গেৰুকামুখ প্ৰকল্পৰ দ্বিতীয় ইউনিট ভার্চুৱেলী উদ্বোধন কৰে কেন্দ্ৰীয় শক্তিমন্ত্ৰী মনোহৰ লালে
ৰঙিলী বাৰ্ত্তাসেৱা- কার্যক্ষম হ’ল নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ ২৫০ মেগাৱাটৰ দ্বিতীয় ইউনিট। নতুন দিল্লীৰ পৰাই কেন্দ্ৰীয় শক্তি মন্ত্রী মনোহৰ লালে মঙলবাৰে বিয়লি প্রায় ৩.৩০ বজাত ভার্চুৱেলী দ্বিতীয় ইউনিটটো বাণিজ্যিকীকৰণৰ বাবে উদ্বোধন কৰে। নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ দ্বিতীয় ইউনিটত ২৫০ মেগাৱাট শক্তি উৎপাদন কৰি বিদ্যুৎ উৎপাদন কৰি প্ৰথমে শোণিতপুৰ থকা পাৱাৰগ্ৰীডৰ মিটাৰলৈ প্ৰেৰণ কৰিব। গেৰুকামুখৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পটোৰ পাৱাৰ হাউছত ৮ টা টার্বাইন সংস্থাপনৰ কাম সম্পূর্ণ হ’লে ২০০০ হাজাৰ মেগাৱাট বিদ্যুৎ শক্তি উৎপাদন কৰা হ’ব। উল্লেখ্য যে, ২৩ বছৰৰ জল্পনা কল্পনাৰ অন্তত কমিচন হ’ব সোৱণশিৰিৰ বৃহৎ নদীবান্ধ। দুভাগনিশা হাতচাপৰি বজাই আবেগৰ আলিংগন NHPC ৰ বিষয়া কৰ্মচাৰীৰ ৷
