অপমৃত্যু ( suicide)
মিতালি বৰঠাকুৰ ,মালিগাওঁ
অপমৃত্যুক আঁকোৱালি নল’বা
জীৱনটোৱেই এক প্ৰত্যাহ্বান
মাস্তুল হেৰুওৱা জাহাজৰ দৰে
আগুৱাই যায় জীৱন
পানীত মাথোঁ নিজৰ প্ৰতিবিম্বহে দেখা যায়
পাৰৰ কঁহুৱা , বিৰিণাইও কৈ যায়
জোনাকৰ দৰে জিলমিলাই থকাই
জীৱন নহয়
আঁউসীৰ আন্ধাৰকো আঁকোৱালি ল’বলৈ শিকা
দুখবোৰ কলিজাতে আসন পাতি বহুৱাই লোৱা
এইয়াই জীৱন
তথাপি অপমৃত্যুক আঁকোৱালি নল’বা ।
জন্ম হৈছা যদি মৃত্যুও অনিবাৰ্য্য
উপভোগ কৰিবলৈ সাজু থাকিবা
সমাগত হ’ব অপ্ৰত্যাশিত ভাৱে সেই ক্ষন
এৰি যাব লাগিব শেষ নিশ্বাস
যাৰ নাম মৃত্যু….
