নুমলীগড়ত অসম সাহিত্য সভাৰ কাব্য কাকলি সম্পন্ন
“কবিসকল অন্তৰ্দৃষ্টিসম্পন্ন”: ড° বসন্তকুমাৰ গোস্বামী
কবিসকলৰ বাবে এখন মৰ্যাদা সম্পন্ন মঞ্চ হৈছে সাহিত্য সভাৰ কাব্যকাকলি : দেৱজিৎ বৰা
ৰঙিলী বাৰ্ত্তাসেৱা- “মন -বুদ্ধিৰ সংযোগৰে কেৱল কবিতা নহয়। কবিসকল অন্তৰ্দৃষ্টিসম্পন্ন হ’ব লাগিব।” অসম সাহিত্য সভাৰ উদ্যোগত, কবি সন্মিলন উপসমিতিৰ ব্যৱস্থাপনাত গোলাঘাট জিলা সাহিত্য সভাৰ সহযোগত নুমলীগড় শোধনাগাৰ শাখা সাহিত্য সভাৰ আতিথ্যত নুমলীগড় শোধনাগাৰ কুঞ্জকাননত আয়োজিত কাব্যকাকলি-৩ শীৰ্ষক অনুষ্ঠানত উদ্বোধক হিচাপে উপস্থিত থাকি অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীয়ে এইদৰে কয়। ইফালে উদ্বোধনী অনুষ্ঠানৰ উদ্দেশ্যৰ কথকতা প্ৰসংগত প্ৰধান সম্পাদক দেৱজিৎ বৰাই কয়—“ কবিসকলৰ এখন মৰ্যাদাসম্পন্ন মঞ্চ হৈছে সাহিত্য সভাৰ কাব্যকাকলি ৷ কবিসকলক মৰ্যাদা প্ৰদান কৰাৰ লক্ষ্য আগত ৰাখিয়েই কাব্য কাকলিৰ আয়োজন কৰা হৈছে।“ অনুষ্ঠানটি পুৱাৰ ভাগত পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰে নুমলীগড় শোধনাগাৰ শাখা সাহিত্য সভাৰ সভাপতি ড° কাজল শইকীয়াই। স্মৃতি তৰ্পণ কৰে শাখাটিৰ প্ৰাক্তন সভাপতি হেমন্ত কুমাৰ নাথে। ইয়াৰ পাছতেই অসম সাহিত্য সভাৰ সভাপতি-প্ৰধান সম্পাদক প্ৰমুখ্যে আমন্ত্ৰিত কবিসকলক গায়ন-বায়ন, পুষ্পবৰ্ষণ আৰু চন্দনৰ তিলক পিন্ধাই আদৰি আনে। শাখাৰ সদস্যাসকলে পৰিবেশন কৰা চিৰ চেনেহী মোৰ ভাষা জননী গীত আৰু পিনাক দাসৰ বৰগীতেৰে উদ্বোধনী হোৱা অনুষ্ঠানটিৰ আদৰণি ভাষণ প্ৰদান কৰে শাখাৰ সভাপতি ড° কাজল শইকীয়াই। ইয়াৰ পাছতেই কবি সন্মিলন উপসমিতিৰ কাৰ্যকৰী সভাপতি নীলিমা ঠাকুৰীয়া হকৰ সঞ্চালনাত অনুষ্ঠিত আমন্ত্ৰিত কবিৰ কবিতা পাঠৰ অনুষ্ঠানটিৰ আঁত ধৰে কবি সন্মিলন উপসমিতিৰ আহ্বায়ক নৱ ৰাজনে। কাব্য কাকলিত অংশগ্ৰহণ কৰা কবিসকল ক্ৰমে নীলিম কুমাৰ, ডাঃ প্ৰয়াগ শইকীয়া, প্ৰণৱ কুমাৰ বৰ্মন, পদ্মশ্ৰী ধনেশ্বৰ ইংতি, ডাঃ মাখন কলিতা, প্ৰদীপ শইকীয়া, হৰেণ গগৈ, অজিত গগৈ, ডাঃ প্ৰাঞ্জল জ্যোতি দত্ত, দিগন্ত শইকীয়া, কৌশিক কিশলয়, হৰেশ্বৰ নাৰ্জাৰী, কিশোৰ মনজিৎ বৰা, শ্যামন্ত পায়েং, বাৎসায়ন, দীপ হেষ্টিংছ বৰি, অন টেৰণ, ৰাজেশ কুমাৰ তাঁতী, প্ৰাঞ্জল কুমাৰ লাহন, মদাৰজ্যোতি, নীলম গগৈ, অংকুৰিতা ফুকন, মনোজ্ঞ প্ৰাণ বৰদলৈ, গাৰ্গী ভূঞা আৰু পলাশ লইং। কাব্যকাকলিত পঠিত কবিতাসমূহৰ এক সম্যক পৰ্যালোচনা আগবঢ়াই বিশিষ্ট সমালোচক অৰিন্দম বৰকটকীয়ে। উল্লেখ্য যে নৱ ৰাজনৰ সম্পাদনাত পঠিত কবিতাসমূহক সন্নিৱিষ্ট কৰি প্ৰকাশ কৰা কাব্যকাকলি-৩ শীৰ্ষক স্মাৰক গ্ৰন্থখনি উন্মোচন কৰে সভাপতি ড° বসন্ত কুমাৰ গোস্বামীয়ে। ইয়াৰ উপৰি নুমলীগড় শোধনাগাৰ শাখা সাহিত্য সভাৰ চাৰিমহীয়া বাৰ্তালোচনী দোকমোকালি উন্মোচন কৰে বিশিষ্ট কবি নীলিম কুমাৰ আৰু প্ৰণৱ কুমাৰ বৰ্মনে। লগতে কবি আৰু অতিথিসকলক একোখনকৈ জনগোষ্ঠীয় অংগবস্ত্ৰ, স্নেহপত্ৰ, গ্ৰন্থৰ টোপোলা, মেটেকাৰ বেগ আৰু গড়ৰ স্মাৰকৰে সম্বৰ্ধনা জনোৱা অনুষ্ঠানটিৰ আঁত ধৰে নুমলীগড় শোধনাগাৰ শাখা সাহিত্য সভাৰ সম্পাদক প্ৰণৱ জ্যোতি শইকীয়াই। বিশিষ্ট চিত্ৰশিল্পী তথা গীতিকাৰ আমিনুল হক আৰু মায়াশ্ৰী বৰাই অংশগ্ৰহণ কৰা সামৰণি অনুষ্ঠানটিত শাখাৰ আজীৱন সভ্যৰ লগতে শাখাই অনুষ্ঠিত কৰা বিভিন্ন অনুষ্ঠানৰ প্ৰশংসা পত্ৰ-বঁটা প্ৰদান কৰে। জাতীয় সংগীতেৰে সামৰণি পৰা কাব্যকাকলি অনুষ্ঠাটিত শলাগ জ্ঞাপন কৰে গোলাঘাট জিলা সাহিত্য সভাৰ সম্পাদক দুলাল দাসে। উল্লেখ্য যে সন্ধিয়া শাখাটিৰ উদ্যোগত পৰিবেশন কৰা পাখি মেলি উৰে মন শীৰ্ষক নাটখনিৰ শুভ উদ্বোধন কৰে অসম সাহিত্য সভাৰ উপ-সভাপতি পদুম ৰাজখোৱাই।
