মহানায়ক
ৰাজশ্ৰী শৰ্মা,
গোলাঘাট বনগাঁও
অৱসান হ’ল এটা যুগৰ ।
হেৰাই গ’ল এটি নক্ষত্র।
লুপ্ত হ’ল এটি অসমৰ সম্পদ।
মৃত্যু হ’ল এজন মহানায়কৰ।
সকলোৰে প্ৰাণৰ শিল্পী।
মৃত্যুৰ পিছতে একত্রিত কৰি গ’ল
সকলো জাতি, সকলো ধৰ্ম।
যিদৰে কৈছিল ,,,
“মোৰ কোনো জাতি নাই,
মোৰ কোনো ধৰ্ম নাই
মই মানুহ মাত্র মানুহ। ”
পৰিচয় দি গল ,,,
পৃথিবীৰ আটাইতকৈ ধনী মানুহ ৰূপে।
বুটলিলে মাত্র মানুহৰ মৰম।
ৰচিলে বিশ্ব ইতিহাস,,,
বিশ্বৰ চতুর্থ সৰ্ববৃহৎ সমদলৰ।
ৰাখি গল নাম বিশ্বৰ শ্ৰেষ্ঠ
দহজন শিল্পীৰ মাজত।
গুগলেও দিলে নাম,,,
“হামিং কিং অফ দা ওৱৰ্লদ ”
চিংগাপুৰত জুবিনৰ নামাকৰণ হ’ল
“জুবিন গাৰ্গ আইলেণ্ড”
তুমি সঁচাই কাঞ্চনজঙ্ঘা
তুমি সঁচাই ৰয় ইউকেলিপটাচ
তুমি অনন্য তুমি একক,
তুমি অদ্বিতীয়
তুমি শক্তি, তুমি প্রেম…
“তুমি অসম”
তুমি অমৰ।।
