পশ্চিম কাৰ্বি আংলঙৰ শেহতীয়া পৰিস্থিতিক লৈ অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ প্ৰতিক্ৰিয়া
জনজাতীয় লোকৰ আৱেগৰ বিপৰীতে চৰকাৰে কাম-কাজ কৰিছে: লুৰীণজ্যোতি গগৈ
ৰঙিলী বাৰ্ত্তাসেৱা- পশ্চিম কাৰ্বি আংলঙৰ শেহতীয়া পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদে। মঙলবাৰে সংবাদ মাধ্যমৰে হোৱা বাৰ্তালাপত দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয়, ‘‘আমি দেখিছোঁ যে কাৰ্বি আংলঙৰ ভূমিৰ অধিকাৰৰ বিষয়টো এটা দীৰ্ঘদিনীয়া বিষয়। ভূমিৰ অধিকাৰ আৰু ভূমিৰ সমস্যাক লৈ জনজাতীয় ৰাইজ, খিলঞ্জীয়া জনগণ অতিশয় চিন্তিত। ভূমিৰ অধিকাৰ আনে কাঢ়ি লৈ যোৱাধৰণৰ বিষয়বোৰত সকলোৱে সংবেদনশীল মনেৰে দীৰ্ঘদিনে সংগ্ৰাম কৰি আহিছে। অমি গোটেই বিষয়োটোক লৈ উদ্বিগ্ন।’’ সভাপতি গগৈয়ে কয়, ‘‘চৰকাৰে বহুজাতিক কোম্পানী আৰু বৃহৎ পুঁজিপতিক থলুৱা লোকৰ ভূমি প্ৰদান কৰা, ভূমিৰ অধিকাৰ কাঢ়ি লোৱাক লৈ ৰাজ্যৰ ঠাইবিশেষে সংগ্ৰাম অব্যাহত আছে। শেহতীয়াকৈ পশ্চিম কাৰ্বি আংলং জিলাতো ভূমিৰ অধিকাৰ আনে কাঢ়ি নিয়া আৰু ভূমিৰ অধিকাৰ কাৰ্বি থলুৱা ৰাইজে লোকে পাব লাগে বুলি দাবী প্ৰতিবাদ সাব্যস্ত কৰিছিল। কিন্তু চৰকাৰে প্ৰতিবাদক গুৰুত্ব নিদিলে। গণতান্ত্ৰিক আন্দোলক মৰ্যাদা নিদিলে। ইয়াৰ পূৰ্বেও ভূমিৰ অধিকাৰ আৰু ভূমিৰ অধিগ্ৰহণক লৈ প্ৰতিবাদ হৈছিল। চৰকাৰে গুৰুত্ব দিয়া নাই। বিপৰীতে থলুৱা জনজাতীয় লোকৰ অধিকাৰৰ বিৰুদ্ধে গৈ বিষয়টোক লৈ সাম্প্ৰদায়িক অস্ত্ৰ হিচাপে লৈ চৰকাৰে কামকাজ কৰিছে। আৰু সেয়ে এই পৰিস্থিতিৰ উদ্ভৱ হৈছে৷ ইয়াৰ কাৰণে জগৰীয়া চৰকাৰ। কাৰ্বি আংলংখনক বিজেপি আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে বঞ্চনা কৰি আহিছে৷ তুলিৰাম ৰংহাঙক এটিএমৰ দৰে ব্যৱহাৰ কৰি আহিছে। কিন্তু তাৰ থলুৱা খিলঞ্জীয়া মানুহৰ অধিকাৰ সুৰক্ষিত কৰাটো দায়িত্ব হিচাপে গ্ৰহণ কৰা নাই। আমি আহ্বান জনাইছো- বিষয়টো গণতান্ত্ৰিকভাৱে সমাধান হ’ব লাগে। কোনো হিংসা উত্তেজনা আক্ৰমণ, প্ৰত্যাক্ৰমণে সমস্যাৰ সমাধান নকৰে। সকলোকে শান্তি-শৃংখলা বজাই ৰাখিবলৈ আহ্বান জনাইছোঁ৷ চৰকাৰে জনজাতীয় ৰাইজৰ আৱেগ আৰু দুখ বুজক। তাৎক্ষণিকভাৱে আমি খেৰণিৰ বিষয়টো সমাধান কৰিবলৈ চৰকাৰক দাবী জনাইছোঁ। গৃহ বিভাগৰ চোৰাংচোৱাৰ বাবে এই ঘটনা সংঘটিত হ’বলৈ পালে৷ এই দায়িত চৰকাৰে ল’বই লাগিব৷’’
