কাৰ্বি আংলঙৰ ঘটনাত উদ্বিগ্ন ৰাজ্যিক বিজেপি

কাৰ্বি আংলঙৰ ঘটনাত উদ্বিগ্ন ৰাজ্যিক বিজেপি
হিংসা পৰিহাৰ কৰি সকলোকে শান্তি-সম্প্ৰীতি বজাই ৰখাৰ আহ্বানঃ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

ৰঙিলী বাৰ্ত্তাসেৱা- পশ্চিম কাৰ্বি আংলঙৰ খেৰনি আৰু ডংকামোকামত বিগত কেইদিন মানৰ পৰা সংঘটিত হোৱা হিংসাত্মক পৰিস্থিতিত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশে৷ বাতৰি কাকতলৈ প্ৰেৰণ কৰা এক বিজ্ঞপ্তিত ৰাজ্যিক বিজেপিৰ সভাপতি শ্ৰী দিলীপ শইকীয়াই অশান্ত জৰ্জৰ কাৰ্বি আংলঙত শান্তি আৰু স্থিৰতা প্ৰতিষ্ঠা কৰিবৰ বাবে সংশ্লিষ্ট সকলো পক্ষকে আগবাঢ়ি আহিবলৈ আহ্বান জনাইছে৷ পশ্চিম কাৰ্বি আংলঙৰ কাৰ্বি তথা অন্যান্য জনগোষ্ঠীৰ সকলো লোকে শান্তি-শৃংখলা প্ৰতিষ্ঠা কৰাত সহাৰি জনাবলৈ আহ্বান জনাইছে সভাপতি গৰাকীয়ে৷ হিংসাত্মক কাৰ্য কোনো সমস্যা সমাধানৰ পথ নহয় বুলি উল্লেখ কৰি শ্ৰীশইকীয়াই ৰাজ্য চৰকাৰে আহ্বান জনোৱা ত্ৰিপাক্ষিক বৈঠকৰ প্ৰতি সহাৰি জনাবলৈ সংশ্লিষ্ট সকলো পক্ষকে আহ্বান জনাইছে৷ ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পৰিস্থিতিৰ ওপৰত অহৰ্নিশে নজৰ ৰখাৰ লগতে পৰিস্থিতি শান্ত কৰিবলৈ প্ৰয়াস অব্যাহত ৰাখিছে৷ ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান আৰু মাননীয় মন্ত্ৰী ডাঃ ৰণোজ পেগু ডাঙৰীয়াক তেখেতে ততাতৈয়াকৈ কাৰ্বি আংলঙলৈ প্ৰেৰণ কৰি সকলো পক্ষৰ লগত আলোচনা কৰাৰ বাবে প্ৰেৰণ কৰিছে৷ বিগত কিছুদিন ধৰি ৰাজ্যখনক অশান্ত আৰু অস্থিৰ কৰিবৰ বাবে অসম বিৰোধী আৰু দেশ বিৰোধী এক চক্ৰই অহৰহ প্ৰয়াস কৰি আছে৷ ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশে অসমৰ সকলো জাতি জনগোষ্ঠীক এই অপশক্তিৰ বিৰুদ্ধে সজাগ হৈ থাকিবলৈ আহ্বান জনোৱাৰ লগতে ৰাজ্যখনক বিকাশ মুখী যাত্ৰা যাতে স্তদ্ধ কৰিব নোৱাৰে তাৰ প্ৰতি সজাগ আৰু সচেতন হ’বলৈও আহ্বান জনাইছে৷ যোৱা কিছুদিন ধৰি ৰাজ্যখনক অস্থিৰ আৰু অশান্ত কৰিবৰ বাবে এচাম সমাজ বিৰোধী আৰু অসম বিৰোধী চক্ৰই গভীৰ ষড়যন্ত্ৰ ৰচনা কৰাৰ ইতিমধ্যে কিছু ঘটনা পোহৰলৈ আহিছে৷ শ্ৰীশইকীয়াই এই শক্তিসমূহৰ ষড়যন্ত্ৰক বাঞ্চাল কৰিবৰ বাবে সংশ্লিষ্ট সকলো পক্ষকে আহ্বান জনাইছে৷ আনহাতে যোৱা তিনিদিনত অশান্ত জৰ্জৰ পৰিস্থিতিত মৃত্যু বৰণ কৰা প্ৰতিগৰাকী ব্যক্তিৰ পৰিয়ালৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰিছে লগতে আহত সকলৰ আশু- আৰোগ্য কামনা কৰিছে৷