলে কিছু দোকান-ঘৰ জ্বলাই দিছিল ৷ এজন শাৰীৰিকভাৱে প্ৰতিবন্ধী লোকৰ জুইৰ মাজৰ ওলাই আহিব নোৱাৰাৰ বাবে জীৱন্তভাৱে অগ্নিদগ্ধ হৈ মৃ্ত্যু ঘটে । কালি আমি এক দুখজনক পৰিস্থিতি প্ৰত্যক্ষ কৰিলোঁ ৷”ইফালে কার্বি আংলঙত শেহতীয়া পৰিস্থিতিক লৈ কাৰ্বি নেতা লিটচন ৰংফাৰে কয় যে আমাৰ মূল্য যদি অসম চৰকাৰে বুজি নাপায়, আমাক পৃথক ৰাজ্য দিয়ক। চৰকাৰৰ ভুলৰ কাৰণে আজি অশান্ত হৈছে কার্বি আংলং। প্রত্যেক সপ্তাহতে আমি কার্বি আংলঙত নতুন মানুহ দেখো। নতুনকৈ অহা একাংশই নাজানে অসমীয়া ভাষা। নুবুজে অসমীয়াৰ অনুভূতি। ২৬ ডিচেম্বৰত চৰকাৰৰ সৈতে আলোচনাত মিলিত হ’ব বুলিও জানিবলৈ দিয়ে লিটচন ৰংফাৰে।
